• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

4 minutes ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

25 minutes ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

59 minutes ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

1 hour ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

2 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

2 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

3 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

4 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

4 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

5 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

6 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

9 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

দেশৰ আগশাৰীৰ বলাৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজুনে ৰোহিত?

editor by editor
August 25, 2026
in অসম, ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম প্ৰিমিয়াৰ লীগৰ (APL) প্ৰথমটো সংস্কৰণত অসমৰ কেইবাগৰাকীও ক্ৰিকেটাৰে নিজৰ প্ৰতিভাৰ উমান দিছে। বিশেষকৈ বলিঙত কেইজনমান বলাৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিন্তু বেটিঙৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি দেখুওৱা অন্যতম বা একমাত্ৰ নামটো হৈছে গুৱাহাটী ৰয়েলছৰ উইকেটকীপাৰ-বেটাৰ ৰোহিত সেন। APLত ৰোহিতৰ প্ৰদৰ্শন ইতিমধ্যে ক্ৰিকেট অনুৰাগীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। টুৰ্ণামেণ্টখনত ১২খন মেচ খেলি ৰোহিতে মুঠ ৫৪৩ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ বেটিং গড় ৪৫.২৫। অৰ্থাৎ প্ৰায় প্ৰতিখন মেচতে দলৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে তেওঁ।

ৰোহিতৰ ইনিংছসমূহৰ ভিতৰত তিনিটা ৯০ৰো অধিক ৰানৰ ইনিংছ আছে। ইয়াৰ উপৰি তেওঁ চাৰিটা অৰ্ধশতকীয় ইনিংছ খেলিছে। কেৱল ৰান সংগ্ৰহ কৰাই নহয়, অতি আক্ৰমণাত্মক বেটিঙেৰেও ৰোহিতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। APLত ৰোহিতে ৩৯টা ছিক্স আৰু ৪৮টা বাউণ্ডেৰী কোবাইছে। তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে ১৮৯.৮৯। T20 ক্ৰিকেটৰ দৰে দ্ৰুত ফৰ্মেটত ১৮৯ৰো অধিক ষ্ট্ৰাইক ৰেট আৰু ৫০০ৰো অধিক ৰান নিশ্চিতভাৱে এক আকৰ্ষণীয় পৰিসংখ্যা।

অৱশ্যে APLত এনে প্ৰদৰ্শন কৰিলেই IPLৰ দৰে ডাঙৰ মঞ্চত সুযোগ লাভ যে কৰিব তাক নিশ্চিতভাৱে কব নোৱাৰি। IPLত স্থান লাভ কৰিবলৈ প্ৰতিভাৰ লগতে ধাৰাবাহিকতা, চাপৰ মাজত ভাল প্ৰদৰ্শন আৰু অধিক প্ৰতিযোগিতামূলক পৰিৱেশত নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন হয়। সেয়েহে ৰোহিত সেনৰ বাবে এতিয়া পৰৱৰ্তী লক্ষ্য হোৱা উচিত ঘৰুৱা T20 ক্ৰিকেট। আগন্তুক Syed Mushtaq Ali Trophy (SMAT)ত অসমৰ হৈ ভাল প্ৰদৰ্শন কৰাটো তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব। APLত দেখুওৱা ফৰ্মক যদি তেওঁ SMATতো অব্যাহত ৰাখিব পাৰে, তেন্তে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ নাম অধিক শক্তিশালীভাৱে চৰ্চালৈ অহাৰ সম্ভাৱনা থাকিব। কাৰণ SMATত ৰোহিতে পাব APLত কৈ তুলনামূলকভাৱে অধিক শক্তিশালী চেলেঞ্জ। দেশৰ আগশাৰীৰ বলাৰৰ প্ৰত্যাহ্বান ৰোহিতে আগন্তুক সময়ত কেনেকৈ গ্ৰহণ কৰে সেয়াও হব লক্ষণীয়।

ৰোহিতে এতিয়া APLৰ সফলতাত সন্তুষ্ট হৈ ৰৈ নোযোৱাকৈ পূৰ্বতকৈ অধিক পৰিশ্ৰম আৰু মনোনিৱেশেৰে আগবাঢ়িব লাগিব। বিশেষকৈ উইকেটকীপিং আৰু বেটিং—দুয়োটা দিশতে নিজকে অধিক শক্তিশালী কৰি তুলিব পাৰিলে তেওঁৰ সুযোগ আৰু অধিক বৃদ্ধি পাব। এজন অসমীয়া ক্ৰিকেট অনুৰাগীৰ দৃষ্টিৰে চালে, ৰোহিত সেনৰ এই উত্থান নিঃসন্দেহে আশাব্যঞ্জক। অসমৰ পৰা যুৱ প্ৰতিভাই ঘৰুৱা ক্ৰিকেটৰ জৰিয়তে আগবাঢ়ি গৈ IPL বা ভাৰতীয় দলৰ দুৱাৰত টোকৰ মৰাটো ৰাজ্যখনৰ ক্ৰিকেটৰ বাবেও এক ইতিবাচক সংকেত হব।

ইফালে অসমৰ নিৰ্বাচক মণ্ডলীৰ ভূমিকাও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। বিশেষকৈ T20 ক্ৰিকেটত APLত ভাল প্ৰদৰ্শন কৰা নতুন প্ৰতিভাসকলক অধিক সুযোগ দিয়াৰ প্ৰয়োজন আছে। কেৱল পূৰ্বৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ নকৰি বৰ্তমানৰ ফৰ্ম আৰু প্ৰদৰ্শনকো গুৰুত্ব দিলে অসমৰ ক্ৰিকেট দলটো অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। ৰোহিত সেনে APLত নিজৰ সামৰ্থ্যৰ এক শক্তিশালী পৰিচয় দিছে। এতিয়া লক্ষ্য হ’ব লাগিব সেই প্ৰদৰ্শনক ঘৰুৱা T20 ক্ৰিকেটৰ ডাঙৰ মঞ্চলৈ লৈ যোৱা। পৰিশ্ৰম, ধৈৰ্য আৰু ধাৰাবাহিকতা বজাই ৰাখিব পাৰিলে কোকৰাঝাৰৰ এই যুৱ উইকেটকীপাৰ-বেটাৰে ভৱিষ্যতে অসমৰ ক্ৰিকেটত আৰু ডাঙৰ ভূমিকা ল’ব পাৰিব বুলি আশা কৰিব পাৰি।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

August 24, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.