বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্ৰুত উন্নতিৰ লগে লগে চাইবাৰ অপৰাধো অধিক জটিল হৈ পৰিছে। এতিয়া প্ৰৱঞ্চকসকলে কেৱল বেংকৰ OTP বা লিংকৰ জৰিয়তে নহয়, বৰঞ্চ মানুহৰ মুখ আৰু মাতৰ নকল (Face-Voice Cloning) কৰি বিভিন্ন ধৰণৰ প্ৰতাৰণা চলাবলৈ আৰম্ভ কৰিছে। এই নতুন প্ৰকাৰৰ AI-ভিত্তিক চাইবাৰ অপৰাধক ‘ফেচ-ভইচ ক্ল’নিং স্কেম’ বুলি কোৱা হয়।
Face voice ক্ল’নিং স্কেম কি?
এই স্কেমত চাইবাৰ অপৰাধীয়ে কোনো ব্যক্তিৰ মুখ আৰু মাতৰ মাত্ৰ কেই ছেকেণ্ডমানৰ ৰেকৰ্ডিং সংগ্ৰহ কৰি AI-ৰ সহায়ত সেই ব্যক্তিৰ ডিজিটেল নকল (Clone) তৈয়াৰ কৰে। তাৰ পিছত সেই নকল ব্যৱহাৰ কৰি ভুৱা ফোনকল, ভিডিঅ’, পৰিচয় বা বিভিন্ন ধৰণৰ অনলাইন প্ৰতাৰণা সংঘটিত কৰে। এই কাৰণেই ইয়াক AI-ভিত্তিক বায়োমেট্ৰিক স্কেম বুলিও কোৱা হয়।
Face voice স্কেম কেনেকৈ সংঘটিত হয়?
সাধাৰণতে চাইবাৰ অপৰাধীয়ে জনসমাগম থকা ঠাই যেনে শ্বপিং মল, মেট্ৰ’ ষ্টেচন বা বজাৰত নিজৰ চিকাৰ লক্ষ্য বাছি লয়। তেওঁলোকে নিজকে প্ৰযুক্তিৰ বিষয়ে কম জ্ঞান থকা ব্যক্তি, বয়োজ্যেষ্ঠ বা অসহায় বুলি দেখুৱাই নিজৰ মোবাইলত সৰু সহায় বিচাৰে। উদাৰহৰণস্বৰূপে কোনো এজন ব্যক্তিয়ে নিজৰ মোবাইলটো আপোনালৈ আগবঢ়ায় ‘এই এপটো খুলি দিবনে?’, ‘ভিডিঅ’ কল কেনেকৈ কৰে?’, ‘QR Code স্কেন কৰি দিবনে?’ জাতীয় সহায় বিচাৰিব পাৰে। যেতিয়া আপুনি তেনে প্ৰৱঞ্চকক সহায় কৰিবলৈ তেওঁৰ মোবাইলটো হাতত ল’ব তেতিয়া তেওঁৰ মোবাইলৰ কেমেৰা আৰু মাইক ইতিমধ্যে ৰেকৰ্ডিং মোডত থাকে। আপুনি সহায় কৰিবলৈ ফোনটো হাতত লোৱাৰ লগে লগে আপোনাৰ মুখ আৰু মাত মাত্ৰ ৫–১৫ ছেকেণ্ডৰ ভিতৰতে ৰেকৰ্ড হৈ যায়। পিছত AI ব্যৱহাৰ কৰি সেই তথ্যৰ পৰা আপোনাৰ মুখ আৰু মাতৰ হুবহু নকল প্ৰস্তুত কৰা হয়।
ছ’চিয়েল মিডিয়াৰ ফটো-ভিডিঅ’ৰো অপব্যৱহাৰ হ’ব পাৰে নেকি?
হয়। যদি আপুনি Facebook, Instagram, YouTube আদি ছ’চিয়েল মিডিয়াত নিজৰ ফটো বা ভিডিঅ’ সাৰ্বজনীনভাৱে (Public Profile) আপলোড কৰে, তেন্তে চাইবাৰ অপৰাধীয়ে সেইবোৰ ডাউনলোড কৰি AI-ৰ সহায়ত আপোনাৰ মুখ আৰু মাতৰ নকল প্ৰস্তুত কৰিব পাৰে।

সেই নকল ব্যৱহাৰ কৰি ভুৱা কল, ভিডিঅ’ বা পৰিচয় সৃষ্টি কৰি আন লোকক ঠগিব পাৰে। এই ধৰণৰ স্কেমত বিশেষকৈ তলত উল্লেখ কৰা লোকসকলক অধিক লক্ষ্য হিচাপে নিৰ্বাচন কৰে-প্ৰযুক্তিৰ বিষয়ে কম সচেতন ব্যক্তি, ছ’চিয়েল মিডিয়াত অধিক ফটো-ভিডিঅ’ শ্বেয়াৰ কৰা লোক, Public Profile ব্যৱহাৰ কৰা ব্যক্তি, জনসমাগম থকা ঠাইত সহজে অচিনাকি লোকক সহায় কৰা ব্যক্তি আদি।
মাত্ৰ কেই ছেকেণ্ডৰ মাতৰ পৰা ক্ল’নিং সম্ভৱ নেকি?
আধুনিক AI প্ৰযুক্তিয়ে মাত্ৰ কেইছেকেণ্ডৰ মাতৰ নমুনাৰ পৰাই সেই ব্যক্তিৰ মাতৰ টোন, আৰু কোৱাৰ ধৰণ বিশ্লেষণ কৰি একেবাৰে একে ধৰণৰ কৃত্ৰিম মাত সৃষ্টি কৰিব পাৰে। এই ক্ল’নিঙৰ জৰিয়তে ফেচ-ভইচ ক্ল’নিং ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীয়ে আপোনাৰ নামত ভুৱা ফোনকল বা ভিডিঅ’ কল কৰিব পাৰে। পৰিয়াল বা বন্ধু-বান্ধৱীৰ পৰা টকা বিচাৰি প্ৰতাৰণা কৰিব পাৰে। ভুৱা পৰিচয় সৃষ্টি কৰি বেংক বা অনলাইন সেৱাত প্ৰৱেশৰ চেষ্টা কৰিব পাৰে। Deepfake ভিডিঅ’ বা অডিঅ’ তৈয়াৰ কৰি ব্লেকমেইল বা মানহানি কৰিব পাৰে। বিভিন্ন অনলাইন সেৱাত আপোনাৰ পৰিচয়ৰ অপব্যৱহাৰ কৰিব পাৰে।
এই স্কেমৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব?
সতর্কতাই হৈছে আটাইতকৈ ডাঙৰ সুৰক্ষা। অচিনাকি ব্যক্তিৰ মোবাইল ব্যৱহাৰ কৰাৰ আগতে সাৱধান হওক। জনসমাগম থকা ঠাইত যিকোনো ব্যক্তিক সহায় কৰাৰ সময়ত তেওঁৰ মোবাইলৰ কেমেৰাৰ দিশলৈ লক্ষ্য ৰাখক। ছ’চিয়েল মিডিয়াত ব্যক্তিগত ফটো আৰু ভিডিঅ’ সীমিতভাৱে শ্বেয়াৰ কৰক। নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ Privacy Settings শক্তিশালী কৰি ৰাখক। অচিনাকি ফোনকল বা ভিডিঅ’ৰ ওপৰত সহজে বিশ্বাস নকৰিব। টকা পঠিওৱাৰ আগতে সংশ্লিষ্ট ব্যক্তিৰ লগত আন এটা মাধ্যমত নিশ্চিতভাৱে যোগাযোগ কৰক(তেতিয়া আপোনাৰ আত্মীয় যাৰ মাত নকল কৰি আপোনাক ধন বিচাৰিব পাৰে তেওঁ এনে প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পৰিব) আৰু AI-ভিত্তিক Deepfake সম্পৰ্কে পৰিয়ালৰ সদস্যসকলকো সজাগ কৰক।
যদি এনে ধৰণৰ প্ৰতাৰণাৰ বলি হয়, তেন্তে কি কৰিব?
প্ৰথমে আতংকিত নহৈ তৎক্ষণাত ব্যৱস্থা লওক। লগে লগে ১৯৩০ নম্বৰত কল কৰি National Cyber Crime Helpline-ত অভিযোগ দিয়ক। cybercrime.gov.in-ত অনলাইন অভিযোগ দাখিল কৰক। প্ৰয়োজন হ’লে ওচৰৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰক। বেংক একাউণ্ট বা অনলাইন একাউণ্ট জড়িত থাকিলে তৎক্ষণাত পাছৱৰ্ড সলনি কৰক আৰু বেংকক অৱগত কৰক। AI-ভিত্তিক ‘ফেচ-ভইচ ক্ল’নিং’ স্কেম হৈছে বৰ্তমান সময়ৰ এক অত্যাধুনিক চাইবাৰ প্ৰতাৰণাৰ কৌশল। মাত্ৰ কেই ছেকেণ্ডৰ মুখ আৰু মাতৰ ৰেকৰ্ডিঙেই আপোনাৰ পৰিচয়ৰ অপব্যৱহাৰ হ’ব পাৰে। সেয়ে জনসমাগম থকা ঠাইত সাৱধানতা অৱলম্বন কৰা, ছ’চিয়েল মিডিয়াত ব্যক্তিগত তথ্য সীমিতভাৱে শ্বেয়াৰ কৰা আৰু সন্দেহজনক কল বা ভিডিঅ’ৰ সত্যতা নিশ্চিত কৰাই হৈছে এই ধৰণৰ চাইবাৰ অপৰাধৰ পৰা সুৰক্ষিত থকাৰ সৰ্বোত্তম উপায়।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















