অসম লাইভ ২৪ঃ কোভিড মহামাৰীৰ দ্বিতীয় লহৰৰ কঠিন পৰিস্থিতিৰ মাজতে আৰম্ভ বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় মেলা ‘কুম্ভ মেলা’। সোমবাৰে পুৱা সম্পূৰ্ণ কোভিড বিধি মানি গংগাত ‘শ্বাহী স্নান’ অগনন ভক্তৰ। ১২ এপ্ৰিল, ১৪ এপ্ৰিল আৰু ২৭ এপ্ৰিলত অনুষ্ঠিত হ’ব শ্বাহী স্নান। হৰিদ্বাৰৰ কুম্ভ মেলাত কোভিড প্ৰট’কল মানিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা কুম্ভ মেলা ৩০ এপ্ৰিলত অন্ত পৰিব। দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিৰ বাবে এইবৰ্ষত কেৱল ১ মাহৰ বাবে অনুষ্ঠিত কৰা হ’ব মেলা। কুম্ভ মেলাত সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকাত পূৰ্বেই জনসমাগম নিয়ন্ত্ৰনৰ বাবে উত্তৰাখণ্ড প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মেলা অনুষ্ঠিত হোৱা স্থানত ৩৫০ CCTV কেমেৰাৰ ব্যৱস্থা কৰাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ভক্তৰ বাবে। হৰিদ্বাৰৰ বিভিন্ন ঘাটত স্নান কৰিবৰ বাবে ভক্তই কোভিড পৰীক্ষণ কৰাটো বাধ্যতামূলক কৰিছে উত্তৰাখণ্ড প্ৰশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ