• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

3 weeks ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

29 minutes ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

56 minutes ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

2 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

2 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

3 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

4 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

5 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

5 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

6 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

6 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

7 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও নড্ডা-জীতেন্দ্ৰ সিঙৰ বৈঠক

editor by editor
July 24, 2026
in ভাৰত, ৰাজনীতি, লেখা
0
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?
0
SHARES
812
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NEET পেপাৰ লীক কেলেংকাৰীৰ পিছতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত আছে। ইয়াৰ সমৰ্থনত ছোনম ৱাংচুকে যন্তৰ মন্তৰত অনশন আৰম্ভ কৰে। অনশনৰ ফলত তেওঁৰ স্বাস্থ্যৰ দ্ৰুতভাৱে অৱনতি ঘটে যাৰ বাবে তেওঁক মেদান্ত হাস্পতাললৈ স্থানান্তৰ কৰা হয়। অৱশ্যে এই সময়ছোৱাত চৰকাৰৰ তৰফৰ পৰা তেওঁৰ অনশনৰ অন্ত পেলাবলৈ অক্লান্তভাৱে চেষ্টা চলোৱা দেখা যায়। আন্দোলনৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা আৰু ছোনম ৱাংচুকৰ অনশন প্ৰত্যাহাৰৰ বাবে কেইবাটাও ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হয়। অৱশেষত এই অহৰহ প্ৰচেষ্টাৰ ফল লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰে আৰু যাৰ ফলত ছোনম ৱাংচুকে আনুষ্ঠানিকভাৱে অনশন ভংগ কৰে। উল্লেখ্য যে ছোনম ৱাংচুকে ২৮ জুনৰ পৰা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰিছিল

ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনাৰ বাবে ৪টা প্ৰস্তাৱঃ জীতেন্দ্ৰ সিং

কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে সন্ধিয়া উল্লেখ কৰে যে বিগত দুদিনত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকললৈ মোদী চৰকাৰে আলোচনাৰ বাবে চাৰিটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাজনক সময়ত আলোচনা কৰিবলৈ ইচ্ছুক আৰু তেওঁলোকৰ চৰ্তসমূহৰ বিষয়েও আলোচনা কৰিবলৈ সাজু। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অত্যন্ত গুৰুত্বসহকাৰে লৈছে।

লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি আহি আলোচনাত বহিবলৈ আহ্বান জনাই কয় যে আলোচনাৰ জৰিয়তেহে ইয়াৰ সমাধান পোৱা যায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাইও ছাত্ৰ-ছাত্ৰীৰ সৈতে জড়িত হোৱাৰ প্ৰচেষ্টা চলি থকা বুলি উল্লেখ কৰে। নড্ডাই লগতে কয় যে-ঘৰতে হওক বা মন্ত্ৰালয়তেই হওক ছাত্ৰ-ছাত্ৰীৰ পছন্দৰ যিকোনো স্থানত আলোচনা কৰিবলৈ চৰকাৰ সাজু।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও নড্ডা-জীতেন্দ্ৰ সিঙৰ বৈঠক

দেশৰ ৰাজনৈতিক বিশ্লেষকসকলে মত পোষণ কৰিছে যে বুধবাৰলৈ ৱাংচুকে অনশনৰ অন্ত পেলোৱাৰ কোনো সম্ভাৱনা নাছিল। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, জে পি নাড্ডা, জীতেন্দ্ৰ সিঙৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি প্ৰায় ৪ ঘণ্টা ধৰি চলা এই বৈঠকত ছোনম ৱাংচুকৰ দাবীক চৰকাৰে ইতিবাচকভাৱে বিবেচনা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল লগতে তেওঁৰ স্বাস্থ্যকো অগ্ৰাধিকাৰ দিয়া হৈছিল।

বৈঠকৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত জীতেন্দ্ৰ সিঙে ৱাংচুকৰ পত্নী গীতাঞ্জলিক ফোন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গীতাঞ্জলিক আশ্বাস দিয়ে যে গীতাঞ্জলিয়ে উত্থাপন কৰা বিষয়সমূহ গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছে আৰু ৱাংচুকক অনশন বন্ধ কৰিবলৈ আহ্বান জনোৱা উচিত। প্ৰশ্নকাকত ফাদিলৰ গোচৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দি প্ৰধানমন্ত্ৰী মোদীয়ে এটা ভিডিঅ’ও পোষ্ট কৰে আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যৎ বিপন্ন কৰাসকলক কঠোৰ শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

২ কেন্দ্ৰীয় মন্ত্ৰীৰ ৱাংচুকক সাক্ষাৎ

ইয়াৰ পূৰ্বে ৱাংচুকক যেতিয়া মেদান্ত হাস্পতাললৈ স্থানান্তৰিত কৰা হৈছিল, তেতিয়া জীতেন্দ্ৰ সিং আৰু জে পি নাড্ডাই তেওঁৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ চিকিৎসালয়ত উপস্থিত হৈছিল। ইয়াৰ পূৰ্বে মঙলবাৰে এন ডি এৰ সংসদীয় দলৰ মংগল মিলনৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়েও দোষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ অশ্বাস দিছিল। NEET প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ নষ্ট হ’বলৈ নিদিয়ে।

ফাষ্ট ট্ৰেক আদালত গঠন

ইফালে, ৱাংচুক আৰু প্ৰতিবাদকাৰীৰ মাজত আস্থা বজাই ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে কালি উচ্চ শিক্ষা বিভাগৰ সম্পাদক বিনীত যোশীক পদৰ পৰা অপসাৰণ কৰে। যোশীক পঞ্চায়তীৰাজ মন্ত্ৰালয়লৈ বদলি কৰা হয়। তেওঁৰ সলনি নৰেশ গংগৱাৰক নিযুক্তি দিয়া হয়। তদুপৰি প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ নিষ্পত্তিৰ ক্ষীপ্ৰতাৰে ফাষ্ট ট্ৰেক কোৰ্ট গঠনৰ কথা ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে ৰাউছ এভিনিউ ক’ৰ্ট কমপ্লেক্সত বিশেষ ফাষ্ট ট্ৰেক কোৰ্ট স্থাপনৰ অধিসূচনা জাৰি কৰে। এই আদালতে ৰাজহুৱা পৰীক্ষা (অন্যায্য উপায় প্ৰতিৰোধ) আইনৰ অধীনত দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ে ন্যায়াধীশ অনু গ্ৰ’ভাৰ বালিগাৰ আদালতক বিশেষভাৱে নিৰ্ধাৰিত ফাষ্ট ট্ৰেক আদালত হিচাপে নিযুক্তি দিয়ে। ইয়াৰ উপৰিও সদনত প্ৰশ্নকাকত ফাদিল বিষয়টোক উত্থাপন কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি দুই কেন্দ্ৰীয় মন্ত্ৰীৰ মধ্যস্থতাৰে দিয়া বিভিন্ন প্ৰতিশ্ৰুতিৰ ফলতেই ছোনম ৱাংচুকে অৱশেষত অনশন ভংগ কৰিবলৈ মান্তি হোৱা বুলি দেশৰ ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে। অৱশ্যে এই অন্দোলনে পৰৱৰ্তী সময়ত কোন দিশে গতি কৰে সেয়া সময়তহে অধিক স্পষ্ট হব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amit-shahasom live24cjp protestmodisonam wangchuk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন
জীৱনশৈলী

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

August 13, 2026
Next Post
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ'ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.