চীনত পুনৰ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত জুনত দেশখনত নতুনকৈ ৭৯ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হৈছে। বিগত কেইটামান সপ্তাহত কৰ’না ভাইৰাছে ২০২৬ত প্ৰথমবাৰৰ বাবে সৰ্বাধিক এনেদৰে দ্ৰুতগতিত বিয়পি পৰিছে কৰ’না ভাইৰাছ। কিন্তু চীনৰ বিষয়াসকলে কয় যে অধিকাংশ আক্ৰান্ত ৰোগীৰ লক্ষণ সামান্য আৰু বৰ্তমানৰ সংক্ৰমণৰ ঢৌ বিগত বছৰৰ তুলনাত যথেষ্ট কম।
চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ তথ্য অনুসৰি ১৩ জুলাইৰ পৰা ১৯ জুলাইৰ ভিতৰত ক’ভিড-১৯ পৰীক্ষাৰ পজিটিভিটিৰ হাৰ আছিল ১৬.৩%। যি পৰিমান পূৰ্বৰ সপ্তাহতকৈ ৪.৩ শতাংশ বেছি। ইফালে, একে সময়ছোৱাত ইয়াৰ পজিটিভিটিৰ হাৰ ১২.৬%, যিটো পূৰ্বৰ সপ্তাহৰ তুলনাত হ্ৰাস পাইছে। ২০২৬ চনৰ জুন মাহত চীনত নতুনকৈ প্ৰায় ৭৯ হাজাৰ ক’ভিডৰ ৰোগী ধৰা পৰে, ইয়াৰে ১৩০ গৰাকী ৰোগীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
চীনা চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ মতে, বৰ্তমান চীনত সংক্ৰমণ হৈ আছে অমাইক্ৰন এনবি.১.৮.১ ভেৰিয়েণ্ট নামৰ ভাইৰাছটো। ইয়াৰ সংক্ৰমণ ক্ষমতা মধ্যমীয়া। বৰ্তমান জনস্বাস্থ্যৰ বাবে অধিক বিপদৰ সৃষ্টি কৰা আন কোনো ভিন্নতা চিনাক্ত কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। চীনত কভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষজ্ঞসকলে কয় যে আতংকিত হোৱাৰ প্ৰয়োজন নাই। বেছিভাগ ৰোগীৰে জ্বৰ আৰু ডিঙিৰ বিষ আদি মৃদু লক্ষণ দেখা দিয়ে। আক্ৰান্ত ৰোগী ৫ৰ পৰা ৭ দিনৰ ভিতৰত সুস্থ হৈ উঠিছে। গুৰুতৰ ৰোগী আৰু মৃ*ত্যুৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা নাই। ২০২৫ চনৰ ঢৌতকৈ বৰ্তমানৰ সংক্ৰমণৰ হাৰ দুৰ্বল।
অৱশ্যে চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনে বৃদ্ধ, গৰ্ভৱতী মহিলা, সৰু ল’ৰা-ছোৱালী, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু গুৰুতৰ ৰোগত আক্ৰান্তসকলক ক’ভিড সংক্ৰমণৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে। ৰাজহুৱা স্থান আৰু চিকিৎসালয়ত মাস্ক ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। প্ৰয়োজন হ’লে ভেকচিনৰ বুষ্টাৰ ড’জ গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে।
চীনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে ভাৰতৰ পৰিস্থিতি সুস্থিৰ হৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা অতি কম হৈয়ে আছে। যদিও যোৱা কিছুদিনত অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আৰু কিছুমান ৰাজ্যত ক’ৰোনা আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে, তথাপিও আক্ৰান্তসকলৰ অধিকাংশৰ লক্ষণ সামান্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















