ডিজিটেল ডেস্কঃ পিতৃহীন হোৱাৰ অবুজ বেদনা বুকুত বান্ধি লৈ ভ্ৰাম্যমাণৰ মঞ্চ কপালে এগৰাকী অভিনেতাই। নিজৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু অভিনয়ৰ প্ৰতি থকা পৰম হেপাঁহৰ বাবেই হয়তো এয়া সম্ভৱ হল। পিতৃহীন হোৱাৰ দিনটোতে আছিল তেওঁৰ ওপজা দিন। জন্মদিনত হিয়াভৰা শুভেচ্ছাৰে উপচাই পেলাইছিল শুভাকাংক্ষীয়ে আৰু আনফালে ৰাতিপুৱা পত্নীৰ পৰা অহা খবৰটোৱে যেন মুখৰ মাত হেৰাই পেলালে এগৰাকী অভিনেতাৰ ৷ এগৰাকী অভিনেতাৰ মঞ্চৰ অভিনয়ৰ পিছত বাস্তৱত ঘটিল এই শোকাৱহ ঘটনা।
পিতৃ এই সংসাৰত নথকাৰ খবৰ লাভ কৰাৰ পিছতো বুকুত সাহস গোটাই দুঘণ্টা সময় নিজৰ চাৰিচকীয়া বাহন চলাই উপস্থিত হ’ল নিজ বাসগৃহত৷ নলবাৰী জিলাৰ পূৱ বনগাঁও নিবাসী ভ্ৰাম্যমাণ জগতৰ এগৰাকী সুদক্ষ অভিনেতা নিৰ্মল দত্ত৷ এগৰাকী সুদক্ষ অভিনেতা হিচাপে ইতিমধ্যে দত্তই নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে৷
যোৱা বৃহস্পতিবাৰে এই গৰাকী বিশিষ্ট অভিনেতাৰ আছিল ওপজা দিন৷ এই ওপজা দিনটোত শুভাকাংক্ষীৰ শুভেচ্ছাৰে উপচাই পেলোৱা হৈছিল বিশিষ্ট অভিনেতা জনক৷ কিন্তু ওপজা দিনটোতে ৰাতিপুৱা পত্নীৰ পৰা লাভ কৰিছিল দুঃসংবাদটো৷ পত্নীৰ পৰা এই সংবাদটো লাভ কৰি ওদালগুৰিত চলি থকা ৰাজমুকুট থিয়েটাৰৰ পৰা পোনে পোনে আহি নিজ বাসগৃহত উপস্থিত হৈ পিতৃৰ মুখাগ্নি কৰি পুনৰ উভতি যায় ৰাজমুকুট থিয়েটাৰ স্থলীলৈ৷
তাৰ পিছতে অভিনেতা গৰাকীয়ে বুকুত সাহস বান্ধি পত্নী তথা শুভাকাংক্ষীৰ সাহস তথা মৰমলৈ ৰাজমুকুট থিয়েটাৰৰ “ব্ৰক্ষ্মচাৰী” নাটকত বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ মাজত আলোড়ন তোলে৷ বৰ্তমানো অভিনেতা নিৰ্মল দত্ত ওদালগুৰিতে আছে৷ পিতৃহীন হোৱা অভিনেতাগৰাকীক সকলো সতীৰ্থই সান্ত্বনা দিয়াৰ লগতে তেওঁৰ অভিনয়ৰ প্ৰতি থকা নিষ্ঠাক চেল্যুট জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















