বিগত নিশাৰ ভাগত মেদান্তা হাস্পতালত ছোনম ৱাংচুকে উপবাস ভংগ কৰে। দুই কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সাক্ষাতৰ পিছতে ছোনম ৱাংচুকে অনশন ভংগ কৰাৰ সিদ্ধান্ত লয়। ইফালে ৱাংচুকে অনশন ভংগ কৰাৰ পিছতে ককৰোচ পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে তেওঁৰ এক্স-হেণ্ডেলত এক নতুন বাৰ্তা প্ৰকাশ কৰিছে। বাৰ্তাটোত ছোনম ৱাংচুকৰ অনশন ভংগ সন্দৰ্ভত তেওঁ উল্লেখযোগ্য মন্তব্য কৰাৰ লগতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ভৱিষ্যতে প্ৰতিবাদৰ পৰিকল্পনাও ঘোষণা কৰে।
অভিজিত দীপকেৰ কি বাৰ্তা?
বিগত নিশা নিজৰ X হেণ্ডেলত পোষ্ট কৰি অভিজিত দীপকে কয়, “আমি গভীৰ সকাহ আৰু কৃতজ্ঞ যে ছোনম ছাৰে ২৬ দিনৰ অন্তত অনশন ভংগ কৰিলে। ছাৰ, আপোনাৰ অসাধাৰণ সাহস আৰু ত্যাগৰ বাবে ধন্যবাদ। আপোনাৰ জীৱন বিপন্ন কৰি আপুনি এটা সমগ্ৰ জাতিৰ বিবেকক জাগ্ৰত কৰিলে। আপোনাৰ জীৱন এই দেশৰ বাবে অমূল্য।” লগতে অভিজিত দীপকে আৰু কয় যে-ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিৰ শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত থাকিব। কেৱল দিল্লীতেই নহয় আজি ২৪ জুলাইত ককৰোচ জনতা পাৰ্টিয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে।
গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ যিমানেই তীব্ৰতৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাও সিমানেই কটকটীয়া কৰা হৈছে। দেশৰ বিভিন্ন সাম্ভাৱ্য স্থানত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। অৱশ্যে দেশৰ সকলো ছাত্ৰ-ছাত্ৰীক আন্দোলনত অংশগ্ৰহণৰ আহ্বান জনোৱাৰ সমান্তৰালভাৱে আন্দোলন সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে কৰাৰো আহ্বান জনাই অভিজত দীপকেই। কিয়নো বিগত ২০ জুলাইত দিল্লীত কৰা আন্দোলনত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছিল। এই আন্দোলনত অসংখ্য দুষ্কৃতিকাৰীয়ে যোগদান কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰো অভিযোগ বিভিন্ন মহলে উত্থাপন কৰিছিল। আন একাংশই নিৰীহ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ অভিযোগত আৰক্ষীক তীব্ৰ সমালোচনা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















