পাটনা উচ্চ ন্যায়ালয়ৰ এটা বিতৰ্কিত ৰায়ক লৈ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিছে। চলিত বৰ্ষৰ ৯ জুলাইত উচ্চ ন্যায়ালয়ে ধ*ৰ্ষণৰ চেষ্টা কৰাৰ অপৰাধত এজন পুৰুষক দোষী সাব্যস্ত কৰা নিম্ন আদালতৰ ৰায় বাতিল কৰিছিল। এলাহবাদ উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে এগৰাকী মহিলাৰ ছালৱাৰ টনা বা গুচাই দিয়াৰ চেষ্টা কৰা বা বুকুত বলপূৰ্বক স্পৰ্শ কৰা কাৰ্যক ধ*ৰ্ষণৰ চেষ্টা বুলি গণ্য কৰিব নোৱাৰি।
এই পৰ্যবেক্ষণক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে বিষয়টো Suo Motu হিচাপে গ্ৰহণ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মল্য বাগচি আৰু ন্যায়াধীশ ভি মোহানাৰে গঠিত বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণসমূহক প্ৰথম দৃষ্টিতে অযুক্তিকৰ বুলি মন্তব্য কৰিছে।
কি আছিল গোচৰটোত?
বিহাৰৰ বাংকা জিলাৰ অমৰপুৰ থানাৰ ২০০৮ চনৰ এটা ঘটনাৰ পিছত দাখিল কৰা হৈছিল এই গোচৰ। অভিযোগ অনুসৰি, এগৰাকী যুৱতী পিতৃৰ সৈতে ফটো তুলিবলৈ ষ্টুডিঅ’লৈ গৈছিল। ষ্টুডিঅ’ৰ মালিকে যুৱতীগৰাকীৰ পিতৃক বাহিৰত ৰৈ থাকিবলৈ কৈ ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি যুৱতীগৰাকীৰ ছালৱাৰ গুচাই দিয়াৰ লগতে বুকুত বলপূৰ্বকভাৱে স্পৰ্শ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। ২০২৩ চনত বাংকাৰ নিম্ন আদালতে অভিযুক্তক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ আৰু ৫১১ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰিছিল। কিন্তু পাটনা উচ্চ ন্যায়ালয়ে সেই ৰায় বাতিল কৰি অভিযুক্তক মুক্তি দিয়ে।
উচ্চতম ন্যায়ালয়ে এতিয়া বিহাৰ চৰকাৰ আৰু অভিযুক্ত পক্ষৰ পৰা উত্তৰ বিচাৰিছে। যৌ*ন অপৰাধৰ গোচৰ চম্ভালাৰ ক্ষেত্ৰত ন্যায়িক পন্থা সন্দৰ্ভত আদালতে পৃথক নিৰ্দেশনা জাৰি কৰিব পাৰে বুলিও ইংগিত দিছে। এই গোচৰৰ শুনানিৰ জৰিয়তে ধ*ৰ্ষণৰ চেষ্টা আৰু আন যৌ*ন অপৰাধৰ মাজৰ আইনী পাৰ্থক্য সন্দৰ্ভত অধিক স্পষ্টতা অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















