• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ

সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ

1 minute ago
জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’

জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’

28 minutes ago
ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!

ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!

1 hour ago
ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ

ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ

1 hour ago
সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত

সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত

2 hours ago
দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!

দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!

3 hours ago
পৰনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা আত্মনিৰ্ভৰ অৰ্থনীতিলৈঃ নৃপেন দাস

পৰনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা আত্মনিৰ্ভৰ অৰ্থনীতিলৈঃ নৃপেন দাস

3 hours ago
দুবছৰ ধৰি গা ধোৱা নাই বলীউডৰ এইজন অভিনেতাই!

দুবছৰ ধৰি গা ধোৱা নাই বলীউডৰ এইজন অভিনেতাই!

5 hours ago
আৰক্ষীৰ বেশত আহি দিন-দুপৰতে ডকাইতি

আৰক্ষীৰ বেশত আহি দিন-দুপৰতে ডকাইতি

6 hours ago
কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ UPI সেৱা

কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ UPI সেৱা

6 hours ago
ভয়ংকৰ বিমান দুৰ্ঘটনা! বিমানখনত থকা আটাইকেইগৰাকী লোকৰ মৃত্যু

ভয়ংকৰ বিমান দুৰ্ঘটনা! বিমানখনত থকা আটাইকেইগৰাকী লোকৰ মৃত্যু

6 hours ago
কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?

কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?

7 hours ago
আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন

আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ

ওড়িশা, অন্ধ্ৰপ্ৰদেশত সতৰ্কবাণী

editor by editor
November 18, 2026
in বিবিধ, ভাৰত, লেখা
0
সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘আকৱান’ক লৈ ক্ৰমাৎ বৃদ্ধি পাইছে উদ্বেগ। সলনি হৈছে এই ঘূৰ্ণীবতাহৰ সম্ভাৱ্য গতিপথ। ইয়াৰ ফলত পূব ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ আশংকা ঘনীভূত হৈছে। বিশেষকৈ ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত ইয়াৰ প্ৰভাৱ অধিক পৰাৰ সম্ভাৱনা আছে। আনকি পশ্চিমবংগৰ কলকাতাকে ধৰি দক্ষিণ বংগৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) শেহতীয়া পৰ্যবেক্ষণ অনুসৰি, দক্ষিণ আৰু পশ্চিম-মধ্য বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহটোৱে শক্তি সঞ্চয় কৰি ক্ৰমাৎ অধিক শক্তিশালী ৰূপ ধাৰণ কৰিছে। সাগৰৰ বুকুত ইয়াৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে উপকূলীয় অঞ্চলসমূহত সতৰ্কতা অৱলম্বন কৰা হৈছে।

২০ নৱেম্বৰত স্থলভাগত প্ৰৱেশৰ আশংকা

বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি, ২০ নৱেম্বৰ শুকুৰবাৰে দুপৰীয়াৰ ভাগত অন্ধ্ৰপ্ৰদেশৰ উত্তৰ উপকূলৰ য়ানাম আৰু দক্ষিণ ওড়িশাৰ উপকূলীয় অঞ্চলৰ মাজেৰে ঘূৰ্ণীবতাহটোৱে স্থলভাগত প্ৰৱেশ কৰিব পাৰে। মছলিপট্টনমৰ পৰা পুৰীলৈ বিস্তৃত উপকূলীয় অঞ্চলত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। সেই সময়ত ঘূৰ্ণীবতাহৰ সৈতে অহা ধুমুহাৰ বতাহৰ গতিবেগ ঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। ফলত উপকূলীয় অঞ্চলত গছ-গছনি উভালি পৰা, বিদ্যুতৰ খুঁটা ক্ষতিগ্ৰস্ত হোৱা আৰু যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মাৰ আশংকা কৰা হৈছে।

ছখন জিলাত বিদ্যালয় বন্ধৰ নিৰ্দেশ

সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ওড়িশা চৰকাৰে। ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ পৰা শিক্ষাৰ্থীসকলক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে ৰাজ্যখনৰ ছখন জিলাৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশনা গঞ্জাম, গজপতি, পুৰী, জগৎসিংপুৰ, কেন্দ্ৰাপাৰা আৰু কন্ধমাল জিলাৰ চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইয়াৰ লগতে উক্ত জিলাকেইখনৰ অংগনৱাড়ী কেন্দ্ৰসমূহো ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ভূমিস্খলনৰ আশংকাত ৫৫খন গাঁও

ঘূৰ্ণীবতাহৰ প্ৰভাৱক লৈ ওড়িশাৰ ৰায়গড়া জিলাতো বিশেষ উদ্বেগৰ সৃষ্টি হৈছে। জিলাখনৰ প্ৰায় ৫৫খন ভূমিস্খলনপ্ৰৱণ গাঁৱত প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে। প্ৰচণ্ড বৰষুণৰ ফলত পাহাৰীয়া অঞ্চলত ভূমিস্খলন সংঘটিত হোৱাৰ সম্ভাৱনা থকাৰ বাবে প্ৰশাসনে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিছে। বিপদাশংকাপূৰ্ণ অঞ্চলত বসবাস কৰা লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰি ঘূৰ্ণীবতাহে স্থলভাগত আঘাত হানাৰ পূৰ্বেই উদ্ধাৰকাৰী দল সাজু কৰি ৰখা আৰু জৰুৰীকালীন সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।

কলকাতাত তিনিদিন ধৰি বৰষুণৰ আশংকা

কেৱল ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশতে নহয়, ঘূৰ্ণীবতাহৰ পৰিৱৰ্তিত গতিপথৰ প্ৰভাৱ পশ্চিমবংগতো পৰিব পাৰে। বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি, ১৯ৰ পৰা ২১ নৱেম্বৰলৈ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰষুণৰ আশংকা আছে। বিশেষকৈ কলকাতা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বজ্ৰপাতসহ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই সময়ছোৱাত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে। ইফালে পূব মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰ জিলাত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দক্ষিণ ২৪ পৰগনা, হাওৰা, ঝাৰগ্ৰাম আৰু বাঁকুড়া জিলাতো ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে। সামগ্ৰিকভাৱে ঘূৰ্ণীবতাহ ‘আকৱান’ক কেন্দ্ৰ কৰি পূব ভাৰতৰ উপকূলীয় অঞ্চলসমূহত সতৰ্কতা বৃদ্ধি কৰা হৈছে। পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে প্ৰশাসন আৰু বতৰ বিজ্ঞান বিভাগে। সম্ভাৱ্য বিপদৰ পৰা হাত সাৰিবলৈ উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!
জীৱনশৈলী

ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!

November 18, 2026
ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ
অপৰাধ

ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ

November 18, 2026
সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত
অসম

সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত

November 18, 2026
দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!
জীৱনশৈলী

দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!

November 18, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.