অসম লাইভ ২৪ঃ ছ’চিয়েল মিডিয়াত চৰ্চিত এগৰাকী প্ৰতিষ্ঠিত গায়িকাৰ এটা ভিডিঅ’ ক্লিপ। গায়িকাৰ কণ্ঠত গীত শুনি নিজৰ গালতেই চৰ শোধাইছিল আচম্বিত বিচাৰকে। ২০০৪ চনত অনুষ্ঠিত Indian idol seasons 2ৰ অডিচনৰ এই বিশেষ ভিডিঅ’ ক্লিপটো এতিয়া পুনৰ চৰ্চালৈ আহিছে। সেইসময়ৰ প্ৰতিযোগী তথা বৰ্তমানৰ Indian idolৰ বিচাৰক নেহা কাক্কৰৰ গীত শুনি বিচাৰক অনু মালিকে প্ৰকাশ কৰিছিল এই প্ৰতিক্ৰিয়া। তেওঁৰ প্ৰদৰ্শনত অসন্তুষ্ট আছিল বিচাৰকগৰাকী। প্ৰতিযোগিতাৰ পৰা বহিষ্কৃত হৈছিল নেহা কাক্কৰ। কিন্তু বিচাৰকৰ এই সিদ্ধান্তই পিছলৈ অধিক শক্তিশালীহে কৰিছিল কণ্ঠশিল্পীগৰাকীক। তাৰ কিছু বছৰৰ পাছত কঠোৰ অনুশীলন আৰু নিজৰ প্ৰতিভাৰ বলত বলীউড জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল নেহা কাক্কৰে। ইটোৰ পাছত সিটো গীতে লাভ কৰিছিল জনপ্ৰিয়তা। ক্ৰমান্বয়ে বৃদ্ধি পাইছিল অনুৰাগীৰ সংখ্যা। এসময়ৰ এইগৰাকী বহিষ্কৃত প্ৰতিযোগীয়ে বৰ্তমান বলীউড জগতত দপদপাই থকাৰ লগতে Indian idolৰ বিচাৰকৰ আসন অলংকৃত কৰিবলৈ সক্ষম হৈছে।
— A LIT MeMeR☣ (@SarcasticGupta) April 11, 2021
जब नेहा कक्कड़ का गाना सुन कर अनु मलिक ने मारा अपने आप को थप्पड़😂😂 pic.twitter.com/aHSSbN7tWw
— मंदोदरी (@Mrs_Raavan_) April 9, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ