• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

1 hour ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

18 seconds ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

50 minutes ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

2 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

3 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

3 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

6 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

6 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

7 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

8 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

8 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

9 hours ago
স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

editor by editor
August 4, 2026
in খাদ্য, জীৱনশৈলী, বাণিজ্য, বিবিধ, লেখা
0
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত
0
SHARES
7
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাবৰৰ কেইবাটাও খাদ্য সামগ্ৰীৰ বিক্ৰী আৰু প্ৰচাৰত বাধা আৰোপ কৰিছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান নিয়ন্ত্ৰণ প্ৰাধিকৰণে (FSSAI)। এই তালিকাত কোম্পানীটোৰ মধু (Honey), ঘিউ (Cow Ghee) আদি সামগ্ৰীও অন্তৰ্ভুক্ত আছে। এই সামগ্ৰীসমূহত ডাবৰে “100% Pure”, “100% Natural”, “100% Purity Guaranteed” আদি দাবীৰে বজাৰত বিক্ৰী কৰা হৈছিল। FSSAI-এ এই দাবীসমূহক গ্ৰাহকক বিভ্ৰান্ত কৰা বুলি উল্লেখ কৰি ডাবৰক ১৫ দিনৰ ভিতৰত ইয়াৰ ওপৰত ব্যাখ্যা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

FSSAIৰ তদন্তত কি পোহৰলৈ আহিল?

FSSAIৰ তদন্তত প্ৰকাশ পাইছে যে ডাবৰৰ ৱেবছাইটত বিক্ৰী কৰা কেইবাটাও খাদ্য সামগ্ৰীৰ লেবেলত বিভ্ৰান্তিকৰ দাবী ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত “100% Natural”, “100% Pure”, “100% Purity Guaranteed”, “100% Organic” আৰু “100% Tender Coconut Water” আদি দাবী উল্লেখযোগ্য। সংস্থাটোৰ মতে, এইধৰণৰ “100%” দাবীসমূহ Food Safety and Standards (Advertising and Claims) Regulations, ২০১৮ৰ পৰিপন্থী। এই দাবীসমূহ অস্পষ্ট, বৈজ্ঞানিকভাৱে প্ৰমাণিত নহয় আৰু গ্ৰাহকক বিভ্ৰান্ত কৰিব পাৰে।

নিয়ম ভংগৰ আন কেইটামান গুৰুত্বপূৰ্ণ অভিযোগ

‘জৈৱিক ভাৰত’ ল’গ’ৰ অপব্যৱহাৰ: ডাবৰ হিমালয়ান অৰ্গেনিক এপ’ল চাইডাৰ ভিনেগাৰ আৰু ডাবৰ অৰ্গেনিক হানিত বৈধ FSSAI অৰ্গেনিক অনুমোদন নোহোৱাকৈ “জৈৱিক ভাৰত” ল’গ’ ব্যৱহাৰ কৰা হৈছিল।
মিশ্ৰিত খাদ্যত ভ্ৰান্তিকৰ দাবী: ডাবৰ হ’মমেইড কোকোনাট মিল্ক “100% Purity” দাবীৰে বিক্ৰী কৰা হৈছিল। কিন্তু FSSAIৰ নিয়ম অনুসৰি মিশ্ৰিত (Compound) খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত এইধৰণৰ দাবী কৰাৰ অনুমতি নাই।

পূৰ্বেও ডাবৰক সতৰ্ক কৰা হৈছিল

FSSAIয়ে জনোৱা মতে, ইয়াৰ পূৰ্বেও ডাবৰক এনে “100%” দাবী তৎক্ষণাত বন্ধ কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। কিন্তু কোম্পানীয়ে কোনো সন্তোষজনক পদক্ষেপ গ্ৰহণ নকৰাত সংস্থাটোৱে এই কঠোৰ নিষেধাজ্ঞামূলক (Prohibition) আদেশ জাৰি কৰে। এতিয়া ডাবৰে ১৫ দিনৰ ভিতৰত FSSAIক জনাব লাগিব যে আদেশ লাভ কৰাৰ পিছত কোম্পানীয়ে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে।

‘100%’ দাবীৰ বাবে বৈজ্ঞানিক প্ৰমাণ বাধ্যতামূলক

FSSAIৰ মতে, Food Safety and Standards (Advertising and Claims) Regulations, ২০১৮ত “100%” শব্দটোৰ কোনো সুনিৰ্দিষ্ট সংজ্ঞা নাই। সেয়েহে “100% Natural”, “100% Pure”, “100% Purity Guaranteed” অথবা “100% Organic” আদি দাবীসমূহ গ্ৰাহকক বিভ্ৰান্ত কৰাৰ আশংকা থাকে।

FSSAI-এ খাদ্য কোম্পানীসমূহক এনে দাবী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। নিয়ম অনুসৰি, যিকোনো খাদ্য সামগ্ৰীৰ ওপৰত কৰা দাবী সত্য, স্পষ্ট আৰু বৈজ্ঞানিক প্ৰমাণৰ আধাৰত হ’ব লাগিব। যদি কোনো কোম্পানীয়ে ভ্ৰান্তিকৰ বা প্ৰমাণবিহীন দাবী কৰে, তেন্তে FSSAIয়ে জাননী জাৰি কৰা, লেবেল সলনি কৰিবলৈ নিৰ্দেশ দিয়া, সামগ্ৰীৰ বিক্ৰী বন্ধ কৰা বা আন আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24daburdabur honey
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’
বিবিধ

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

August 4, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

August 4, 2026
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’
জীৱনশৈলী

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

August 4, 2026
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট
জীৱনশৈলী

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

August 4, 2026
Next Post
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

'কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.