• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘গাৰ্গী’- পুৰুষৰ অহমিকা আৰু নাৰীৰ যন্ত্ৰণাৰ সুস্পষ্ট প্ৰকাশ!

‘গাৰ্গী’- পুৰুষৰ অহমিকা আৰু নাৰীৰ যন্ত্ৰণাৰ সুস্পষ্ট প্ৰকাশ!

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘গাৰ্গী’- পুৰুষৰ অহমিকা আৰু নাৰীৰ যন্ত্ৰণাৰ সুস্পষ্ট প্ৰকাশ!

editor by editor
September 9, 2022
in চিনেমা, ভাৰত
0
‘গাৰ্গী’- পুৰুষৰ অহমিকা আৰু নাৰীৰ যন্ত্ৰণাৰ সুস্পষ্ট প্ৰকাশ!
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিমলী বৰকটকীঃ তামিল ভাষাৰ এই চিনেমাখনৰ নামটো চিনেমাৰ মূখ্য চৰিত্ৰৰ নামেৰে নামাঙ্কৃত কৰা হৈছে। গতিকে, নামৰ পৰাই বুজিবলৈ কিছু সহজ যে এইখন এখন নাৰীকেন্দ্ৰিক চিনেমা। হয়, নাৰীজনিত অপৰাধকেন্দ্ৰিক, উৎকন্ঠাধৰ্মী ছবি গাৰ্গী। গত জুলাই মাহত মুক্তিপ্ৰাপ্ত ছবিখনৰ পৰিচালনা কৰিছে গৌথম ৰামচন্দ্ৰনে। যুটীয়াভাৱে কাহিনী আৰু চিত্ৰনাট্য লিখিছে হৰিহৰণ ৰাজু আৰু গৌতম ৰামচন্দ্ৰনে। মুখ্য চৰিত্ৰ অৰ্থাৎ গাৰ্গীৰ নাম ভূমিকাত অভিনয় কৰিছে ছাই পল্লবীয়ে। ছবিখন বৰ্তমান চ’নী লিভত উপলব্ধ।

অপৰাধী এজন ন্যায়িকভাৱে দোষী সাব্যস্ত হোৱা আৰু শাস্তি পোৱা যিমানে জৰুৰী, ঠিক সিমানেই নিৰপৰাধী এজন দোষমুক্ত হোৱাও সমানেই জৰুৰী। গাৰ্গী এগৰাকী স্কুলৰ শিক্ষয়িত্ৰী। খুব সাধাৰণভাৱে চলি যোৱা গাৰ্গী আৰু গাৰ্গীৰ পৰিয়ালৰ স্বাভাৱিক জীৱনযাত্ৰাৰে চিনেমাৰ এক সহজ আৰম্ভণি।

এটি এপাৰ্টমেন্টত ছিকিউৰিটি গাৰ্ডৰ কাম কৰা গাৰ্গীৰ বয়স্ক পিতৃ সেই এপাৰ্টমেন্টৰেই এজনী কিশোৰীৰ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হয়। ঠিক গাৰ্গীৰ পিতৃ গ্ৰেপ্তাৰ হোৱাৰ আগৰ পৰা গাৰ্গীৰ মনত চেগা-চোৰোকাকৈ নিজ শৈশৱত শিক্ষকৰ দ্বাৰা যৌন-নিপীড়নৰ সন্মুখীন হোৱাৰ দুখৰীয়া ছবি ফ্লেছবেকত দেখোৱাই থকা হয়। সমগ্ৰ জনতা, পৰিচিত ব্যক্তি সকলোৰে তিৰস্কাৰ নেওচি পিতৃৰ নিৰ্দোষিতাৰ ওপৰত আকুন্ঠ আস্থা ৰাখি গাৰ্গীয়ে পিতৃক অপৰাধমুক্ত কৰাৰ যাত্ৰা আৰম্ভ কৰে। বিভিন্ন বাধা-বিঘিনিৰ মাজেৰে মূলতঃ গাৰ্গীৰ এই যাত্ৰাৰ কাহিনীৰেই ছবিৰ কাহিনীভাগ আগবাঢ়ে।

লগতে পঢ়ক কিশোৰৰ যৌনাংগত সোমাল ইউএছবি কেবল, চিকিৎসকে অস্ত্ৰোপচাৰেৰে আনিলে উলিয়াই

কাহিনীৰ গতি মসৃণ, ক’তো ৰৈ যোৱাৰ অৱকাশ নাই৷ যদিও ক’তো তড়িৎ গতিৰো প্ৰয়োগ নাই। প্ৰথমাৰ্দ্ধৰ শেষৰ ফালৰ পৰা আৰম্ভ হোৱা ক’ৰ্টৰুমৰ বাদানুবাদৰ খেলাখনৰ পৰাই চিনেমাৰ মনোগ্ৰাহীতা বৃদ্ধি পোৱাৰ লগতে কাহিনীয়ে ৰূপ সলাবলৈ আৰম্ভ কৰে। কোনো স্থূল বা উদ্ভট নাটকীয়তাৰ অৱতাৰণা নকৰাকৈ তৃতীয় লিংগৰ ন্যায়াধীশৰ চৰিত্ৰটিৰ উপস্থাপনৰ লগতেই তেওঁ‌ৰ মুখত এটি পৰিস্থিতি সাপেক্ষ তথা শক্তিশালী সংলাপ দিয়া হৈছে— ‘‘মই পুৰুষৰ অহমিকা আৰু নাৰীৰ যন্ত্ৰণা দুয়োটিকেই অনুভৱ কৰিবলৈ সক্ষম!’’

চৰিত্ৰটি ছবিখনৰ আন চৰিত্ৰসমূহৰ দৰেই সহজ। শিশু বা কিশোৰীৰ যৌন নিৰ্যাতন এক অতিশয় স্পৰ্শকাতৰ বিষয়। এই বিষয়ক কেন্দ্ৰ কৰি ইতিমধ্যেই যথেষ্ট চিনেমাৰ নিৰ্মাণো হৈছে। শেহতীয়াভাৱে চাই লিখা একেই বিষয়বস্তুৰ বলীউডৰ চিনেমা আছিলে ‘এ থাৰ্ছডে’, যি বিষয়বস্তুৰ গভীৰতালৈ যোৱাত সম্পূৰ্ণৰূপে বিফল হৈছিলে। পিছে গাৰ্গীত এই গভীৰতা, স্পৰ্শকাতৰতাক বহু সময়তেই খুব ন্যূনতম সংলাপৰ ব্যৱহাৰৰে আৰু যথোপযুক্ত অভিব্যক্তিৰ মাজেৰেই তুলি ধৰা হৈছে। সংলাপৰ ব্যৱহাৰ কম মানেই অভিব্যক্তিৰ কাম অধিক অৰ্থৱহ কৰি তোলা, যি সুচাৰুৰূপে ফুটাই তুলিব পৰাতো, পৰিচালক-চিত্ৰনাট্যকাৰ দুয়োৰে সফলতা। পিতৃ আৰু কন্যাৰ সম্পৰ্ক আৰু নিৰাপত্তাবোধৰ বান্ধোনৰ মাধ্যমেৰে, গাৰ্গী আৰু তাইত পিতৃ আৰু ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ পিতৃ-দুই বিপৰীত পক্ষক একেটি আৱেগৰে সংপৃক্ত কৰিছে কাহিনীকাৰে। এই একেটি আৱেগৰ প্ৰয়োগৰেই শেষাংশৰ ফালে শক্তিশালী, সংলাপবিহীন আৰু সমৃদ্ধ কিছুক্ষণৰ দৃশ্যাংশৰ উপস্থাপন দুই কাহিনীকাৰৰ এক সাফল্যই।

অভিনয় গাৰ্গীৰ এক উল্লেখনীয় দিশ। মূলতঃ মূখ্য চৰিত্ৰত অভিনয় কৰা ছাই পল্লবীৰ অভিনয়ক অভিনয় নুবুলি নিজ চৰিত্ৰত একাত্ম হৈ পৰা বুলিব পাৰি। লগতেই বাকী চৰিত্ৰসমূহো নিজ নিজ ভূমিকাত স্বাভাৱিক। শ্ৰায়ান্তি প্ৰেমকৃষ্ণ আকাট্টুৰ আলোকশিল্পৰ কাম প্ৰশংসনীয়। যেনে মানসিকভাৱে ভগ্ন অৱস্থা এটাত পৰিয়ালৰ তিনিও সদস্য একেলগে মজিয়াত নীৰৱে বহি থকা দৃশ্যক কাষৰ এন্ধাৰ কোঠালিৰ পৰা কৰা দৃশ্যায়ন অতি অৰ্থৱহ।

লগতে পঢ়ক গাৰ্হস্থ্য হিংসা, যৌন নিৰ্যাতনৰ বলি! এইবাৰ কণ্ঠশিল্পী হানি সিঙেৰে বিবাহ বিচ্ছেদ পত্নীৰ

উদ্বেগজনিত নিশাত অধিবক্তা ইন্দ্ৰনছৰ মূৰৰ ওপৰত এটি শ্বেডযুক্ত স্তিমিত পোহৰৰ লাইট আৰু চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী ভাসমান হৈ থকা দৃশ্যাংশই ইন্দ্ৰনছৰ মানসিক অৱস্থাক প্ৰতীকাৰ্থত দৰ্শাই। গোবিন্দ বছন্তাৰ আৱহ সংগীতো পৰিস্থিতি সাপেক্ষ। চিনেমাৰ তৰংগ শীৰ্ষ অপ্ৰত্যাশিত, আৰু তাৎক্ষণিকভাৱে পট-পৰিৱৰ্তক। আৰু সমগ্ৰ চিনেমাখন জুৰি বা শেষাংশ পৰ্যন্ত ইয়াৰ উমান লগাব নোৱাৰাকৈ নিখুঁট আৰু মসৃণ ট্ৰিটমেন্ট। পৰিচালক, কাহিনীকাৰ ইয়াতেই সফল।

লেখিকাৰ মেইল-rimli.borkotoky1985@gmail.com

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamGargiMovie
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
জ্যোতি ডেকাক কোনে বাধ্য কৰালে প’ষ্ট Delete কৰিবলৈ?

জ্যোতি ডেকাক কোনে বাধ্য কৰালে প’ষ্ট Delete কৰিবলৈ?

চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা

চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.