ঝাৰখণ্ডৰ লোহাৰদগাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ দ্বৈত হ*ত্যাকাণ্ড। পত্নীক আন এজন পুৰুষৰ সৈতে আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰি খঙত অগ্নিশৰ্মা হৈ পৰে স্বামী। ইয়াৰ পিছতে কুঠাৰেৰে আক্ৰমণ কৰি পত্নী আৰু তেওঁৰ কথিত প্ৰেমিকক হ*ত্যা কৰে অভিযুক্ত স্বামীয়ে। লোহাৰদগাত ভাণ্ডাৰা আৰক্ষী থানাৰ অন্তৰ্গত কুম্ভতলি গাঁৱত সংঘটিত হয় এই ঘটনা। ষঠ পূজাৰ উৎসৱৰ মাজতে সংঘটিত এই হ*ত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি, কুম্ভতলি গাঁৱৰ বাসিন্দা সোণু লাহেৰীৰ পত্নীৰ সৈতে বিহাৰৰ পাটনা জিলাৰ বাসিন্দা ৰোহিত লাহেৰীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। দুয়োৰে মাজত প্ৰথমে বন্ধুত্ব আছিল যদিও পিছলৈ এই সম্পৰ্ক প্ৰেমলৈ পৰিণত হয়। জানিব পৰা মতে, দেওবাৰে নিশা ষঠ পূজাৰ সময়তে ৰোহিত লাহেৰীয়ে সোণুৰ পত্নীক লগ কৰিবলৈ পাটনাৰ পৰা ঝাৰখণ্ডৰ কুম্ভতলি গাঁৱলৈ আহিছিল। সেই সময়ত তেওঁলোক দুয়ো ঘৰৰ এটা কোঠাত আছিল।
হঠাৎ ঘৰলৈ উভতি আহি সোণু লাহেৰীয়ে পত্নী আৰু ৰোহিতক আপত্তিজনক অৱস্থাত দেখা পায়। এই দৃশ্য দেখি তেওঁ খঙত নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি ঘৰত থকা এখন চোকা কুঠাৰ লৈ দুয়োকে আক্ৰমণ কৰে। সোণুৰ আক্ৰমণত ঘটনাস্থলীতে দুয়োৰে মৃ*ত্যু হয় বুলি জানিব পৰা গৈছে।
ইফালে, এই হ*ত্যাকাণ্ডৰ খবৰ লাভ কৰাৰ লগে লগে ভাণ্ডাৰা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে অভিযুক্ত স্বামী সোণু লাহেৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে হ*ত্যাকাণ্ডত ব্যৱহৃত কুঠাৰখনো জব্দ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলী ছীল কৰি প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহ কৰে। মৃ*তদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত সোণু লাহেৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















