এসময়ত বলীউডত কোনো এখন ছবিত ডাঙৰ ষ্টাৰ থাকিলেই ছবিখন সফল হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাইছিল। খান, কাপুৰ, দেউল বা আন কোনো প্ৰতিষ্ঠিত অভিনেতাৰ নামেই আছিল ছবিখনৰ আটাইতকৈ ডাঙৰ ‘ব্ৰেণ্ড’। কিন্তু এতিয়া সময় সলনি হৈছে। কেৱল ডাঙৰ তাৰকা, বিশাল বাজেট আৰু চকুত লগা প্ৰচাৰে দৰ্শকক চিনেমা হললৈ আনিব নোৱাৰে। ২০২৬ চনৰ কেইবাখনো ছবিৰ ফলাফলে সেই কথাই যেন পুনৰ প্ৰমাণ কৰিছে। ইয়াৰ অৰ্থ অৱশ্যে এইটো নহয় যে দৰ্শকে খান-কাপুৰ বা ডাঙৰ ষ্টাৰসকলক সম্পূৰ্ণৰূপে ‘বহিষ্কাৰ’ কৰিছে। বৰং দৰ্শকে এতিয়া ষ্টাৰৰ নামতকৈ কাহিনী, অভিনয়, সংলাপ, আবেগ আৰু বাস্তৱতাৰ সৈতে নিজৰ সম্পৰ্কক অধিক গুৰুত্ব দিছে।
‘টক্সিক’ৰ ব্যৰ্থতাই কি ইংগিত দিলে?

য়শ্ব অভিনীত ‘টক্সিক’ক লৈ মুক্তিৰ পূৰ্বে যথেষ্ট আশা আছিল। ডাঙৰ তাৰকা, বৃহৎ পৰিসৰ, ব্যয়বহুল নিৰ্মাণ আৰু একাধিক পৰিচিত অভিনেতা-অভিনেত্ৰী—সকলো আছিল ছবিখনত। কিন্তু মুক্তিৰ পিছত ছবিখনৰ ব্যৱসায় আশানুৰূপ নহ’ল আৰু ছবিখন বক্স অফিচত ব্যৰ্থ হিচাপে চিহ্নিত হ’ল। আনকি ছবিখনৰ OTT অধিকাৰৰ মূল্যও যথেষ্ট হ্ৰাস পোৱাৰ বাতৰি প্ৰকাশ পাইছে। ইয়াৰ পৰা এটা কথা স্পষ্ট—বাজেট যিমানেই ডাঙৰ নহওক, দৰ্শকৰ মন জয় কৰিব নোৱাৰিলে সেই টকা পৰ্দাত সফলতালৈ ৰূপান্তৰিত নহয়।
‘বটৱাৰা ১৯৪৭’ৰ দৰে ছবিও সম্পূৰ্ণ FLOP

আমীৰ খানৰ প্ৰযোজনাত ছানী দেউল আৰু প্ৰীতি জিণ্টা অভিনীত ‘বটৱাৰা ১৯৪৭’ আছিল এক ঐতিহাসিক পটভূমিৰ ছবি। ছবিখনত পৰিচিত মুখ, শক্তিশালী বিষয় আৰু অভিজ্ঞ কলা-কুশলী আছিল। কিন্তু কেৱল এই উপাদানসমূহে ছবিখনক বক্স অফিচত ডাঙৰ সফলতা দিব নোৱাৰিলে। ছবিখনৰ ১৫ দিনৰ ভাৰতীয় নেট সংগ্ৰহ প্ৰায় ৩৬.৫২ কোটি টকা বুলি প্ৰকাশিত তথ্যত উল্লেখ আছে। অৰ্থাৎ, এতিয়া ‘কোনে অভিনয় কৰিছে?’—এই প্ৰশ্নটোৰ লগতে দৰ্শকে ‘কাহিনীটো মোৰ বাবে কিয় গুৰুত্বপূৰ্ণ?’ বুলিও প্ৰশ্ন কৰে।
‘হনুমান অংছ’ৰ আশ্বৰ্যকৰ উত্থান

‘হনুমান অংছ’ এই পৰিৱৰ্তনৰ আটাইতকৈ আকৰ্ষণীয় উদাহৰণসমূহৰ ভিতৰত এটা। প্ৰায় ২ কোটি টকাৰ বাজেটত নিৰ্মাণ হোৱা ছবিখনে আৰম্ভণিতে অতি কম উপাৰ্জন কৰিছিল। কিন্তু দৰ্শকৰ মৌখিক প্ৰচাৰৰ জৰিয়তে ছবিখনৰ দৰ্শক বৃদ্ধি পাবলৈ ধৰিলে। পিছলৈ ছবিখনে ১০০ কোটি টকাৰ সীমাও অতিক্ৰম কৰে বুলি বিভিন্ন বক্স অফিচ প্ৰতিবেদনত প্ৰকাশ পাইছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল—ছবিখনত কোনো ‘মেগাষ্টাৰ’ নাছিল। তথাপি কাহিনী আৰু বিষয়বস্তুৱে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিলে। ছবিখনৰ সফলতাই দেখুৱাই দিলে যে দৰ্শকৰ বাবে নতুন মুখ সমস্যা নহয়; সমস্যা হ’ল বেয়া বা হৃদয়স্পৰ্শীহীন কাহিনী।
‘মিৰ্জাপুৰ’ৰ সফলতাৰ আঁৰতো একে কাৰণ
‘মিৰ্জাপুৰ দ্য মুভি’ৰ ক্ষেত্ৰতো ইয়াৰ কিছু পৃথক ৰূপ দেখা যায়। ইয়াৰ মূল শক্তি কোনো পৰম্পৰাগত খান-কাপুৰ ষ্টাৰ নহয়, বৰং ইতিমধ্যে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা চৰিত্ৰ আৰু সেই চৰিত্ৰসমূহৰ সৈতে গঢ় লৈ উঠা আবেগিক সম্পৰ্ক। মুক্তিৰ প্ৰথম কেইদিনতে ছবিখনে শক্তিশালী ব্যৱসায় কৰাৰ বাতৰি প্ৰকাশ পাইছে। ইয়াৰ অৰ্থ হ’ল—দৰ্শকে কেৱল অভিনেতাক নহয়, চৰিত্ৰকো ষ্টাৰ বনাব পাৰে।
সৰু চহৰ-গাঁৱৰ কাহিনীয়ে কিয় বেছি প্ৰভাৱ পেলাইছে?
ভাৰতৰ দৰ্শক কেৱল মুম্বাই, দিল্লী, বেংগালুৰু বা ডাঙৰ চহৰত সীমাবদ্ধ নহয়। দেশৰ এখন বিশাল অংশ সৰু চহৰ, নগৰ, গাঁও আৰু মধ্যবিত্ত পৰিয়ালৰ লোক। সম্প্ৰতি দৰ্শকৰ ৰুচি সম্পূৰ্ণৰূপে সলনি হৈছে। দৰ্শকে এতিয়া নিজৰ জীৱনৰ সৈতে মিল থকা কাহিনীকহে অগ্ৰাধিকাৰ দিয়ে। যেতিয়া পৰ্দাত তেওঁলোকে নিজৰ ঘৰ, নিজৰ ভাষা, নিজৰ সমস্যা, নিজৰ আশা-নিৰাশা, নিজৰ পৰিয়াল আৰু নিজৰ সমাজৰ প্ৰতিচ্ছবি দেখা পায়, তেতিয়া ছবিখনৰ সৈতে এক স্বাভাৱিক সম্পৰ্ক গঢ় লৈ উঠে। সেইবাবেই সৰু বাজেটৰ ছবি কেতিয়াবা ডাঙৰ বাজেটৰ ছবিতকৈ অধিক শক্তিশালী হৈ পৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















