দেশৰ চুক-কোনে, গাঁৱে-ভূঞে ৰাষ্টা-ঘাতৰ ব্যাপক উন্নয়ন হলেও এতিয়াও এনে বহু পিছপৰা গাঁও আছে য’ত বিজুলী যোগানে স্পৰ্শ কৰিব পৰা নাই। সুচল যাতায়াত ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় সুন্দৰ বাট-পথৰ পৰাও বঞ্চিত দেশৰ বহু অঞ্চল। শিক্ষা প্ৰতিটো শিশুৰ অধিকাৰ। এতিয়াও দেশত এনে বহু অঞ্চল আছে যত বিদ্যালয়লৈ যাবলৈ একো-একোটি শিশুৱে জীৱন-মৃত্যুৰে যুঁজ দিবলগীয়াৰ দৰেও পৰিস্থিতি দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ চত্তীশগড়ৰ তেনে এটা কাহিনী পোহৰলৈ আহিছে। ভিতৰুৱা অঞ্চলতো বাদেই ৰাজ্যখনৰ এখন মহকুমা চহৰ মইনপুৰৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বৰ এনে এটা ঘটনাই চৰ্চা লাভ কৰিছে। কিন্তু ছত্তীশগড়ৰ গৰিয়াবন্দ জিলাৰ মইনপুৰত বিদ্যালয়লৈ যাবলৈ শিশুসকলে প্ৰতিদিনে নিজৰ জীৱনকো বিপদত পেলাবলগীয়া হৈছে। গৰিয়াবন্দ জিলাৰ মইনপুৰৰ জনজাতি উন্নয়ন খণ্ডৰ পাইৰি নদীৰ ওপৰত দেখা গৈছে এক ভয়ংকৰ দৃশ্য। মহকুমা মুখ্য কাৰ্যালয়ৰ পৰা মাত্ৰ প্ৰায় ৫ কিলোমিটাৰ দূৰত দেহাৰগুদা আৰু খাম্ভথাৰ গ্ৰাম পঞ্চায়তৰ মাজত থকা নদীখন পাৰ হ’বলৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় ২০ ফুট উচ্চতাৰ লোহাৰ জখলা বগাবলগীয়া হৈছে। পিঠিত স্কুল বেগ, হাতত কিতাপ-বহী আৰু মনত ভয় লৈ প্ৰতিদিনে এই বিপজ্জনক পথেৰে বিদ্যালয়লৈ অহা-যোৱা কৰে কণমানি ছাত্ৰ-ছাত্ৰীসকলে। জখলাত সামান্য ভাৰসাম্য হেৰুওৱা মানেই ঘটিব পাৰে ডাঙৰ দুৰ্ঘটনা। বিশেষকৈ বৰষুণৰ সময়ত জখলাডাল পিছল হৈ পৰিলে বিপদ আৰু অধিক বৃদ্ধি পায়।
স্থানীয় লোকসকলৰ মতে, দেহাৰগুদা আৰু খাম্ভথাৰৰ মাজত পাইৰি নদীৰ ওপৰত এখন বৃহৎ দলং নিৰ্মাণৰ কাম বিগত ৫-৬ বছৰে চলি আছে। কিন্তু অতি লেহেমীয়া গতিত চলি থকা নিৰ্মাণকাৰ্যৰ বাবে আজিও দলংখন সম্পূৰ্ণ হোৱা নাই। প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এই আধৰুৱা দলংখনৰ বিভিন্ন অংশত চোকা লোহাৰ ৰড ওলাই আছে। ইয়াৰ ফলত কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, গাঁওবাসীও যাতায়াতৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ আশংকাত থাকে। বাৰিষাৰ সময়ত পাইৰি নদীৰ পানী বৃদ্ধি পালে পৰিস্থিতি অধিক জটিল হৈ পৰে। নদীৰ সিপাৰৰ কেইবাটাও চুবুৰীৰ শিশুৱে প্ৰাথমিক আৰু মধ্যবিদ্যালয়লৈ যাবলৈ এই বিপজ্জনক পথটোৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হয়।
সন্তানক বিদ্যালয়লৈ পঠিয়াই দিয়াৰ পিছত তেওঁলোক নিৰাপদে ঘৰলৈ উভতি আহিবনে নাই, সেই চিন্তাই অভিভাৱকসকলক উদ্বিগ্ন কৰি তোলে বুলি অভিভাৱকসকলে সদৰী কৰে। গধুৰ স্কুল বেগ লৈ ২০ ফুট উচ্চতাৰ লোহাৰ জখলা বগাই শিশুসকল যাতায়াত কৰা দৃশ্য দেখিলে যিকোনো লোকেই আতংকিত হৈ পৰে। বৰষুণৰ দিনত এই বিপদ কেইবাগুণো বৃদ্ধি পায়। গাঁওবাসীয়ে অভিযোগ কৰা মতে, বিষয়টো সন্দৰ্ভত বহু সময়ত সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও এতিয়ালৈকে কোনো স্থায়ী সমাধান ওলোৱা নাই।
গ্ৰাম পঞ্চায়তৰ গাঁওবুঢ়া মহেশ দিৱান, প্ৰাক্তন গাঁওবুঢ়া দিকেশ্বৰী সন্দে আৰু স্থানীয় গাঁওবাসীয়ে দলংখনৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী জনাইছে। তেওঁলোকৰ অভিযোগ, বাৰম্বাৰ অৱগত কৰাৰ পিছতো কামৰ গতি বৃদ্ধি কৰা হোৱা নাই। যদি শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে গাঁওবাসী আৰু ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ ১৩০ চি অৱৰোধ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে। এতিয়া ডাঙৰ প্ৰশ্ন হৈছে—কোনো ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতহে প্ৰশাসনে সাৰ পাব নেকি? নে তাৰ পূৰ্বেই এই শিশুসকলৰ বাবে নিৰাপদ যাতায়াতৰ ব্যৱস্থা কৰা হ’ব? শিক্ষাৰ অধিকাৰৰ বাবে প্ৰতিদিনে জীৱনক বিপদত পেলাবলগীয়া হোৱা এই শিশুসকলৰ সমস্যাৰ শীঘ্ৰে সমাধান হোৱাটো এতিয়া অতি জৰুৰী।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















