ফুটবলক বিশ্বজুৰি অধিক জনপ্ৰিয় কৰি তোলা আৰু সময়ে সময়ে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ফিফা সদায়েই চৰ্চাত থাকে। বিশ্বকাপৰ জৰিয়তে ধন ঘটাৰ কোনো সম্ভাৱনাক এৰি দিব বিচৰা নাই ফিফাই। বিজ্ঞাপন, ব্ৰডকাষ্টিং ৰাইট, আকাশলংঘী টিকটৰ মূল্যৰ পিছত এইবাৰ ফিফাই ধন ঘটাৰ আন এক অভিনৱ পন্থা অৱলম্বন কৰাৰ কথা ঘোষণা কৰিছে। ফিফাৰ এই ধন ঘটাৰ অভিনৱ পদক্ষেপটোক লৈ বিশ্বজুৰি ফুটবলপ্ৰেমীক আচৰিত কৰি তুলিছে।
ফাইনেলৰ পিছতে FIFAই বিক্ৰী কৰিব ষ্টেডিয়ামৰ ঘাঁহ
এইবাৰ ফিফাই ঘোষণা কৰিছে যে ১৯ জুলাইত আমেৰিকাৰ নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফাইনেলৰ খেলপথাৰৰ ঘাঁহ সৰু সৰু টুকুৰাত সংৰক্ষণ কৰি বিক্ৰী কৰা হ’ব। যিসকল অনুৰাগীয়ে ফুটবল ইতিহাসৰ এই বিশেষ মুহূৰ্তৰ স্মৃতি নিজৰ ঘৰলৈ লৈ যাব বিচাৰে, তেওঁলোকক ইয়াৰ বাবে যথেষ্ট ধন ব্যয় কৰিব লাগিব।
‘Piece of the Pitch’ৰ বাবে লাখ লাখ টকা খৰচ
ফিফাৰ অফিচিয়েল ডিজিটেল ষ্ট’ৰত ‘Piece of the Pitch’ নামৰ এই বিশেষ স্মাৰক চাৰিটা পৃথক শ্ৰেণীত বিক্ৰীৰ বাবে উপলব্ধ কৰা হৈছে। প্ৰতিটো শ্ৰেণীত সৰ্বাধিক ২,০২৬ টা টুকুৰাহে বিক্ৰী কৰা হ’ব। ইয়াৰ মূল্য ক্ৰমে ৪৫০ ডলাৰ, ৯০০ ডলাৰ, ১,২০০ ডলাৰ আৰু প্ৰিমিয়াম সংস্কৰণৰ বাবে ৩,০০০ ডলাৰ নিৰ্ধাৰণ কৰা হৈছে। ভাৰতীয় মুদ্ৰাত ইয়াৰ আৰম্ভণিৰ মূল্য প্ৰায় ৪৩ হাজাৰ টকা, আনহাতে আটাইতকৈ প্ৰিমিয়াম সংস্কৰণৰ মূল্য প্ৰায় ৩ লাখ টকাৰ ওচৰ। আৰম্ভণিৰ সংস্কৰণত ফাইনেল খেলত ব্যৱহাৰ কৰা প্ৰকৃত ঘাঁহৰ এটা সৰু টুকুৰা প্ৰিমিয়াম এক্ৰিলিক ফ্ৰেমত সংৰক্ষণ কৰি দিয়া হ’ব। ইয়াৰ সৈতে এটা ডিজিটেল USB কিপছেক (Keepsake) আৰু এটা প্ৰিমিয়াম উপহাৰ বাকচো প্ৰদান কৰা হ’ব। আনহাতে, প্ৰিমিয়াম সংস্কৰণত ৩×৩ ইঞ্চি আকাৰৰ ঘাঁহৰ টুকুৰাৰ লগতে সোণৰ নক্সাৰে সজোৱা ফাইনেল টিকটৰ প্ৰতিলিপি, বিশ্বকাপ ফুটবলৰ এটা সৰু প্ৰতিলিপি আৰু ক্ৰিষ্টেল-কাট বিশ্বকাপ ট্ৰফীৰ প্ৰতিলিপিও অন্তৰ্ভুক্ত থাকিব।
কোনে কিনিব পাৰিব এই ঘাঁহ?
উল্লেখযোগ্য যে বিশ্বকাপ ফাইনেল এতিয়াও অনুষ্ঠিত হোৱা নাই। সেয়েহে খেল শেষ হোৱাৰ পিছতহে খেলপথাৰৰ ঘাঁহ কাটি এই বিশেষ স্মাৰক সামগ্ৰী প্ৰস্তুত কৰা হ’ব। ফলস্বৰূপে, ক্ৰেতাসকলে ফাইনেলৰ পিছতহে ইয়াৰ ডেলিভাৰী লাভ কৰিব। ইয়াৰ উপৰিও, নিৰাপত্তা আৰু লজিষ্টিক্সজনিত কাৰণত ফিফাই স্পষ্ট কৰি দিছে যে এই বিশেষ স্মাৰক কেৱল আমেৰিকা আৰু ইউৰোপৰ ঠিকনালৈহে ডেলিভাৰী কৰা হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














