কেতিয়াবা জীৱনে মানুহৰ সন্মুখত এনে কঠিন পৰিস্থিতি আনি থিয় কৰায়, যাৰ পৰা ওলাই অহাটো প্ৰায় অসম্ভৱ যেন লাগে। কিন্তু সেই কঠিন সময়েই কেতিয়াবা মানুহক নতুনকৈ জীৱন আৰম্ভ কৰাৰ সাহস দিয়ে। আমেৰিকাৰ কেনছাছ চিটিৰ বাসিন্দা কেট ডাংকলৰ জীৱন কাহিনীও তেনে এক অনুপ্ৰেৰণাদায়ক উদাহৰণ। দৰিদ্ৰতা, সন্তানক হেৰুওৱাৰ দুখ, পৰিয়ালৰ সদস্যৰ মৃ*ত্যু আৰু গৃহহীনতাৰ দৰে কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা কেট আজি এগৰাকী সফল কোটিপতি। তেওঁৰ জীৱনৰ এই আশ্চৰ্যকৰ পৰিৱৰ্তনৰ কাহিনী এতিয়া সামাজিক মাধ্যমতো চৰ্চিত হৈছে।
Need to Know UKৰ এক প্ৰতিবেদন অনুসৰি, ১৯৬৭ চনত কেটৰ জীৱনলৈ নামি আহিছিল এক ভয়ংকৰ দুৰ্যোগ। মাত্ৰ সাত বছৰীয়া পুত্ৰ মাৰ্ক এক ভয়ংকৰ গাড়ী দুৰ্ঘটনাত মৃ*ত্যুমুখত পৰে। নিজৰ সন্তানক হেৰুওৱাৰ এই ঘটনাই কেটক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। সন্তানৰ মৃত্যুৰ শোকৰ পৰা ওলাই অহাৰ আগতেই তেওঁৰ জীৱনলৈ এটাৰ পিছত এটাকৈ বিপদ আহিবলৈ ধৰিলে। ইয়াৰ পিছতে তেওঁৰ পিতৃৰো মৃ*ত্যু হয়। আনহাতে, আৰ্থিক সমস্যাই তেওঁক দেউলীয়া কৰি তোলে। অৱশেষত কেটৰ নিজৰ ঘৰো নোহোৱা হৈ পৰে আৰু তেওঁ ৰাজপথত থাকিবলৈ বাধ্য হয়। এই পৰিস্থিতিয়ে তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। কেট ঈশ্বৰৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিল আৰু আনকি ঈশ্বৰৰ প্ৰতি ক্ষোভ আৰু ঘৃণাও জন্ম হৈছিল বুলি তেওঁ পিছত প্ৰকাশ কৰে।
কেটৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মুহূৰ্ত আহিছিল আন এটা ভয়ংকৰ গাড়ী দুৰ্ঘটনাৰ পিছত। দুৰ্ঘটনাটোৰ ফলত তেওঁৰ শৰীৰৰ ভিতৰত গুৰুতৰভাৱে ৰক্তক্ষৰণ আৰম্ভ হয়। অৱস্থা ক্ৰমাৎ সংকটজনক হৈ পৰাত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। অত্যধিক ৰ*ক্তক্ষৰণৰ ফলত তেওঁ অচেতন হৈ পৰে। কেটৰ মতে, সেই সময়ত তেওঁৰ এনে অনুভৱ হৈছিল যেন তেওঁ সময় আৰু মহাকাশৰ মাজেৰে এটা অন্ধকাৰ সুৰংগৰ মাজেৰে গৈ আছে। আনকি অস্ত্ৰোপচাৰ চলি থকাৰ সময়ত পৰিয়ালৰ লোকসকলে কান্দি কান্দি তেওঁৰ বাবে প্ৰাৰ্থনা কৰা দৃশ্যও তেওঁ দেখিছিল বুলি দাবী কৰে।
কেটৰ বৰ্ণনা অনুসৰি, এই সময়ছোৱাত তেওঁ এক অতি শান্ত আৰু সুন্দৰ জগতৰ অভিজ্ঞতা লাভ কৰিছিল। তেওঁ ইয়াক স্বৰ্গ বুলি অনুভৱ কৰিছিল আৰু তাতেই চিৰদিন থাকি যাবলৈ বিচাৰিছিল। কিন্তু ইয়াৰ বিপৰীতে তেওঁ নৰকৰ দৰে এক ভয়ংকৰ স্থান দেখাৰ কথাও কয়। তেওঁৰ মতে, সেই স্থানটো আছিল জ্বলি থকা এটা গাঁতৰ দৰে, য’ত অসংখ্য আত্মাৰ চিঞৰ শুনিবলৈ পোৱা গৈছিল। এই ভয়ংকৰ অভিজ্ঞতাই কেটক গভীৰভাৱে ভীত কৰি তোলে। তেওঁ পুনৰ ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰে আৰু ঈশ্বৰৰ ওপৰত নিজৰ বিশ্বাস প্ৰকাশ কৰে। কেটৰ দাবী অনুসৰি, ইয়াৰ পিছতে তেওঁ এটা মাত শুনিছিল। সেই মাতটোৱে যেন তেওঁক মানুহক ঈশ্বৰৰ ওচৰলৈ আনিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰাৰ কথা কৈছিল। তাৰ পিছতে তেওঁৰ চেতনা ঘূৰি আহে।
কেটৰ জীৱনৰ এই অভিজ্ঞতাই তেওঁক মৃ*ত্যুৰ বিষয়ে এক বেলেগ ধাৰণা গঢ়ি তুলিবলৈ বাধ্য কৰিছে। তেওঁৰ মতে, মৃ*ত্যু মানেই সকলো শেষ হৈ যোৱা নহয়। বৰং ই জীৱনৰ এক নতুন পৰ্যায়ৰ আৰম্ভণি হ’ব পাৰে। তেওঁ বিশ্বাস কৰে যে মানুহৰ কৰ্ম আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি মৃ*ত্যুৰ পিছত এক বেলেগ যাত্ৰা আৰম্ভ হয়। সন্তানক হেৰুৱাই জীৱনক লৈ আশা হেৰুৱাই পেলোৱা এগৰাকী মাতৃৰ পৰা আৰম্ভ কৰি গৃহহীনতা আৰু দৰিদ্ৰতাৰ মাজেৰে আগবাঢ়ি এগৰাকী সফল কোটিপতিলৈ পৰিণত হোৱা কেট ডাংকলৰ কাহিনী সঁচাকৈয়ে অসাধাৰণ। তেওঁৰ জীৱনে এটা কথাই দেখুৱায়—জীৱনত যিমানেই কঠিন পৰিস্থিতি নাহক কিয়, নতুনকৈ আৰম্ভ কৰাৰ সুযোগ সদায় থাকিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















