নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত এক প্ৰকাৰ নিশ্চিত ফলাফলৰ দিশে গতি কৰিছে কংগ্ৰেছ। পূৰ্বে নিজৰ প্ৰভাৱ থকা চামগুৰি, ৰূপহীহাট আৰু লাহৰীঘাটৰ দৰে বিধানসভা সমষ্টিতো প্ৰায় ৫০% ভোটগণনাৰ অন্তত কংগ্ৰেছে তৃতীয় স্থানতহে থাকিবলৈ সক্ষম হৈছে। বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনে দলটোৰ ভৱিষ্যৎ ৰাজনৈতিক স্থিতিক লৈ নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে। ভোটগণনাৰ আৰম্ভণিৰ পৰাই কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা তৃতীয় স্থানত থকাৰ কথাই দলটোৰ বাবে অস্বস্তিৰ সৃষ্টি কৰে। আনহাতে, চামগুৰি, ৰূপহীহাট আৰু লাহৰীঘাটত কংগ্ৰেছৰ প্ৰভাৱ হ্ৰাস পোৱা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।
দিনৰ ১ বজালৈ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই ৩১,৬,৫৭০ ভোট লাভ কৰাৰ বিপৰীতে AIUDFৰ বদৰুদ্দিন আজমলে ২২০,৮৮৩টা ভোটেৰে দ্বিতীয় স্থানত আছে। আনহাতে ৫৭,৩৬৪টা ভোটেৰে কংগ্ৰেছৰ শিৱামণি বৰাই তৃতীয় স্থানতে ক্ষান্ত থাকিবলগীয়া হৈছে। নিৰ্বাচনৰ আগতে বিভিন্ন মন্তব্যৰে কিছু চৰ্চাত থকা নিৰ্দলীয় প্ৰাৰ্থী ইউনুছ তামুলীয়ে দিনৰ ১ বজা পৰ্যন্ত লাভ কৰিছে মাত্ৰ ১,০১৭টা ভোট।
চামগুৰিত কংগ্ৰেছৰ পৰম্পৰাগত শক্তিৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ইয়াত বদৰুদ্দিন আজমলৰ দল AIUDF-এ কংগ্ৰেছক পিছ পেলাইছে। আনহাতে, ৰকিবুল হুছেইনৰ পুত্ৰ কংগ্ৰেছৰ বিধায়ক তানঞ্জিল হুছেইনৰ বিধানসভা সমষ্টিটোত দ্বিতীয় স্থানত দেৱশীষ শৰ্মাৰ প্ৰভাৱ দেখা গৈছে। ৰূপহীহাটতো কংগ্ৰেছৰ নেতা নুৰুল হুদাৰ বাবে পৰিস্থিতি প্ৰত্যাহ্বানমূলক হৈ পৰিছে। সংখ্যালঘু ভোটাৰৰ সমৰ্থন হেৰুৱাইছে নেকি কংগ্ৰেছে, সেই প্ৰশ্নও উত্থাপন হৈছে। লাহৰীঘাটতো কংগ্ৰেছৰ প্ৰাৰ্থী আছিফ নাজাৰে পূৰ্বৰ প্ৰভাৱ অক্ষুণ্ণ ৰাখিব নোৱাৰিলে বুলি চৰ্চা হৈছে।
এই পৰিস্থিতিত তিনিওটা সমষ্টিৰ কংগ্ৰেছী বিধায়ক আৰু দলৰ নেতৃত্বৰ ভূমিকা সন্দৰ্ভতো আলোচনা আৰম্ভ হৈছে। তিনিওটা সমষ্টিত কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনে লোকসভা সমষ্টিটোৰ উপ-নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী শিৱামণি বৰাৰ ওপৰতো প্ৰভাৱ পেলোৱা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।
গৌৰৱ গগৈৰ পদত্যাগ দাবী অখিল গগৈৰ
কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনক লৈ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈ। তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিবলৈও দাবী জনায়। অখিল গগৈৰ মতে, গৌৰৱ গগৈৰ অহংকাৰেই কংগ্ৰেছৰ এই দুৰৱস্থাৰ অন্যতম কাৰণ। অসমৰ ৰাজনৈতিক ইতিহাসত এয়া কংগ্ৰেছৰ আটাইতকৈ শোকাৱহ পৰাজয় বুলি মন্তব্য কৰি তেওঁ কয় যে এনে পৰিস্থিতিৰ পিছত গৌৰৱ গগৈৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাৰ নৈতিক অধিকাৰ নাই।
ইয়াৰ লগতে, নিৰ্বাচনৰ মাত্ৰ এমাহ পূৰ্বে ৰাইজৰ দলক কংগ্ৰেছৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্তৰো সমালোচনা কৰে অখিল গগৈয়ে। তেওঁৰ দাবী, ৰাইজৰ দলক আঁতৰাই ৰখাৰ ৰাজনৈতিক পৰিণাম এতিয়া কংগ্ৰেছে ভুগিবলগীয়া হৈছে। অখিল গগৈয়ে বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কংগ্ৰেছে আশানুৰূপ ভোট লাভ কৰিব নোৱাৰা বিষয়টোক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁৰ মতে, এয়া কংগ্ৰেছৰ বাবে এক শোকাৱহ ৰাজনৈতিক পৰিস্থিতি।
তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছে এআইইউডিএফক ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ পৰিৱৰ্তে পুনৰ শক্তিশালী হোৱাত সহায়হে কৰিছে। অখিল গগৈৰ মতে, যিটো এআইইউডিএফক তেওঁলোকে এসময়ত ৰাজনৈতিকভাৱে দুৰ্বল কৰিছিল, কংগ্ৰেছৰ ভুল সিদ্ধান্তই সেই দলটোক পুনৰ থিয় দিয়াৰ সুযোগ দিছে। কংগ্ৰেছৰ বৰ্তমানৰ অৱস্থাক বাঁওপন্থী দলসমূহৰ নিৰ্বাচনী দুৰ্বলতাৰ সৈতে তুলনা কৰিও তেওঁ সমালোচনা কৰে। তেওঁৰ মতে, কংগ্ৰেছৰ জনভিত্তি হ্ৰাস পোৱাৰ বিষয়টো দলটোৱে গুৰুত্বসহকাৰে বিশ্লেষণ কৰা উচিত।
অখিল গগৈয়ে কংগ্ৰেছক সমৰ্থন কৰি অহা বুদ্ধিজীৱীসকলকো সমালোচনা কৰে। তেওঁ কয় যে যিসকলে ৰাইজৰ দলক সমালোচনা কৰি কংগ্ৰেছৰ পক্ষত থিয় দিছিল, তেওঁলোকেও এতিয়া দলটোৰ এনে অৱস্থাৰ কাৰণ বিচাৰ কৰি চোৱা উচিত। কংগ্ৰেছৰ বৰ্তমানৰ ৰাজনৈতিক সংকটৰ বাবে দলৰ নেতৃত্বৰ সিদ্ধান্ত, অহংকাৰ আৰু মিত্ৰতাৰ ৰাজনীতি কিমানদূৰ দায়ী, সেই বিষয়ে আত্মসমালোচনা কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁৰ বক্তব্যৰ পৰা স্পষ্ট হৈছে। সামগ্ৰিকভাৱে, নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত নতুন বিতৰ্কৰ সৃষ্টি হৈছে। বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত দলটোৰ প্ৰভাৱ হ্ৰাস পোৱাৰ অভিযোগ আৰু গৌৰৱ গগৈৰ নেতৃত্বক লৈ অখিল গগৈৰ আক্ৰমণে কংগ্ৰেছৰ ভিতৰচ’ৰাত আত্মসমালোচনাৰ প্ৰয়োজনীয়তাক পুনৰ চৰ্চালৈ আনিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















