শ্বেইকছপীয়েৰে এষাৰ অতি সাৰুৱা কথা কৈছিল৷ ‘‘এজ ইউ লাইক ইট’’ত কৈছিল, ‘‘মূৰ্খই নিজকে জ্ঞানী বুলি ভাবে, কিন্তু জ্ঞানী ব্যক্তিজনে নিজকে মূৰ্খ বুলি জানে।’’ অৰ্থাৎ মুৰ্খসকলে নিজকে অ’ভাৰস্মাৰ্ট বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰে আৰু স্মাৰ্টসকলে নিজকে উন্মুক্ত কৰি নিদিয়ে৷
ডেভিদ ডানিং আৰু জাষ্টিন ক্ৰুগা নেতৃত্বত কৰ্ণেল বিশ্ববিদ্যালয়ৰ এক অধ্যয়নে দেখুওৱাইছে যে যদি আপুনি নিজৰ বুদ্ধিদীপ্ততাৰ সম্পৰ্কে সঠিকভাৱে জ্ঞাত নহয় তেনে আপুনি যথেষ্ট বুদ্ধিমান৷ ই নিজৰ সীমাৱদ্ধতাক উপলব্ধি কৰিবলৈ আপোনাক যথেষ্ট চিন্তাশীল হোৱাৰ ইংগিত বহন কৰে৷
সাধাৰণতে সংগীতৰ সংগই শিশুৰ বুদ্ধিদীপ্ততা বিকাশত সহায় কৰে, বহু অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে৷
২০১১ চনৰ এক অধ্যয়নত দেখা গৈছিল যে ৪ ৰপৰা ৬ বছৰীয়া শিশুৰ মাজত মৌখিক বুদ্ধিমত্তাৰ পৰীক্ষাত নম্বৰ মাত্ৰ এমাহৰ সংগীত পাঠৰ পিছত বৃদ্ধি পাইছিল।
গ্লেন শ্লেনবাৰ্গৰ নেতৃত্বত ২০০৪ চনত কৰা এক অধ্যয়নত দেখা গৈছিল যে ৯ মাহৰ কীব’ৰ্ড বা ভইচ পাঠ গ্ৰহণ কৰা ৬ বছৰীয়া শিশুৰ নাটকৰ পাঠ গ্ৰহণ কৰা বা কোনো শ্ৰেণী নোহোৱা শিশুতকৈ অধিক IQ বৃদ্ধি হৈছিল।
ইফালে, শ্লেনবাৰ্গৰ নেতৃত্বত ২০১৩ চনত কৰা এক অধ্যয়নত কোৱা হৈছিল যে উচ্চ প্ৰাপ্তিপ্ৰাপ্ত শিশুৱেই সংগীতৰ পাঠ লোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। অৰ্থাৎ, অধ্যয়নটোৱে কৈছে যে বাস্তৱ পৃথিৱীত, সংগীতৰ প্ৰশিক্ষণে বুদ্ধিদীপ্ততা বৃদ্ধি কৰে৷
ইয়াতে আমি বুদ্ধিদীপ্ততাৰ কেইটামান লক্ষণ উল্লেখ কৰিবলৈ প্ৰয়াস কৰিছোঃ-
১. জ্যেষ্ঠতা!
নৰৱেৰ এপিডেমিঅ’লজিষ্টসকলে ১৯৬৭ চনৰ পৰা ১৯৭৬ চনৰ ভিতৰত জন্ম হোৱা প্ৰায় ২ লাখ ৫০ হাজাৰ ১৮ আৰু ১৯ বছৰীয়া পুৰুষৰ জন্মক্ৰম, স্বাস্থ্যৰ স্থিতি আৰু IQ নম্বৰ পৰীক্ষা কৰিছিল। উক্ত ফলাফলে দেখুৱাইছে যে গড় হিচাপে প্ৰথম সন্তানৰ IQ আছিল ১০৩, দ্বিতীয় সন্তানৰ ১০০ আৰু তৃতীয় সন্তানৰ ৯৯। অৰ্থাৎ ফলাফলে ক্ৰমাগতভাৱে জ্যেষ্ঠ সন্তান বুদ্ধিদীপ্ত বুলি প্ৰতীয়মান কৰিছে৷ অৱশ্যেই ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয়৷
২. ক্ষীণ
২০০৬ চনত বিজ্ঞানীসকলে পাঁচ বছৰ ভিতৰত প্ৰায় ২,২০০ গৰাকী প্ৰাপ্তবয়স্কৰ বুদ্ধিমত্তা পৰীক্ষা কৰাৰ ফলাফল প্ৰকাশ কৰিছিল৷ ফলাফলত পোৱা গৈছিল যে কঁকাল যিমানে ডাঙৰ হয় বুদ্ধিদীপ্ততা সিমানে কম হয়। অৰ্থাৎ অধ্যয়নে দেখুওৱাইছে যে ক্ষীণসকলৰ বুদ্ধিদীপ্ততা শকতসকলতকৈ বেছি৷ অৱশ্যে ইয়াৰো ব্যতিক্ৰম নোহোৱা নহয়৷
৩. বাওঁহাতীয়া
অধ্যয়নে দেখুওৱাইছে বাওঁহাতীয়া মানুহৰ বুদ্ধিদীপ্ততা বেছি৷ গৱেষণাই বাওঁহাতীয়া লোকৰ ‘ভিন্ন চিন্তাধাৰা’ৰ আৰু ‘সৃজনীশীলতা’ বেছি বুলি প্ৰকাশ পাইছে৷
ইয়াৰ উপৰিও উচ্চতা থকা লোক, চিন্তান্বিত, হাস্যবদন, কৌতূহলী, বিশৃংখল, ফেঁচাৰ দৰে নিশাচৰ আদি গুণবোৰ থকা লোকৰো বুদ্ধিমত্তা অধিক বুলি গৱেষণা আদিত প্ৰমাণ হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ