• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

1 day ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

41 minutes ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

1 hour ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

2 hours ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

3 hours ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

3 hours ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

4 hours ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

5 hours ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

6 hours ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

7 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

8 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

8 hours ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কিয় কঠোৰ সমালোচনা মিশ্ৰৰ?

editor by editor
July 31, 2026
in অসম, বিবিধ, ভাৰত, লেখা
0
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মনৰ বেদনা প্ৰকাশ কৰিছে আনন্দ মিশ্ৰই। বিহাৰৰ বাক্সাৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই বন্যাৰ্তলৈ ইতিমধ্যেই আগবঢ়াইছে ২ লাখ টকাৰ আৰ্থিক সাহায্য। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰি তেওঁ কয়- মই নিজৰ এটা মাহৰ সম্পূৰ্ণ দৰমহা, অৰ্থাৎ ২ লাখ টকা, অসমৰ বানপীড়িত ৰাইজৰ বাবে আগবঢ়ালো।

আনন্দ মিশ্ৰই লগতে কয় যে অসমৰ সৈতে তেওঁৰ সম্পৰ্ক কেৱল পেছাগত নহয়, অসম তেওঁৰ বাবে আৱেগৰ বিষয়। IPS হিচাপে অসমত কৰ্মৰত হৈ থকাৰ সময়ত ৰাজ্যখনৰ মানুহৰ মৰম, স্নেহ আৰু সহযোগিতা লাভ কৰিছিল। সেই স্মৃতিকে সুঁৱৰি তেওঁ কয় যে-অসমৰ কঠিন সময়ত কাষত থিয় হোৱাটো তেওঁৰ নৈতিক দায়িত্ব আছিল। তেওঁ কয়, “অসম মোৰ দ্বিতীয় ঘৰ। বানৰ এই দুৰ্যোগত বহু পৰিয়ালে নিজৰ ঘৰ-বাৰী, জীৱিকা আৰু সপোন হেৰুৱাইছে।” আনন্দ মিশ্ৰই লগতে কয় যে- ‘এতিয়া ৰাজনীতিৰে জড়িত হৈ পৰিছো, তালৈ বন্যাৰ্তৰ বাবে কাম কৰিবলৈ গলে একাংশই ৰাজনীতি কৰিবলৈ যোৱা বুলি সমালোচনা কৰিব, যাৰ বাবে ইচ্ছা কৰিও যাব পৰা নাই’

আনন্দ মিশ্ৰই নিজৰ এমাহৰ দৰমহা অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰি আন সকলো সামৰ্থ্যবান ব্যক্তি, জনপ্ৰতিনিধি, উদ্যোগপতি আৰু সমাজসেৱককো আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ সামাজিক মাধ্যমযোগে কয় যে, “এই সৰু অৱদানৰ জৰিয়তে যদি কোনো এটা পৰিয়ালৰ কষ্ট অলপো লাঘৱ হয়, তেন্তে সেইয়াই মোৰ বাবে ডাঙৰ প্ৰাপ্তি।” আনন্দ মিশ্ৰই লগতে অসমবাসীক সাহস নেহেৰুৱাবলৈ আহ্বান জনায়। তেওঁ বিশ্বাস প্ৰকাশ কৰে যে, ৰাজ্য চৰকাৰ, প্ৰশাসন, স্বেচ্ছাসেৱী সংগঠন আৰু সাধাৰণ জনতাৰ সমূহীয়া প্ৰচেষ্টাৰে অসমৰ এই সংকট অতিক্ৰম কৰা সম্ভৱ। উল্লেখযোগ্য যে, আনন্দ মিশ্ৰই IPS বিষয়া হিচাপে অসমৰ বিভিন্ন জিলাত দায়িত্ব পালন কৰি জনসাধাৰণৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। চাকৰি এৰি ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছতো অসমৰ সৈতে তেওঁৰ আত্মীয়তা অটুট আছে।

অসমৰ বানৰ বাতৰি সঠিকভাৱে সম্প্ৰচাৰ নকৰাৰ বাবে ৰাষ্ট্ৰীয় সংবাদমাধ্যমসমূহকো তীব্ৰ সমালোচনা কৰে আনন্দ মিশ্ৰই। তেওঁ কয় যে- অসমৰ বানৰ বাতৰি যেনেকৈ সম্প্ৰচাৰ কৰিব লাগিছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সেই দৰে সম্প্ৰচাৰ কৰা নাই, যাৰবাবে বানৰ খবৰ তেওঁৱো বহু দেৰিকৈহে লাভ কৰিছে, যাৰ বাবে তেওঁ দুঃখিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: anand mishraasom live24assam flood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!
জীৱনশৈলী

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

August 1, 2026
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন
বিনোদন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

August 1, 2026
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?
বাণিজ্য

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
Next Post
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.