• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধায়ক পবিন্দ্ৰ ডেকাৰ পদত্যাগ পত্ৰত কি আছে?

বিধায়ক পবিন্দ্ৰ ডেকাৰ পদত্যাগ পত্ৰত কি আছে?

5 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

2 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

3 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

3 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

4 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

5 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

5 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

6 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

7 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

8 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

8 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

9 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিধায়ক পবিন্দ্ৰ ডেকাৰ পদত্যাগ পত্ৰত কি আছে?

editor by editor
December 15, 2020
in অসম, ৰাজনীতি
0
বিধায়ক পবিন্দ্ৰ ডেকাৰ পদত্যাগ পত্ৰত কি আছে?
0
SHARES
867
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

(অগপ সভাপতি অতুল বৰালৈ বিধায়ক পবিন্দ্ৰ ডেকাই লিখা পত্ৰ অসম্পাদিত ৰূপত)

প্ৰতি

শ্ৰীযুত অতুল বৰা                                                                                                                           তাৰিখঃ১৫-১২-২০২০

মাননীয় সভাপতি

অসম গণ পৰিষদ

আমবাৰী, গুৱাহাটী, অসম

মহাশয়,

নমস্কাৰ ল’ব।

অসমৰ জনসাধাৰণে অতি বেদনাৰে লক্ষ্য কৰিছে যে বিগত বছৰ কেইটাত অসম গণ পৰিষদ দল অসমৰ জনসাধাৰণৰ স্বাৰ্থবিৰোধী কাৰ্যকলাপত লিপ্ত হৈ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অস্তিত্ব বিপন্ন কৰি তুলিছে। আপোনাকে ধৰি দলৰ কেইজনমান নেতাই স্বেচ্ছাচাৰিভাৱে কাম-কাজ কৰি দলৰ মূল লক্ষ্য, উদ্দেশ্য আৰু আদৰ্শত কুঠাৰাঘাত কৰি দলটো ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। দলটো বৰ্তমান মিত্ৰজোঁটৰ দোহাই দি ভাৰতীয় জনতা পাৰ্টীৰ সম্পূৰ্ণ আজ্ঞাবাহী হৈ পৰিছে আৰু আঞ্চলিকতাবাদী তথা জাতীয়তাবাদী চিন্তা-চৰ্চাৰ পৰা সম্পূৰ্ণ আঁতৰি আহিছে। আপোনালোকৰ এনে কাৰ্যই অসম গণ পৰিষদৰ প্ৰতি থকা ৰাইজৰ আস্থা-বিশ্বাস হেৰুৱাই পেলাইছে আৰু দলটো যে অনতিপলমে ভাৰতীয় জনতা পাৰ্টীত জাহ যাব- তাত অসমৰ ৰাইজৰ পতিয়ন গৈছে।

অসমৰ জাতীয় অস্তিত্বৰ সম্পূৰ্ণ পৰিপন্থী ‘নাগৰিকত্ব সংশোধনী আইন’ৰ প্ৰতি সংসদৰ মজিয়াত সমৰ্থন জনোৱা কাৰ্যই অগপৰ স্বৰূপ উদঙাই দিলে যে এই দল এতিয়া অসমৰ জনসাধাৰণৰ পক্ষত নাই। তাৰ পাছতো আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনখন বিৰোধ কৰা দেখুৱাই আবেদন দাখিল কৰি দলটোক ৰাইজৰ হাঁহিয়তাৰ পাত্ৰ কৰি তুলিছে। ‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতি সামান্যতমো শোকপ্ৰকাশ কৰা দূৰৰে কথা, আনকি চৰকাৰৰ এনে নিৰ্মম হত্যাকাণ্ডৰ প্ৰতিবাদো কৰিব নোৱাৰিলে অগপই-ই অতি বেদনাদায়ক আৰু লজ্জাজনক। ‘কা’ আন্দোলনৰ অন্যতম নেতা অখিল গগৈক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে যোৱা এবছৰ ধৰি চৰকাৰে বন্দী কৰি ৰাখিছে-চৰকাৰৰ এনে দুষ্কাৰ্যৰ প্ৰতিবাদ কৰিবলৈ সাহস নকৰি গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি অগপই বুঢ়াআঙুলি দেখুৱাইছে।

বৃহৎ নদীবান্ধ বিৰোধিতা কৰি থাকিব বুলি দিয়া প্ৰতিশ্ৰুতি অগপই ৰক্ষা কৰিব পৰা নাই-বৰঞ্চ পৰোক্ষভাৱে তাক সমৰ্থন দি অসমৰ মানুহক বিশ্বাসঘাতকতা কৰিছে। ৰাজ্যখনৰ বিদ্যুৎ সেৱা, তৈলক্ষেত্ৰসমূহ, ,বিমানবন্দৰ আদি ব্যক্তিগতকৰণৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগপ দলে আজিও বিৰোধিতা কৰা নাই। বৰং এইবোৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি সহমত হে প্ৰকাশ কৰা দেখা গৈছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে তিনিখন নতুন কৃষি আইন বলৱৎ কৰি ভাৰত তথা অসমৰ কৃষকৰ মুখৰ ভাত কাঢ়ি খোৱাৰ ব্যৱস্থা কৰিছে। অগপ দলে আজিলৈ কেন্দ্ৰীয় চৰকাৰৰ এনে চূড়ান্ত কৃষকবিৰোধী কাৰ্যৰ আজিও প্ৰতিবাদ কৰা নাই। ই এক সাঁথৰ হৈ পৰিছে।

বৰ্তমান ৰাজ্য চৰকাৰখনৰ প্ৰতিটো নিয়োগ ব্যৱস্থাক লৈ হোৱা অবাধ দুৰ্নীতি, এনে দুৰ্নীতিত দল আৰু চৰকাৰৰ বহুসংখ্যক নেতা-পালিনেতা জড়িত হৈ পৰা, নামমাত্ৰ তদন্ত কৰি অসমৰ ৰাইজক আভুৱা ভৰা সম্পৰ্কত অগপ আৰু অগপৰ মন্ত্ৰী তিনিওজনে কোনো মাত মতা নাই। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে অগপ দল, বিজেপি দল আৰু চৰকাৰৰ দুৰ্নীতি আৰু কু-শাসনৰ অংশীদাৰ হৈ পৰিছে। বয়বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমস্যাৰ ক্ষেত্ৰত দলটোৱে কোনো মাত মতা নাই অথচ এই বিষয়ে ব্যৱস্থা গ্ৰহণৰ দায়িত্ব মন্ত্ৰীসভাৰ অগপ সদস্যৰ ওপৰত ন্যস্ত।

আটাইতকৈ দুৰ্ভাগ্যজনক কথা এই যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ‘অসম চুক্তি’ৰ আধাৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰে গঠন কৰা দলটোৱে এই বিষয়ত ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে।

অসম চুক্তিৰ ৬নং দফাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সমিতিৰ প্ৰতিবেদনখন মাহৰ পাছত মাহ ধৰি দিছপুৰতে পেলাই থোৱা হৈছে, অথচ মন্ত্ৰীসভাত থকা অগপৰ তিনিগৰাকী মন্ত্ৰী মনে মনে বহি আছে। এনে কাৰ্যই প্ৰমাণ কৰিছে যে মন্ত্ৰিত্বহে শেষ আশা আৰু একমাত্ৰ লক্ষ্য অগপৰ মন্ত্ৰী তিনিওজনৰ।

পবিন্দ্ৰ ডেকাৰ পদত্যাগ পত্ৰ (পৃষ্ঠা-১)
পবিন্দ্ৰ ডেকাৰ পদত্যাগ পত্ৰ (পৃষ্ঠা-২)

এনে এক অৱস্থাত অসমৰ ৰাইজে এতিয়া বুজি উঠিছে যে অগপৰ দ্বাৰা অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব সুৰক্ষিত নহ’ব। অসমৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ আধাৰত গঢ়ি উঠা অসমৰ অস্তিত্ব অগপ দলে বিলুপ্ত কৰাৰ ষড়যন্ত্ৰতহে লিপ্ত হৈ পৰিছে। এনেকৈ দলৰ কেইজনমান স্বাৰ্থন্বেষী কেন্দ্ৰীয় নেতাই দলটোৰ হাজাৰ হাজাৰ তৃণমূল কৰ্মীক কুঠাৰাঘাত কৰি দলটোৰ অৱশিষ্টখিনিও শ্মশানঘাটলৈ নিয়াৰ বাবে সাঙীত তুলিছে দ্বিধাহীনভাৱে।

অসমৰ জাতীয় স্বাৰ্থক জলাঞ্জলি দিয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ কথামতে উঠ-বহ কৰা অগপ দলৰ লগত সম্পৰ্ক বজাই ৰখাটো সেই বাবেই মোৰ বাবে অসম্ভৱ হৈ পৰিছে। সেয়েহে আজি এই মুহূৰ্ততে মই অসম গণ পৰিষদৰ লগত সকলো সম্পৰ্ক ছেদ কৰিলো আৰু অগপৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলো।

ইতি

বিনীত

পবিন্দ্ৰ ডেকা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AGPassam politicspabindra dekaresign
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?
অসম

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

May 21, 2026
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?
জীৱনশৈলী

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

May 20, 2026
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
Next Post
আজমলক ৰুধিবলৈ বিজেপিৰ গেম প্লান

আজমলক ৰুধিবলৈ বিজেপিৰ গেম প্লান

’২১ত সৰুপথাৰৰ বিজেপি প্ৰার্থী হ’ব ৰ’জলীনা তির্কী

’২১ত সৰুপথাৰৰ বিজেপি প্ৰার্থী হ’ব ৰ’জলীনা তির্কী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.