এইবাৰ বলিউডৰ মিষ্টাৰ পাৰ্ফেকনিষ্ট আমীৰ খানলৈ আহিছে হ*ত্যাৰ ভাবুকি। ছ’চিয়েল মিডিয়া প’ষ্ট আৰু এটা অডিঅ’ ক্লিপৰ জৰিয়তে আমীৰ খানক হ*ত্যাৰ ভাবুকি দিয়া হৈছে। এই ভাবুকি লৰেঞ্চ বিষ্ণইৰ ভাতৃ আৰ্জু বিষ্ণই আৰু টায়চন বিষ্ণইৰ নামত প্ৰচাৰ কৰা হৈছে বুলি দাবী কৰা হৈছে। অৱশ্যে, এই প’ষ্ট আৰু অডিঅ’ ক্লিপৰ সত্যতা এই পৰ্যন্ত সম্পূৰ্ণৰূপে নিশ্চিত হোৱা নাই। ছলমান খানকো হ*ত্যাৰ ভাবুকি দিয়া বিষ্ণই গেঙে আমীৰ খানৰ বিৰুদ্ধে তথাকথিত ‘লাভ জিহাদ’ক উৎসাহিত কৰাৰ অভিযোগ উত্থাপন কৰি দিছে এই ভাবুকি।
‘সনাতন ধৰ্মৰ বিৰুদ্ধে কাম সহ্য কৰা নহ’ব’-বিষ্ণই গেঙৰ ভাবুকি
ছচিয়েল মিডিয়াত প্ৰচাৰিত প’ষ্টটোত আপত্তিজনক আৰু বিদ্বেষমূলক ভাষা ব্যৱহাৰ কৰি কোৱা হৈছে যে-এনে কাৰ্য কোনো পৰিস্থিতিত সহ্য কৰা নহ’ব আৰু তৎক্ষণাত প্ৰতিক্ৰিয়া দিয়া হ’ব। লগতে স্পষ্টভাৱে ভাবুকি দি কোৱা হৈছে যে-যিকোনো ব্যক্তিয়ে নিজৰ তাৰকাখ্যাতি ব্যৱহাৰ কৰি এনে কথিত কাৰ্যক উৎসাহিত কৰিলে, তেওঁৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ ব্যৱস্থা লোৱা হ’ব। প’ষ্টটোত এইটোও অভিযোগ কৰা হৈছে যে আমীৰ খানে সনাতন ধৰ্ম আৰু সংস্কৃতিৰ বিৰুদ্ধে কাৰ্যকলাপক সমৰ্থন কৰি আছে, যিটো সহ্য কৰা নহ’ব। এই ভাবুকিৰ পিছতে আৰক্ষীয়ে এই সন্দৰ্ভত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব
অভিযোগৰ প্ৰত্যুত্তৰ আমীৰ খানৰ
আমীৰ খানৰ তৃতীয় বিৱাহৰ পিছতে দ্ৰুতগতিত বিতৰ্ক বৃদ্ধি পোৱাৰ পিছত আমীৰ খানে স্পষ্ট কৰি কৈছিল যে গৌৰী স্প্ৰেট হিন্দু নহয়, তেওঁ এগৰাকী খ্ৰীষ্টান। এক সাক্ষাৎকাৰত আমীৰে কৈছিল— “গৌৰী, কিৰণ বা ৰীণাৰ কোনোৱেই নিজৰ ধৰ্ম সলনি কৰা নাই, কিয়নো আমাৰ সকলো বিৱাহ চিভিল মেৰেজৰ জৰিয়তে হৈছিল। গৌৰী হিন্দু নহয়, তেওঁ খ্ৰীষ্টান, আৰু তেৱোঁ বিশেষভাৱে ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন নকৰে। আচলতে আমাৰ পৰিয়াল সকলো ধৰ্মক সন্মান জনোৱা পৰিয়াল। মোৰ দুগৰাকী ভনীৰ বিয়া হিন্দু লোকৰ সৈতে হৈছে। মোৰ
কন্যাৰো বিয়া এজন হিন্দুৰ সৈতে হৈছে।”
শ্ৰীগংগানগৰৰ ধ*ৰ্ষণকাণ্ড সন্দৰ্ভতো হিং*সাত্মক সতৰ্কবাণী
আমীৰ খানলৈ দিয়া ভাবুকিৰ উপৰিও, প’ষ্টটোত ৰাজস্থানৰ শ্ৰীগংগানগৰত শেহতীয়াকৈ এগৰাকী নাবালিকা কন্যাৰ ওপৰত সংঘটিত ধ*ৰ্ষণৰ ঘটনাৰো উল্লেখ কৰা হৈছে। গেংটোৱে এই ঘটনাত স্থানীয় প্ৰশাসনৰ ভূমিকাক প্ৰশংসা কৰাৰ লগতে, অভিযুক্তসকলক ৰক্ষা কৰাৰ অভিযোগ উত্থাপন কৰি কিছুমান ৰাজনৈতিক নেতাকো কঠোৰ আৰু হিং*সাত্মক সতৰ্কবাণী দিছে। তেওঁলোকৰ দাবী, যদি এনে হস্তক্ষেপ বন্ধ নকৰে, তেন্তে সেই নেতাসকলেও একেই কঠোৰ পৰিণতি ভুগিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















