অসম লাইভ ২৪ঃ সমগ্ৰ দেশৰ লগতে অসমতো তীব্ৰ গতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। ৰাজ্যৰ ভিতৰত গুৱাহাটী মহানগৰীত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ক’ৰোনাত। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈছে ২৮১ গৰাকী। সম্প্ৰতি অসমত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২,১৯,৫৫৩ গৰাকীলৈ। ইয়াৰোপৰি যোৰহাটত ১জন আৰু কাছাৰত ২জন কোভিড ৰোগীৰ মৃত্যু হৈছে। কোভিড সংক্ৰমিত ব্যক্তিসকলৰ ১৫৩ গৰাকী গুৱাহাটী মহানগৰীৰ, ১১ গৰাকী যোৰহাটৰ আৰু ১০জন শোনিতপুৰৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















