চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ। ৰে’লৱে নিযুক্তি ব’ৰ্ডে কাৰিকৰী নিযুক্তি ২০২৬ৰ বাবে অধিসূচনা জাৰি কৰিছে। মুঠ ৬,৫৬৫টা পদৰ বাবে আবেদন আহ্বান কৰা হৈছে। অহা ৩০ জুনৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া। ২৯ জুলাইৰ নিশা ১১:৫৯ বজালৈকে আবেদন দাখিল কৰিব পাৰিব। অনলাইনযোগে আবেদন আহ্বান কৰা হৈছে। সামগ্ৰিকভাৱে ভাৰতীয় ৰে’লৱেই দশম শ্ৰেণীৰ অৰ্হতা আৰু আই আই টি প্ৰমাণপত্ৰ থকা প্ৰাৰ্থীৰ নিযুক্তিৰ অধিসূচনা ঘোষণা কৰিছে। মুঠ ৬৫৬৫টা পদৰ বাবে আবেদন দাখিল কৰিব পাৰিব।
RRB টেকনিচিয়ান নিযুক্তি ২০২৬ ৰ বিষয়ে জানো আহক। এই নিযুক্তিৰ বাবে কোনে কোনে কৰিব আবেদন আৰু কেনেকৈ পূৰণ কৰিব, জানক নিযুক্তি প্ৰক্ৰিয়া…
এই পদসমূহত নিযুক্তি
ৰে’লৱে নিযুক্তি ব’ৰ্ডে কাৰিকৰী নিযুক্তিৰ বাবে এক অধিসূচনা জাৰি কৰিছে। মুঠ ৬৫৬৫টা পদ পূৰণ কৰিব লাগিব। এই পদসমূহৰ ভিতৰত আছে টেকনিচিয়ান গ্ৰেড-I (চিগনেল) আৰু টেকনিচিয়ান গ্ৰেড-III। ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট rrbapply.gov.in ত গৈ ২৯ জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব।
দশম শ্ৰেণী উত্তীৰ্ণ আৰু প্ৰাসংগিক ব্যৱসায়ত আই টি আই প্ৰমাণপত্ৰ থকা প্ৰাৰ্থীয়ে আৰ আৰ বি টেকনিচিয়ান নিযুক্তি ২০২৬ৰ বাবে আবেদন কৰিব পাৰিব। আই টি আই প্ৰমাণপত্ৰৰ অনুপস্থিতিত এপ্ৰেণ্টিছশ্বিপৰ প্ৰমাণ পত্ৰ বৈধ হ’ব। টেকনিচিয়ান গ্ৰেড-I (চিগনেল) পদৰ বাবে প্ৰাসংগিক অভিযান্ত্ৰিক ক্ষেত্ৰৰ ডিগ্ৰী বা ডিপ্লমাৰো প্ৰয়োজন হ’ব পাৰে।
বয়সৰ সীমাৰ সন্দৰ্ভত ১৮ৰ পৰা ৩৩ বছৰৰ ভিতৰৰ প্ৰাৰ্থীয়ে টেকনিচিয়ান গ্ৰেড-১ (চিগনেল) পদৰ বাবে আবেদন কৰিব পাৰিব। ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰৰ প্ৰাৰ্থীয়ে টেকনিচিয়ান গ্ৰেড-III পদৰ বাবে আবেদন কৰিব পাৰিব। অনুসূচিত জাতি, অনুসূচিত জাতি, অ’বিচি, আৰু অন্যান্য সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে নিয়ম অনুসৰি বয়সৰ শিথিলতা লাভ কৰিব।
অনলাইনত কেনেকৈ আবেদন কৰিব?
- প্ৰথমে RRB rrbapply.gov.in ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
- ৱেবছাইটৰ হোম পেজ খোল খাব, তাত নতুন একাউণ্ট তৈয়াৰ কৰি প্ৰয়োজনীয় তথ্য পূৰণ কৰিব।
- নিজৰ নিজৰ CEN আৰু Railway Zone নিৰ্বাচন কৰক।
- আবেদন পত্ৰৰ বাবে লিংকত ক্লিক কৰক। ফৰ্মখন খোল খাব; সাৱধানে ভৰাই লওক।
- আবেদন পত্ৰৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰক।
- আবেদন মাচুল দি ফৰ্ম জমা দিব।
নিৰ্বাচন প্ৰক্ৰিয়া
আৰ আৰ বি টেকনিচিয়ান নিযুক্তি ২০২৬ৰ বাছনি প্ৰক্ৰিয়া তিনিটা পৰ্যায়ত সম্পূৰ্ণ হ’ব। সফল পৰীক্ষাৰ্থীক প্ৰথম পৰ্যায়ত কম্পিউটাৰ ভিত্তিক পৰীক্ষা (চিবিটি)ৰ বাবে মাতিব। সফল প্ৰাৰ্থীৰ নথি পৰীক্ষণ কৰা হ’ব, তাৰ পিছত চিকিৎসা পৰীক্ষা কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















