• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

46 minutes ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

7 seconds ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

29 minutes ago
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

1 hour ago
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

1 hour ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

2 hours ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

3 hours ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

5 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

5 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

6 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

7 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

'ৰক্ষকেই যেতিয়া ভক্ষক হয়'

editor by editor
October 9, 2026
in অপৰাধ, ভাৰত, লেখা
0
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ কৃষ্ণনগৰ থানা এলেকাৰ ভোলাখেডাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ। ৫৬ বছৰীয়া হোমগাৰ্ড ৰবীন্দ্ৰ শংকৰ গুপ্তাৰ বিৰুদ্ধে পত্নী আৰু কন্যাক হ*ত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ ভুক্তভোগী নি*হত ৫০ বছৰীয়া পত্নী শ্যামা দুলাৰী আৰু ৩২ বছৰীয়া কন্যা পূজা চাহু।

আৰক্ষীৰ তথ্য অনুসৰি, শুকুৰবাৰে পুৱা এই ঘটনা পোহৰলৈ আহে। অভিযোগ অনুসৰি, নিশা পত্নী-কন্যা শুই থকা অৱস্থাত ডাটা কেবলেৰে ডিঙি চেপি হ*ত্যা কৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে অভিযুক্ত হোমগাৰ্ডজনে নিজেই ১১২ নম্বৰত ফোন কৰি আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পৰিয়ালটোত দীৰ্ঘদিন ধৰি পাৰিবাৰিক অশান্তি চলি থকাৰ কথা পোহৰলৈ আহিছে। আৰক্ষীৰ মতে, ৰবীন্দ্ৰ শংকৰ গুপ্তাৰ সৈতে পত্নীৰ প্ৰায়ে গৃহকন্দল হৈছিল। কিছুদিন পূৰ্বে স্বামীৰ সৈতে হোৱা বিবাদৰ পিছত পত্নী শ্যামা দুলাৰীয়ে গহনা লৈ ঘৰ এৰি গৈছিল। ইয়াৰ পিছত ৰবীন্দ্ৰই থানাত তেওঁৰ নিৰুদ্দেশ সম্পৰ্কে এক গোচৰো ৰুজু কৰিছিল। অৱশ্যে কেইদিনমান পিছত শ্যামা পুনৰ ঘৰলৈ উভতি আহে।

আনহাতে, কন্যা পূজা চাহুৰ ব্যক্তিগত জীৱনক লৈও পৰিয়ালটোত অশান্তি চলি থকাৰ অভিযোগ উত্থাপন হৈছে। ২০১৭ চনত পূজাৰ প্ৰথম বিৱাহ হৈছিল। প্ৰথম স্বামীৰ সৈতে বিৱাহ বিচ্ছেদ হোৱাৰ পিছত ২০২২ চনত তেওঁ পুনৰ বিৱাহপাশত আবদ্ধ হয়। কিন্তু দ্বিতীয় বিৱাহো বিচ্ছেদত অন্ত পৰাত পূজা পিতৃৰ ঘৰতে বাস কৰিছিল।

পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াৰ ভাষ্য অনুসৰি, পূজাৰ আন পুৰুষৰ সৈতে কথা-বতৰা পতাৰ বিষয়ক লৈও পিতৃৰ সৈতে মতানৈক্য হৈছিল। ইয়াৰ ফলত ঘৰখনত প্ৰায়ে কাজিয়াৰ পৰিৱেশ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে। অৱশ্যে এই পাৰিবাৰিক বিবাদেই হ*ত্যাকাণ্ডৰ প্ৰকৃত কাৰণ নেকি, সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

ডাবল মাৰ্ডাৰৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। তদন্তৰ বাবে ফিল্ড ইউনিট আৰু ফৰেনছিক বিশেষজ্ঞৰ দলো ঘটনাস্থলীত উপস্থিত হয়। দলটোৱে ঘটনাস্থলীৰ পৰা আঙুলিৰ ছাপ, হ*ত্যাকাণ্ডত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা ডাটা কেবল আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰমাণ সংগ্ৰহ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে দুয়োগৰাকী মহিলাৰ মৃ*তদেহৰ প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীৰ এগৰাকী বিষয়াৰ তথ্য অনুসৰি, নি*হত মহিলাগৰাকীৰ জ্যেষ্ঠ কন্যাই দাখিল কৰা লিখিত এজাহাৰৰ ভিত্তিত অভিযুক্ত ৰবীন্দ্ৰ শংকৰ গুপ্তাৰ বিৰুদ্ধে হ*ত্যাৰ গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। হ*ত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ, পাৰিবাৰিক বিবাদৰ সৈতে ঘটনাটোৰ সম্পৰ্ক আৰু আন কোনো কাৰকে এই ঘটনাত ভূমিকা লৈছিল নেকি, সেই সকলো দিশ তদন্ত কৰি থকা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24double Murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী
বিনোদন

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

October 9, 2026
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

October 9, 2026
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

October 9, 2026
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’
অসম

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

October 9, 2026
Next Post
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.