অসম লাইভ২৪ঃ ইলিয়ানা বলীউডৰ পৰিচিত মুখ। ইলিয়ানাই অভিনয় কৰিছে বৰফি, ৰুস্তম, ৰেড আদিৰ দৰে বহুচৰ্চিত চিনেমাত। ৰণবীৰ কাপুৰ, অক্ষয় কুমাৰ, অজয় দেৱগনৰ দৰে অভিনেতাৰ সৈতে কাম কৰিছে ইলিয়ানাই। সেই পৰিচিত অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজৰ জীৱনত নতুন অধ্যায়ৰ সূচনা হৈছে। ৰীল লাইফত নহয় ৰীয়েল লাইফতেই বৃহৎ সালসলনি আহিছে ইলিয়ানাৰ। মাতৃ হ’বলৈ ওলাইছে ইলিয়ানা। নিজেই সামাজিক মাধ্যমত ভগাই লৈছে এই ভাল খবৰটো।
শিশুৰ কাপোৰ শ্বেয়াৰ কৰি লিখিছে, ‘এণ্ড শ্ব দ্যা এডভেন্সাৰ বিগিনছ’ অৰ্থাৎ নতুন এক ৰোমাঞ্চৰ সূচনা। অন্য এখন ছবি শ্বেয়াৰ কৰি ইলিয়ানাই দেখুওৱাইছে মামা নামৰ এটা লকেট। ইনষ্টাগ্ৰামত এই সুখবৰ শ্বেয়াৰ কৰিছে ইলিয়ানাই। ছবিকেইখন শ্বেয়াৰ কৰি ইলিয়ানাই লিখিছে, ‘তোমাৰ চাবৰ বাবেই অপেক্ষা কৰি আছো।’ সন্তানৰ আগমনক লৈ খুবেই উৎসাহী তেওঁ। কিন্তু সন্তানৰ পিতৃৰ পৰিচয় গোপনে ৰাখিছে ইলিয়ানাই। সামাজিক মাধ্যমত এই কথা শ্বেয়াৰ কৰাৰ পাছতেই বহুতেই লিখিছে, এই সন্তানৰ পিতৃ কোন? বহুতে নিজাধৰণেই সন্দেহ কৰিছে একাংশক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ