প্ৰেম মানি নোলোৱাই ভুল! মহানগৰীত যুৱকে নিৰ্যাতন চলালে যুৱতীক, কোনোমতে পলাই প্ৰাণ ৰক্ষা
দিনে দিনে যেন অপৰাধৰ থলী হৈ পৰিছে গুৱাহাটী মহানগৰী। পুনৰ আন এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰেম মানি নোলোৱাৰ বাবেই এগৰাকী যুৱতীক নিৰ্যাতন যুৱকৰ।
কোনোমতে প্ৰাণ ৰক্ষা কৰি যুৱতীগৰাকী পলাই আহি আৰক্ষীৰ কাষ চপাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। পূৰ্বৰে পৰা ভাল বন্ধুত্ব থকা যুৱক-যুৱতীহাল বহু দিনৰে চিনাকি।
সেই চিনাকি সূত্ৰেই যুৱকে প্ৰেমৰ প্ৰস্তাৱ দিছিল যুৱতীক। পাছে কেৱল বন্ধু বুলি ভৱা যুৱতীয়ে প্ৰত্যাখ্যান কৰে সেই প্ৰেমৰ। যি কথাতে ক্ৰোধান্বিত হৈ যুৱকে পুনৰ আগবঢ়াই প্ৰেমৰ প্ৰস্তাৱ।
এইবাৰ প্ৰথমে এক ভাড়াঘৰলৈ ফুচুলাই নি পুনৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই, পাছে এইবাৰো যুৱতীয়ে সেয়া প্ৰত্যাখ্যান কৰাত এচিড ঢালি প্ৰাণে মৰাৰ ভাবুকি দিয়ে যুৱকে। লগতে ধৰ্ষণৰো অপচেষ্টা চলায়।
কোনোমতে প্ৰাণ লৈ সেই স্থানৰ পৰা পলায়ন কৰি যুৱতী কাষ চাপে দিছপুৰ আৰক্ষীৰ। তেতিয়াই পোহৰলৈ আহে সমগ্ৰ ঘটনা। আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি সেই অভিযুক্ত যুৱকৰ নাম হৃদয় ডেকা।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ পলাতক অৱস্থাত আছে অভিযুক্ত যুৱক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ