লোকসভা নিৰ্বাচনত কেৰালাৰ ৱায়ানাড আৰু উত্তৰপ্ৰদেশৰ ৰায়বৰেলীৰ পৰা সাংসদ নিৰ্বাচিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ ৰাহুল গান্ধী ৰায়বৰেলীৰ সাংসদ হৈ থাকি কেৰালাৰ ৱায়ানাডৰ আসন খালী কৰি দিব। সেই আসনৰ পৰা তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী ইনিংছ আৰম্ভ কৰিব৷ উপ-নিৰ্বাচনেৰে নিৰ্বাচনী যুঁজত নামিব প্ৰিয়ংকা গান্ধী৷ কংগ্ৰেছে এই সিদ্ধান্ত ৰাজহুৱা কৰাৰ পাছতেই বিশেষ প্ৰশ্ন উত্থাপন কৰিছে এইবাৰ আচাৰ্য প্ৰমোদ কৃষ্ণমে।
আচাৰ্য প্ৰমোদ কৃষ্ণমে কয়, প্ৰিয়ংকা গান্ধী কংগ্ৰেছৰ আটাইতকৈ জনপ্ৰিয় মুখ। উপ-নিৰ্বাচনত তেওঁক টিকট দি তেওঁৰ জনপ্ৰিয়তা হ্ৰাস কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰিয়ংকা গান্ধীক ৱায়ানাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ যে হিন্দুৰ ওপৰত বিশ্বাস নাই সেই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে৷’
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনৱালাই প্ৰিয়ংকাই ৱাইনাডত টিকট লাভ কৰাক লৈ কয়, “ৰাহুল গান্ধীৰ ৱায়নাডৰ আসন এৰাৰ সিদ্ধান্ত আৰু তাৰ পৰাই তেওঁৰ ভগ্নীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তৰ পিছত আজি স্পষ্ট হৈ পৰিছে যে, কংগ্ৰেছ কোনো ৰাজনৈতিক দল নহয় বৰঞ্চ পৰিয়াল কোম্পানীহে।”
কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে প্ৰিয়ংকাই ৱাইনাডৰ প্ৰাৰ্থী বুলি ঘোষণা কৰাৰ পাছতেই প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাডাবাসীক ৰাহুল গান্ধীক মিছ নকৰিবলৈ আশ্বাস দিয়ে। প্ৰিয়ংকাই কয়, “মই ৱায়ানাডক ৰাহুল গান্ধীক মিছ কৰিবলৈ নিদিওঁ। মই কঠোৰ পৰিশ্ৰম কৰিম, ৱায়ানাডৰ সকলোকে সন্তুষ্ট কৰিবলৈ মোৰ সাধ্য অনুসৰি চেষ্টা কৰিম, আৰু এগৰাকী ভাল প্ৰতিনিধি হ’ম বুলি কথা দিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ