মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ সীমান্তত অৱস্থিত চিত্ৰকূটৰ দেৱংগনাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। ৰাজস্থানৰ কোটাত NEET কোচিং লৈ থকা মধ্যপ্ৰদেশৰ সাতনাৰ এগৰাকী ২০ বছৰীয়া ছাত্ৰীক ৩ দুৰ্বৃত্তই দলবদ্ধ ধ*ৰ্ষণ কৰে। ভুক্তভোগী ছাত্ৰীগৰাকীৰ এজন বন্ধুৱে দুৰ্বৃত্তৰ দলটোক বাধা দিবলৈ যাওতে বেল্টেৰে প্ৰহাৰ কৰি হাত-ভৰি বান্ধি পথৰ দাঁতিৰ জংঘলত অচেতন অৱস্থাত পেলাই দিয়ে।
কোচিঙৰ ছুটীৰ বাবে সতনাৰ ঘৰলৈ আহিছিল ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীয়ে বুধবাৰে বিয়লি বন্ধুজনৰ সৈতে দেৱংগনা উপত্যকাৰ পাহাৰত ফুৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় উক্ত ঘটনা। মটৰ চাইকেলেৰে অহা ৩ দুৰ্বৃত্তই প্ৰথমে যুৱতীগৰাকীৰ বন্ধুক হাত ভৰি বান্ধি, বেল্টেৰে প্ৰহাৰ কৰি অচেতন কৰি জংঘলত পেলাই দিয়ে আৰু ইয়াৰ পিছতে নিৰ্লজ্জ ঘটনাটো সংঘটিত কৰে। ঘটনা সংঘটিত কৰিয়েই ৩ পাষণ্ডই পলায়ন কৰে।
ঘটনাৰ পিছত ৩ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা যুৱকজনে কোনোমতে নিজকে মুক্ত কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভুক্তভোগী যুৱতীগৰাকীক চিকিৎসালয়লৈ লৈ যায়। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। অঞ্চলটোৰ সকলো CCTV ফুটেজ পৰীক্ষা কৰা হৈছে। ইতিমধ্যে CCTVত ৩ পাষণ্ডৰ সন্দেহজনক গতিবিধি ধৰা পৰিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।
গোচৰৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি চিত্ৰকূট আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে। চিত্ৰকূটৰ আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিঙে উল্লেখ কৰে যে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ গঠন কৰা হৈছে দুটা বিশেষ দল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন সন্দেহযুক্ত লোকক আটক কৰি জেৰা আৰম্ভ কৰিছে। আৰক্ষীয়ে দাবী কৰিছে যে বাকী অভিযুক্তসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















