• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৈশৱৰ পৰিয়ালৰ আৰ্থিক সংকটৰ পৰা ভাৰতৰত্নলৈ লতাৰ বৰ্ণিল জীৱন পৰিক্ৰমা…

শৈশৱৰ পৰিয়ালৰ আৰ্থিক সংকটৰ পৰা ভাৰতৰত্নলৈ লতাৰ বৰ্ণিল জীৱন পৰিক্ৰমা…

4 years ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

14 minutes ago
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

34 minutes ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

49 minutes ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

1 hour ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

2 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

3 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

4 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

4 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

5 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

6 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শৈশৱৰ পৰিয়ালৰ আৰ্থিক সংকটৰ পৰা ভাৰতৰত্নলৈ লতাৰ বৰ্ণিল জীৱন পৰিক্ৰমা…

editor by editor
February 6, 2022
in অসম, চিনেমা, ভাৰত, সংগীত
0
শৈশৱৰ পৰিয়ালৰ আৰ্থিক সংকটৰ পৰা ভাৰতৰত্নলৈ লতাৰ বৰ্ণিল জীৱন পৰিক্ৰমা…
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম গুম জায়েগা

চেহৰা য়ে বদল জায়েগা

মেৰী আৱাজ হী পেহচান হে

অগৰ য়াদ ৰহে… (আলফা)

(নাম গুম জায়েগা)

এটা মাত, এটা কণ্ঠ, এটা সুৰ৷ যি মাত, যি কণ্ঠ বা যি সুৰৰ আঁত ধৰি পাৰ হৈছে ধনী-দুখীয়া প্ৰতিজন লোকৰ শৈশৱ, কৈশোৰ বা যৌৱনত নোপোৱাৰ বিৰহ-বেদনা৷

কোনো উপমা, কোনো অলংকাৰ, কোনো শব্দই তুলনা কৰিব নোৱাৰা বিশ্বত সংগীতৰ শাসনকৰ্তা লতা দিদি আজি নিৰৱ, নিস্তব্ধ৷ দেওবাৰে ৯২ বছৰ বয়সত এগৰাকী মহান সুৰৰ একছত্ৰী সম্ৰাজ্ঞীৰ মৃত্যু হয়৷

আজিৰ দিনটোৰ পৰা যদি আমি লতা মংগেশকাৰৰ জীৱন পৰিক্ৰমা এডাল ডোলেৰে জুকিয়াই চাবলৈ চেষ্টা কৰো তেন্তে আমি পাওঁ ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত জন্ম হৈছিল৷

সকলোৱে মৰমতে দিদি বুলি সম্বোধন কৰা লতা মংগেশকাৰৰ প্ৰথম নাম আছিল হেমা৷ কিন্তু ২ বছৰ বয়সত নাম সলনি কৰি মাতৃয়ে হেমা নাম আঁতৰাই নতুন নাম ৰাখিছিল লতা৷

লতা দিদিৰ পিতৃ দীননাথ মংগেশকাৰ আছিল ভাৰতীয় সংগীতৰ এজন সাধক৷

প্ৰথম অৱস্থাত লতা দিদিক সংগীতৰ শিক্ষাৰ ক্ষেত্ৰত অকণো গুৰুত্ব দিয়া নাছিল সংগীতৰ গুৰু তথা পিতৃ দীননাথ মংগেশকাৰে৷

এদিন পিতৃৰ কাষত সংগীত শিকিবলৈ অহা এগৰাকী শিষ্যই ভুলকৈ এটা গান গাই আছিল৷ তেতিয়াই পিতৃৰ অনুপস্থিতিত শিষ্যগৰাকীৰ গানৰ সুৰ আৰু শব্দ শুধৰাই দিছিল কণমানি লতা মংগেশকাৰে৷ সেই সময়তে লতাই নজনাকৈ পিতৃ ৰৈ আছিল কণমানি লতাৰ পিছফালে৷ আৰু পিতৃ দীননাথ মংগেশকাৰে অনুভৱ কৰিছিল সাক্ষাৎ সৰস্বতী চোন ঘৰতেই উপস্থিত আছে৷

তাৰ পাছতেই লতা দিদিৰ সংগীতৰ ঘৰুৱা শিক্ষা ঘৰতে আৰম্ভ হয়৷ লাহে লাহে কণমানি লতা মংগেশকাৰে পিতৃৰ সৈতে একেলগে বিভিন্ন মঞ্চই মঞ্চই আৰম্ভ কৰিছিল সংগীতৰ যাত্ৰা৷ কিন্তু তাৰ মাজতে ঘটিল সেই দুৰ্ঘটনাটো৷

১৯৪২ চনৰ কোনোবা এটা দিনত হঠাৎ মৃত্যু হয় পিতৃ দীননাথ মংগেশকাৰৰ৷

সেই সময়ত বৰ জীয়ৰী লতা মংগেশকাৰৰ বয়স আছিল মাত্ৰ ১৩ বছৰ৷

পিতৃৰ বিয়োগত ২ গৰাকী ভগ্নীৰ সৈতে পৰিয়ালৰ সমস্ত দায়িত্ব কান্ধ পাতি লৈছিল ১৩ বছৰীয়া কণমানি লতাই। কিন্তু অবুজ বয়সত পৰিয়ালৰ দায়িত্ব কান্ধ পাতি লৈ যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। আনকি আৰ্থিক সংকট পৰি বিদ্যালয়ত মাচুল দিব নোৱাৰাৰ বাবে লতা মংগেশকাৰক বহিষ্কাৰ কৰিছিল বিদ্যালয় কৰ্তৃপক্ষই। যাৰবাবে সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ বাদে জীৱনত বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা লাভৰ কোনো সুযোগ লাভ নকৰিলে লতা মংগেশকাৰে। লাহে লাহে কেইবছৰমানৰ পাছত লতা মংগেশকাৰে সংগীতৰ শিক্ষাকে সাৰোগত কৰি সেই সময়ৰ বোম্বেলৈ যাত্ৰা কৰিছিল।

সংগীতৰ বাবে ছবি জগতত খোজ পেলোৱা লতা মংগেশকাৰক সংগীতৰ বিপৰীতে সেই সময়ত হিন্দী ছবিসমূহত জুনিয়ৰ আৰ্টিষ্ট হিচাপে সৰু সৰু চৰিত্ৰতহে অভিনয়ৰ সুযোগ দিয়া হৈছিল। যাক লৈ একেবাৰেই সুখী নাছিল লতা মংগেশকাৰ।

শেষত অভিনয়ৰ পৰা লাহে লাহে সংগীতৰ দিশেৰে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছিল লতা মংগেশকাৰে। কিন্তু সংগীতৰ অ’ডিচনৰ বাবে যোৱা লতা মংগেশকাৰৰ কণ্ঠক সেইসময়ত কোনো সংগীত পৰিচালকে পচন্দ কৰা নাছিল। পচন্দ নকৰা সংগীত পৰিচালকসমূহৰ অভিযোগ আছিল লতাৰ কণ্ঠতো পাতল৷ ইমান পাতল কণ্ঠৰ গায়িকাৰ গীত গ্ৰহণ নকৰে সংগীত প্ৰেমীয়ে৷

কিন্তু হাৰ মনা নাছিল লতা মংগেশকাৰে। শিলৰ দৰে বজ্ৰকঠিন স্থিতি লৈ সংগীতৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত যুদ্ধ অব্যাহত ৰাখিছিল লতাই। কিন্তু সেই সময়তে সংগীত পৰিচালক তথা পিছৰ পৰ্যায়ত সংগীতৰ ক্ষেত্ৰখনত লতা দিদিৰ গডফাদাৰ পথপ্ৰদৰ্শক হিচাপে চিহ্নিত হোৱা মাষ্টাৰ গোলাম হাইদৰ চাহাবৰ চকু লতা দিদিৰ ওপৰত পৰিছিল। আৰু গোলাম হাইদৰ চাহাবে লতা দিদিক সাহস দি কৈছিল ‘লতাৰ দৰে কণ্ঠ কোনো শিল্পীৰে নাই। এটা সময় এনেকুৱা আহিব যে সকলো কণ্ঠ তল পৰি কেৱল লতাৰ কণ্ঠই জগত জিনিব।’

আৰু শেষত সেয়াই হ’ল৷ তাৰ পাছত আৰু লতা দিদিয়ে উভতি চাব লগা হোৱা নহ’ল। উশাহ সলাবলৈ সময় নোপোৱাকৈ ইটোৰ পাছত সিটোৰ গীতৰ বাণীবন্ধন। ৰেকৰ্ডিঙৰ পাছত ৰেকৰ্ডিং। আৰু শেষত এনে এটা সময় আহিল ১৯৭৪ চনত লতা দিদিৰ নাম গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ’ল বিশ্বৰ সৰ্বাধিক গীত গায়িকা হিচাপে৷

কাৰ গীতত কণ্ঠ নিগৰোৱা নাছিল লতা দিদিয়ে। তাৰ ভিতৰত অন্যতম মাষ্টাৰ গোলাম হাইদৰ চাহাব, নছৰত চাহাব, শংকৰ জয় কিষাণ যুতি, মোহনলাল চাহাব, লক্ষ্মীকান্ত প্যাৰেলালা, আৰ ডি বৰ্মন, কল্যাণজী-আনন্দজী আদি সকলো সংগীত পৰিচালকে গীত ৰেকৰ্ডিঙৰ বাবে লতা দিদিৰ সৈতে উথপথপ লগাইছিল।

সেই সময়তে পৰিয়ালৰ দায়িত্ব কান্ধ পাতি লৈ আৰ্থিক সমস্যাত দিন কটোৱা লতা দিদিয়ে পৰিয়ালৰ বাবে বিয়াত নবহাৰ সিদ্ধান্ত লৈছিল। সংগীতকে জীৱন দৰ্শন হিচাপে লৈ আগবঢ়া লতা দিদিয়ে সংগীতক ইমান শ্ৰদ্ধা আৰু ভক্তি কৰিছিল যে আৰম্ভণিৰ পৰা অন্তিম মুহূৰ্তলৈকে যিমানবোৰ গীত ৰেকৰ্ড কৰিছিল সকলোবোৰ গীত বাণীবদ্ধৰ সময়ত ষ্টুডিঅ’ৰ দুৱাৰ ডলিতো চেণ্ডেল খুলি প্ৰৱেশ কৰিছিল আৰু চেণ্ডেল খুলি গীত পৰিবেশন কৰিছিল। আৰু এনেদৰে চেণ্ডেল খুলিয়েই ভাৰতৰ ভিন্ন ভাষাৰ লাখ লাখ গীতত কণ্ঠ নিগৰাইছিল।

লতা দিদি তথা লতা মংগেশকাৰৰ এটা মধুৰ সম্পৰ্ক আছিল অসমৰ সৈতে। শ্ৰদ্ধাৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নেতৃত্বত অসমৰ বহুকইটা চিৰ সেউজ গীতত লতা মংগেশকাৰে কণ্ঠ নিগৰাইছিল৷

পদ্মভূষণ (১৯৬৯), দাদা চাহেব ফাল্কে বঁটা (১৯৮৯), পদ্ম বিভূষণ (১৯৯৯), দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন (২০০১)ৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা এইগৰাকী বিশ্ববৰেণ্য উপমা-অলংকাৰেৰে তুলনাবিহীন মহান শিল্পীয়ে ২০২২ চনৰ ৬ ফেব্ৰুৱাৰী তথা আজিৰ দিনটোত শেষ নিশ্বাস ত্যাগ কৰে৷

লতা দিদিৰ মৃত্যুত সমগ্ৰ বিশ্ববসীৰ লগতে শোকত ম্ৰিয়মান ‘অসম লাইভ ২৪’ৰ পৰিয়ালেও সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Lata Mangeskar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

May 25, 2026
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?
অপৰাধ

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

May 25, 2026
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?
অসম

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

May 25, 2026
Next Post
সমস্যাত ‘মেটা’; বন্ধ হ’ব ফে’চবুক আৰু ইনষ্টাগ্ৰাম!

সমস্যাত ‘মেটা’; বন্ধ হ’ব ফে’চবুক আৰু ইনষ্টাগ্ৰাম!

ঈশ্বৰ আল্লা তেৰে নাম… ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন শ্বাহৰুখ খান

ঈশ্বৰ আল্লা তেৰে নাম… ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন শ্বাহৰুখ খান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.