আজি ‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস’ উপলক্ষে স্বাস্থ্য বিশেষজ্ঞসকলে জনসাধাৰণক এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী দিছে। সামান্য সমস্যাতো নিজৰ মতে ঔষধ খোৱাৰ অভ্যাসে ভৱিষ্যতে শৰীৰৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে বুলি বিশেষজ্ঞসকলে স্পষ্টকৈ জনাইছে। আজিকালি ছ’চিয়েল মিডিয়াৰ যুগত যিকোনো অসুখৰ চিকিৎসা মানুহে ইণ্টাৰনেট বা চৌপাশৰ পৰামৰ্শ লৈ নিজেই কৰিবলৈ আৰম্ভ কৰিছে। মূৰ বিষ, গা বিষ, এচিডিটি, চৰ্দি-কাহ, জ্বৰ—এইবোৰ হ’লে বহুতে ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ পোনে পোনে ঔষধ সেৱন কৰে। সেই মুহূৰ্তত হয়তো তেনেকৈ ঔষধ গ্ৰহণ কৰিলে সাময়িক সকাহ পোৱা যায়, কিন্তু এই অভ্যাসেই লাহে লাহে ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
কি কয় স্বাস্থ্য বিশেষজ্ঞসকলে?
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, প্ৰতিটো ঔষধ এটা নিৰ্দিষ্ট ৰোগ বা সমস্যাৰ বাবে নিৰ্ধাৰণ কৰা হয়। সেইবাবে সমস্যাৰ মূল কাৰণ নাজানি বাৰে বাৰে ঔষধ খালে লক্ষণ সাময়িকভাৱে কমিব পাৰে, কিন্তু ভিতৰত থকা প্ৰকৃত ৰোগ ধৰা নপৰাৰ সম্ভাৱনা থাকে। ফলত পিছত সেই ৰোগে অধিক জটিল ৰূপ ল’ব পাৰে। ইয়াৰ উপৰিও, যদি কোনোবাই আগৰে পৰাই আন ৰোগৰ বাবে ঔষধ খাই আছে আৰু নিজৰ ইচ্ছা মতে নতুন ঔষধ আৰম্ভ কৰে, তেন্তে দুয়োটা ঔষধৰ মাজত পাৰস্পৰিক প্ৰতিক্ৰিয়া হ’ব পাৰে। ইয়াৰ ফলত কোনো ঔষধৰ প্ৰভাৱ কমি যাব পাৰে অথবা পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ আশংকা বহু গুণ বৃদ্ধি পাব পাৰে।
‘ছুপাৰবাগ’মানে কি?
বিশেষজ্ঞসকলে এই কথাও স্পষ্ট কৰিছে যে চিকিৎসকৰ ওচৰলৈ গ’লে কেৱল প্ৰেছক্ৰিপচনৰ ঔষধ নহয়, নিজৰ খোৱা সকলো ঔষধ, ভিটামিন, হাৰ্বেল বা আয়ুৰ্বেদিক সামগ্ৰীৰ কথাও অৱশ্যেই জনাব লাগে। ইয়াৰ ফলত ভুল চিকিৎসা বা অপ্ৰয়োজনীয় ঔষধৰ ব্যৱহাৰ এৰাই চলিব পৰা যায়।
আটাইতকৈ চিন্তাৰ বিষয় হৈছে এন্টিবায়টিকৰ অপব্যৱহাৰ। প্ৰয়োজন নোহোৱাকৈ বা সম্পূৰ্ণ কোৰ্চ শেষ নকৰাকৈ এন্টিবায়টিক সেৱন কৰিলে শৰীৰত এন্টিবায়টিক ৰেজিষ্টেন্স গঢ় লৈ উঠিব পাৰে। চিকিৎসা বিজ্ঞানত ইয়াক ‘ছুপাৰবাগ’ সমস্যাও বোলা হয়। এনে অৱস্থাত ভৱিষ্যতে সাধাৰণ সংক্ৰমণৰ চিকিৎসাও অতি কঠিন হৈ পৰিব পাৰে, কিয়নো বহু ঔষধে তেতিয়া কাম নকৰে।
স্বাস্থ্য বিশেষজ্ঞসকলে স্পষ্টকৈ দিয়া পৰামৰ্শ মতে সৰু-ডাঙৰ প্ৰতিটো সমস্যাত ঔষধ খোৱাটো অভ্যাসত পৰিণত নকৰিব। যদি কোনো সমস্যা বেছি তীব্ৰ হয়, বাৰে বাৰে ঘূৰি আহে বা বহুদিন ধৰি ভাল নোহোৱাকৈ থাকে, তেন্তে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই আটাইতকৈ বুদ্ধিমানৰ কাম। কাৰণ কেৱল লক্ষণ দমন কৰাতকৈ ৰোগৰ মূল কাৰণ চিনাক্ত কৰি সঠিক চিকিৎসা কৰাটোৱেই সুস্থ জীৱনৰ একমাত্ৰ সঠিক পথ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















