যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ চুমীত আৱদ্ধ সকলো ভাৰতীয় শিক্ষাৰ্থীকে উদ্ধাৰ কৰা হৈছে৷ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে৷
মংগলবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ চুমী চহৰত আৱদ্ধ ৬৯৪ গৰাকী ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰি প’লটাভালৈ অনা হৈছে৷
‘‘যোৱা নিশা মই নিয়ন্ত্ৰণ কক্ষ পৰীক্ষণ কৰিছো, চুমীত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকল আজি বাছেৰে প’লটাভালৈ যাত্ৰা কৰিছে৷’’ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয়৷
লগতে পঢ়ক চীন-ভাৰতৰ সীমান্ত সমস্যা : দুয়ো দেশৰ মাজত অনুষ্ঠিত হ’ব উচ্চ পৰ্যায়ৰ আলোচনা
চুমীত চিকিৎসা বিজ্ঞান অধ্যয়নৰত এগৰাকী শিক্ষাৰ্থীয়ে ইতিমধ্য তেওঁলোক প’লটাভালৈ বাছত উঠা বুলি প্ৰকাশ কৰিছে৷ প্ৰেছ ট্ৰাষ্ট ইণ্ডিয়া-এ শিক্ষাৰ্থীগৰাকীৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে৷
‘‘আমি ইতিমধ্যে প’লটাভালৈ ৰাওনা হৈছো৷ সকলো বিপদ বিঘিনী পাৰ কৰি আমি নিৰাপদে তাত উপস্থিত হ’বলৈ প্ৰাৰ্থনা কৰিছো৷’’ শিক্ষাৰ্থীগৰাকীৰ উদ্ধৃতিৰে পিটআই-এ এইদৰে প্ৰকাশ কৰিছে৷
ইফালে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে টুইট কৰি কৈছে যে আইৰ্পিনৰ চহৰ চুমী পৰা ৰাজধানী কীয়েভ হৈ প’লটাভালৈ সাধাৰণ লোকসকলক উদ্ধাৰ কৰিবলৈ এক সেউজ ক’ৰিডৰ নিৰ্মাণ কৰা হৈছে৷
লগতে পঢ়ক ৰাছিয়াই প্ৰকাশ কৰিছে শত্ৰু ৰাষ্ট্ৰৰ তালিকা! কোন কোন ৰাষ্ট্ৰ আছে এই তালিকাত?
টুইটাৰত ভিডিঅ’ শ্বেয়াৰ কৰি ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে ৰাছিয়াই ইউক্ৰেইনত মানৱ ক’ৰিডৰ নিৰ্মাণৰ বাবে সন্মত হ’ব বুলিও আশা প্ৰকাশ কৰিছে৷
উল্লেখ্য যে চুমী হৈছে ৰাছিয়া সীমান্তৱৰ্তী এখন চহৰ, যিখন চহৰত বহু ভাৰতীয় শিক্ষাৰ্থীয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছিল৷ ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ পৰা ৩৫০ কিলোমিটাৰ আৰু ৰাছিয়াৰ সীমান্তৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চহৰখন যুদ্ধ বিধ্বস্ত হৈ পৰিছে৷
ৰাছিয়াৰ আক্ৰমণত চহৰখনৰ আৱাসী তথা ভাৰতীয় শিক্ষাৰ্থীসকলে খাদ্য আৰু পানীৰ অভাৱত পৰাৰ ভিডিঅ’ সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰিছিল৷ সেয়ে ভাৰতীয় শিক্ষাৰ্থীসকলৰ জীৱনকলৈ সংশয়ৰ সৃষ্টি হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















