গ্ৰীষ্মকালত আমাৰ ছাল-চুলিৰ বিভিন্ন সমস্যাই দেখা দিয়ে। বিশেষকৈ চুলিত ৰ’দ, আৰ্দ্ৰতা আৰু ঘামৰ বাবে প্ৰভাৱ পৰে। এই বতৰত বহুতৰ অত্যধিক ঘাম ওলায়, যাৰ ফলত খজুৱতি, আঠাযুক্ত, দুৰ্গন্ধ, উফি, চুলি সৰা আদি সমস্যাৰ সৃষ্টি হয়। যদি এই সমস্যাসমূহ তৎকালীনভাৱে সমাধান নকৰিলে মূৰৰ ছালত বেক্টেৰিয়া আৰু ভেঁকুৰ হ’ব পাৰে, যাৰ ফলত চুলিৰ স্বাস্থ্যৰ অধিক ক্ষতি হ’ব পাৰে।
অৱশ্যে দামী চুলিৰ সামগ্ৰী ইয়াৰ সমাধান নহয়। চুলিৰ যত্নৰ সঠিক ৰুটিন, নিয়মিত মূৰৰ ছাল পৰিষ্কাৰ কৰা, সুষম খাদ্য, আৰু কেইটামান সহজ অভ্যাসে গ্ৰীষ্মকালতো চুলি সুস্থ আৰু মূৰৰ ছাল সতেজ কৰি ৰখাত সহায় কৰিব পাৰে। সঘনাই খজুৱতি, ৰঙা পৰা, বিষ হোৱা, বা অত্যধিক চুলি সৰা আদি সমস্যাবোৰকো আওকাণ নকৰাটো গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ চিকিৎসাজনিত কাৰণ থাকিব পাৰে।
যদি আপুনিও গ্ৰীষ্মকালত মূৰৰ ছালত ঘাম, খজুৱতি বা আঠাযুক্ত হোৱাৰ ফলত অসুবিধা পায়, তেন্তে গ্ৰীষ্মকালীন চুলিৰ যত্ন লোৱা এই ৫টা সহজ টিপছ আপোনাৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হ’ব পাৰে।
- নিয়মিতভাৱে মূৰৰ ছাল পৰিষ্কাৰ কৰক
- চুলিখিনি দীৰ্ঘ সময় তিতি থাকিব নিদিব
- ঘাম ওলোৱাৰ পিছত বা চুলি ধোৱাৰ পিছত চুলিখিনি ভালদৰে শুকুৱাই লওক।
- দীৰ্ঘসময় মূৰৰ ছাল তিতিলে ভেঁকুৰৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
- গৰমত হেয়াৰ ড্ৰাইয়াৰ ব্যৱহাৰ নকৰিব।
- জেল বা স্প্ৰে ব্যৱহাৰ কৰিলে দিনটোৰ শেষত মূৰৰ ছালখন নিশ্চয় পৰিষ্কাৰ কৰিব লাগে।
- প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু সুষম আহাৰ গ্ৰহণ কৰিব লাগে
- শৰীৰত পানীৰ অভাৱেও ছাল আৰু মূৰৰ ছালত প্ৰভাৱ পেলাব পাৰে।
- প্ৰচণ্ড ৰ’দৰ পোহৰত ওলাই যাওঁতে টুপী, স্কাৰ্ফ বা ছাতি ব্যৱহাৰ কৰিব লাগে।
- গাৰু আৰু ফনী নিয়মিতভাৱে পৰিষ্কাৰ কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















