“তুমি মোৰ প্ৰাণৰো প্ৰাণ…”—এই অনুভূতিৰ ভাষা হয়তো ঈশ্বৰ পুত্ৰৰ মহাপ্ৰয়াণৰ পাছত অসমীয়াই নতুনকৈ উপলব্ধি কৰিলে। আজি অভিশপ্ত ১৯ ছেপ্টেম্বৰ। আমাৰ মৰমৰ জুবিনদাৰ মহাপ্ৰয়াণৰ এটা বছৰ সম্পূৰ্ণ হ’ল। কিন্তু এয়া যেন কেলেণ্ডাৰৰ পাতৰ এটা নিয়মহে, কেলেণ্ডাৰৰ পাতত এটা বছৰ পাৰ হৈ গ’ল, কিন্তু প্ৰতিজন অসমীয়াৰ হৃদয় আজিও সেই দিনটোতেই ৰৈ আছে।
জুবিন দা কেৱল এজন গায়ক নাছিল। তেওঁ আছিল অসমীয়াৰ এটা অকৃত্ৰিম অনুভূতি, অসমীয়াৰ আৱেগৰ এটা শক্তিশালী প্ৰতিধ্বনি। তেওঁ বৰ্তমান প্ৰজন্মৰ কণ্ঠ, যি ভৱিষ্যৎ প্ৰজন্মলৈ আমাৰ জৰিয়তে নিঃসন্দেহে স্ফটিক নদীৰ দৰে বৈ যাব। তেওঁৰ কণ্ঠত প্ৰেম আছিল, বিষাদ আছিল, বিদ্ৰোহ আছিল, মাটিৰ গোন্ধ আছিল আৰু আছিল অসমক লৈ এক গভীৰ আত্মীয়তা।
জুবিন দাৰ গানত কেতিয়াবা মনলৈ আহে “মায়াবিনী”ৰ সেই মোহময় পৃথিৱী, কেতিয়াবা “অনামিকা”ৰ এপাহ ফুলৰ কলিৰ দৰে অচিনাকি অথচ নিষ্পাপ ভালপোৱা, কেতিয়াবা “পাখি”ৰ দৰে মুক্ত আকাশত মনটোক পাখি লগাই উৰিবলৈ মন যোৱাৰ অনুভূতি। আকৌ কেতিয়াবা তেওঁৰ সুৰে আমাক ‘যন্ত্ৰ’ৰ দৰে ৰূঢ় বাস্তৱলৈ ঘূৰাই আনে। তেওঁৰ গানত ‘বঙৰহদেউ’ৰ দৰে আছে জাতিটোৰ শক্তিশালী বুৰঞ্জী। জুবিনদাৰ গানৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে—তেওঁ সাধাৰণ মানুহৰ সাধাৰণ অনুভূতিক অসাধাৰণ কৰি তুলিছিল। প্ৰেমত পৰা যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি নীৰৱে বিৰহ কঢ়িয়াই ফুৰা মানুহজনলৈকে, তেওঁৰ গীতত সকলোৱে নিজৰ বাবে কিবা নহয় কিবা কাহিনী সদায়ে নতুন ৰূপত বিচাৰি পায়।
আমাৰ মৰমৰ জুবিনদা নাই বুলি আমি আজিও বিশ্বাস নকৰোঁ, বিশ্বাস কৰিবলৈ টান পাও। প্ৰতিটো ঘৰত, প্ৰতিখন গাড়ীত, জকাই চুকৰ পৰা ব্যস্ত কংক্ৰিটৰ অৰণ্যৰ চাহৰ দোকানৰ পৰা আৰম্ভ কৰি বিয়াগোম ব্যৱসায় প্ৰতিষ্ঠানলৈ ক’ত তেওঁ নাই? ক’ত তেওঁক লৈ আলোচনাৰ বিৰতি পৰে? ক’তোৱেইতো নপৰে। অতি আধুনিক পৃথিৱীৰ ইণ্টাৰনেটৰ প্ৰতিটো উপাদনতো কেৱল জুবিন আৰু জুবিন। ঈশ্বৰ পুত্ৰৰ কণ্ঠ, আমাৰেই কণ্ঠ। আমাৰ ভালপোৱাৰ কথা, আমাৰ অপেক্ষাৰ কথা, আমাৰ বিচ্ছেদৰ কথা, আমাৰ কঠিন জীৱন সংগ্ৰামৰ কথা তেওঁ গানত নিগৰাই আমাৰ চেতনাত বিয়পাই দিয়ে এতিয়াও। সেইবাবেই হয়তো তেওঁৰ গানবোৰ অসমীয়াৰ বাবে কেৱল গান হৈ নাথাকিল; সেইবোৰ হৈ পৰিল আমাৰ জীৱনৰ একো একোটা অধ্যায়। সেয়া লাগিলে ‘মাজুলীৰ এজনী ছোৱালী’য়েই হওঁক বা ‘পামনে মই ঘূৰাই’ৰ দৰে গানেই হওক। ‘আইনা ভঙাদি’য়েই হওক বা ‘ৰাতিপুৱাই শুই উঠি’য়েই হওক। আমাৰ বাবে জুবিনদাৰ গান মানে প্ৰথম প্ৰেম, বন্ধুৰ সৈতে কটোৱা নিৰ্ভেজাল সময় অথবা জীৱন যন্ত্ৰণাৰ মলম। জুবিন দাৰ গান মানেই আমাৰ হৃদস্পন্দন।
জুবিন দাৰ বাবে সংগীত কেৱল পেছা নাছিল। সংগীত আছিল তেওঁৰ অস্তিত্ব। মানুহ এজন গুচি যাব পাৰে, কিন্তু এটা জাতিৰ মহানায়ক এজনে কেতিয়াও জাতিটো এৰি আঁতৰি নাযায়। জুবিন দা কেৱল এগৰাকী সংগীত শিল্পী বা কণ্ঠশিল্পীয়েই নহয়। তেওঁ এগৰাকী কবি, ক্ৰীড়া সংগঠক, দুখীয়াৰ দুখ আৰু ভোকাতুৰৰ ভোক নিবাৰক নাছিল জানো? জুবিন দা আধুনিক অসমীয়া জাতিৰ এগৰাকী মহানায়ক। মহানায়কৰ প্ৰস্থান কেতিয়াও নহয়, কেতিয়াও নহয়…
শেষত, জুবিন দাৰ গানেৰেই নেদেখাজনলৈ আমাৰ কাতৰ আহ্বান-
‘দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু তৰালি সৰা চোতাল
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’আমি আমিয়েইচোন
পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন’
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ