প্ৰায় ১০ দিন ধৰি অসমত বিচৰণ কৰি থকা পশ্চিমবংগৰ স্থানান্তৰিত বাঘিনী ‘দুৱাৰছ ৰাণী’ অৱশেষত মঙলবাৰে সন্ধিয়া উদ্ধাৰ কৰা হয়। অসমৰ কোকৰাঝাৰ জিলাৰ দোতমা অঞ্চলৰ গিলাগুৰিত বন বিভাগৰ যৌথ অভিযানত বাঘিনীটোক ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰা হয়। এতিয়া বাঘিনীটোক পুনৰ পশ্চিমবংগৰ বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ লৈ যোৱা হৈছে।
বিহাৰৰ বাল্মীকি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা অনা তিনিবছৰীয়া বাঘিনীটোক যোৱা ২ অক্টোবৰত বক্সা বনাঞ্চলত মুকলি কৰা হৈছিল। কিন্তু ২৪ অক্টোবৰত বাঘিনীটোৱে বনাঞ্চল এৰি অসমৰ ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে। এই সময়ছোৱাত বাঘিনীটোৱে ১০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰে।
অসমত প্ৰৱেশ কৰাৰ পিছত বাঘিনীটোৱে কেইবাখনো গাঁৱত বিচৰণ কৰে আৰু তিনিটা গাহৰি বধ কৰে। ইয়াৰ পিছতে অসম আৰু পশ্চিমবংগৰ বন বিভাগে বাঘিনীটোক উদ্ধাৰৰ বাবে যৌথ অভিযান আৰম্ভ কৰে। অভিযানত তিনিটা হাতী, জাল, মাটি খন্দা যন্ত্ৰ আৰু ট্ৰেংকুলাইজাৰ বন্দুক ব্যৱহাৰ কৰা হয়। কেইবাটাও প্ৰচেষ্টাৰ অন্তত অৱশেষত বাঘিনীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় বন বিভাগ।
বক্সা বনাঞ্চলত বাঘৰ সংখ্যা বৃদ্ধি আৰু ব্যাঘ্ৰ সংৰক্ষণৰ উদ্দেশ্যে পশ্চিমবংগ চৰকাৰে এই স্থানান্তৰ অভিযান আৰম্ভ কৰিছিল। বাঘৰ উপযুক্ত বাসস্থান আৰু খাদ্যৰ যোগান নিশ্চিত কৰিবলৈ বনাঞ্চলৰ সমীপৱৰ্তী গাঁৱৰ ২৪২টাকৈ পৰিয়ালকো পূৰ্বে স্থানান্তৰ কৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















