অনলাইনযোগে খাদ্য সামগ্ৰী বা ঔষধ অৰ্ডাৰ কৰাৰ সময়ত সাৱধান হওক। মঙলবাৰে কৰ্ণাটকৰ স্বাস্থ্য বিভাগে আমাজন আৰু ছুইগি ইনষ্টামাৰ্টৰ কেইবাটাও ডাৰ্ক ষ্ট’ৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ম্যাদ উকলি যোৱা আৰু ভুল লেবেল লগোৱা সামগ্ৰী জব্দ কৰে। এই অভিযান খাদ্য সুৰক্ষা আৰু ঔষধ সুৰক্ষা বিভাগে ৰাজ্যজুৰি চলোৱা বিশেষ অভিযানৰ অংশ। অভিযানত আমাজনৰ ডাৰ্ক ষ্ট’ৰৰ পৰা গাখীৰ, শাক-পাচলি, দৈ, কাজু বিস্কুট, ৰাগি আটা, চিকেন পেটি, পনীৰ, বিস্কুট, বাদাম, কণী আৰু ৰিফাইন আটা আদি ম্যাদ উকলি যোৱা সামগ্ৰী উদ্ধাৰ কৰা হয়।
১.৩৮ কোটি টকাৰ খাদ্য সামগ্ৰী জব্দ
অভিযানত আমাজন আৰু ছুইগি ইনষ্টামাৰ্টৰ পৰা প্ৰায় ১.৩৮ কোটি টকাৰ খাদ্য সামগ্ৰী আৰু ৪.০২ লাখ টকাৰ ঔষধ জব্দ কৰা হয়। জব্দ কৰা সকলো সামগ্ৰী বৰ্তমান বিষয়াসকলৰ জিম্মাত আছে আৰু ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে। ইয়াৰ মাজতে কৰ্ণাটকৰ হোস্কোটেৰ এটা ইনষ্টামাৰ্ট ষ্ট’ৰ বন্ধ কৰি দিয়া হৈছে।
মুঠ ৩ কোটি টকাৰ সামগ্ৰী জব্দ
কৰ্ণাটকৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ইউ টি খাদেৰে জানিবলৈ দিয়া মতে, বিগত সপ্তাহত ৰাজ্যখনত চলোৱা অভিযানত প্ৰায় ৩ কোটি টকাৰ খাদ্য সামগ্ৰী আৰু ঔষধ জব্দ কৰা হৈছে। অভিযোগ অনুসৰি, কিছুমান ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰীৰ বাবে মজুত কৰি ৰখাৰ লগতে নতুন লেবেল লগাই পুনৰ পেকেজ কৰাৰ চেষ্টা কৰা হৈছিল।
গ্ৰাহকক সাৱধান হ’বলৈ আহ্বান
স্বাস্থ্যমন্ত্ৰী ইউ টি খাদেৰে গ্ৰাহকসকলক খাদ্য, ঔষধ বা আন কোনো সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে ইয়াৰ ম্যাদ উকলি যোৱাৰ তাৰিখ ভালদৰে পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে কোনো সামগ্ৰীৰ ক্ষেত্ৰত সামান্য সন্দেহ হ’লেও গ্ৰাহকে সংশ্লিষ্ট বিভাগক বিষয়টো জনাব লাগে। গ্ৰাহকসকলে যাতে সহজে সামগ্ৰীৰ তথ্য পৰীক্ষা কৰিব পাৰে, তাৰ বাবে QR ক’ড আৰু বাৰক’ড ব্যৱস্থাৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। অনলাইন বজাৰ বৃদ্ধি পোৱাৰ সময়ত এনে ঘটনা গ্ৰাহকৰ বাবে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী। সেয়ে অনলাইন বা অফলাইন—যিকোনো মাধ্যমৰ পৰা খাদ্য আৰু ঔষধ ক্ৰয় কৰাৰ সময়ত মেয়াদ, লেবেল, পেকেটৰ অৱস্থা আৰু সামগ্ৰীৰ তথ্য ভালদৰে পৰীক্ষা কৰাটো অতি জৰুৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















