সোণাপুৰত উত্তপ্ত পৰিস্থিতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱাৰ পূৰ্বে ওফৰাই পেলোৱা হ’ল সোণাপুৰৰ টোলগেট। কালি ক্ষেত্ৰীত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজে টোলগেটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বাহন ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙৰ গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত কেইবাগৰাকীও লোকৰ থিতাতে মৃত্যু হয়।
ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণ নকৰা পৰ্যন্ত টোলকৰ নিদিয়াৰ হুংকাৰ ৰাইজৰ। ইয়াকে লৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণৰ চেষ্টা কৰিবলৈ চেষ্টা কৰে যদিও ক্ষান্ত হোৱা নাই ৰাইজ।
উল্লেখ্য যে, সোণাপুৰ ক্ষেত্ৰীৰ দুৰ্ঘটনাত বৰ্তমানলৈ নিহত ৭জনলৈ বৃদ্ধি। GMCHত চিকিৎসাধীন আহত ৯জনকৈ লোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















