• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

2 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

16 minutes ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

1 hour ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

2 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

3 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

3 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

4 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

5 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

6 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

6 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

8 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

24 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

editor by editor
September 24, 2026
in ভাৰত, ৰাজনীতি, লেখা
0
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টী (CJP)-এ কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে দলটোৱে সংবাদমেল অনুষ্ঠিত কৰি জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে। এই সময়ৰ ভিতৰত তেওঁ পদত্যাগ নকৰিলে দেশজুৰি আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিছে দলটোৱে। CJPৰ প্ৰতিষ্ঠাপক তথা আহ্বায়ক অভিজিৎ দিপকে কয় যে মুখ্য নিৰ্বাচন আয়ুক্তই ৪৮ ঘণ্টাৰ ভিতৰত পদত্যাগ নকৰিলে দলটোৱে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। দলটোৱে এই আন্দোলন পূৰ্বে দিল্লীৰ যন্তৰ-মন্তৰত কৰা প্ৰতিবাদৰ দৰেই কৰিব বুলি প্ৰকাশ কৰিছে।

এই দাবীৰ মূলতে আছে নিৰ্বাচনী ভোটাৰ তালিকাৰ SIRক লৈ চলি থকা বিতৰ্ক। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে নিৰ্বাচন আয়োগৰ আন দুগৰাকী নিৰ্বাচন আয়ুক্ত—সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে যোৱা প্ৰায় ১০ মাহত আয়োগৰ বিভিন্ন সিদ্ধান্ত আৰু কাৰ্যপ্ৰণালীৰ ক্ষেত্ৰত ১৪টাকৈ আপত্তি দাখিল কৰিছিল। এই আপত্তিসমূহৰ ভিতৰত ভোটাৰ যোগ-বিয়োগ, ভোটাৰ তালিকা সংশোধন, Form 6ৰ ব্যৱহাৰ আৰু ভোটাৰ তথ্য পৰিচালনাৰ দৰে বিষয় অন্তৰ্ভুক্ত আছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

অৱশ্যে, নিৰ্বাচন আয়োগে এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে আয়োগৰ ভিতৰত ভিন্ন মত বা লিখিত পৰ্যবেক্ষণ থকাটো স্বাভাৱিক আৰু ই এক ধৰণৰ আভ্যন্তৰীণ পৰীক্ষা-নিৰীক্ষা বা checks and balancesৰ অংশ। আয়োগৰ মতে, বিগত এবছৰৰ সিদ্ধান্তসমূহ, SIR-সহ, সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল।

ককৰোচ জনতা পাৰ্টীয়ে কেৱল মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগেই নহয়, কেইবাটাও দাবী উত্থাপন কৰিছে। প্ৰথম দাবী: মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে পদত্যাগ কৰিব লাগে। দ্বিতীয় দাবী: নিৰ্বাচন আয়োগৰ সিদ্ধান্তসমূহৰ আঁৰত কোনো নিৰ্দেশ বা হস্তক্ষেপ আছিল নেকি, সেই সন্দৰ্ভত তদন্ত হ’ব লাগে। দলটোৱে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে তদন্ত আৰু আইনী ব্যৱস্থাৰো দাবী কৰিছে। তৃতীয় দাবী: আগন্তুক সকলো নিৰ্বাচন সাময়িকভাৱে স্থগিত ৰাখিব লাগে, যেতিয়ালৈকে নিৰ্বাচনী ব্যৱস্থাক লৈ উত্থাপিত অভিযোগসমূহ পৰীক্ষা কৰা নহয়। ইয়াৰ উপৰি CJP-এ SIR প্ৰক্ৰিয়াক ২০২৫ চনৰ পূৰ্বৰ ভোটাৰ তালিকাৰ অৱস্থালৈ ঘূৰাই নিয়াৰ দাবী কৰিছে। SIR-সম্পৰ্কীয় নথি-পাতি উচ্চতম ন্যায়ালয়ৰ নেতৃত্বত কোনো কমিটীৰ জিম্মাত ৰখাৰো দাবী উত্থাপন কৰিছে।

CJPৰ মতে, নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতা আৰু ভোটাৰৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই আন্দোলন কৰা হ’ব। দলটোৱে স্পষ্ট কৰি দিছে যে ৪৮ ঘণ্টাৰ সময়সীমাৰ ভিতৰত পদত্যাগ নকৰিলে প্ৰতিবাদ অধিক তীব্ৰ কৰা হ’ব আৰু দেশৰ বিভিন্ন প্ৰান্তত আন্দোলন চলোৱা হ’ব। ইফালে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী কেৱল CJP-তেই সীমাবদ্ধ হৈ থকা নাই। SIR আৰু নিৰ্বাচন আয়োগৰ কাম-কাজক লৈ কেইবাটাও বিৰোধী ৰাজনৈতিক দলে পৃথকে পৃথকে প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছেও ২৫ ছেপ্টেম্বৰত দেশৰ বিভিন্ন ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াব বুলি ঘোষণা কৰিছে।

CJP-এ দিয়া ৪৮ ঘণ্টাৰ সময়সীমাৰ পাছত দলটোৱে কি ধৰণৰ আন্দোলন আৰম্ভ কৰে, সেয়া এতিয়া লক্ষ্যণীয় হ’ব। আনহাতে, নিৰ্বাচন আয়োগে উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত ইতিমধ্যে নিজৰ ব্যাখ্যা আগবঢ়াইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cjp protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
Next Post
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.