আফগানিস্তানৰ দৰে হ’বলৈ গৈ আছে বাংলাদেশ! দেশখনত মহিলাৰ ফুটবলত খেলাত বাধা
আফগানিস্তানত তালিবানে মহিলাৰ বাবে বহু ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি মহিলাৰ স্বাধীনতাত হেঙাৰ হৈ থিয় দিয়াৰ লেখিয়া এইবাৰ ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশতো মহিলাৰ ক্ষেত্ৰত আহিছে বহু বাধা। মহিলাৰ এখন ফুটবল খেল হোৱাত বাধা দেশখনত। যাৰ পাছতে এতিয়া উত্থাপন হৈছে আফগানিস্তানৰ দৰেই হব নেকি বাংলাদেশ!
মোহম্মদ ইউনিছ শাসনাধীন বাংলাদেশত হিন্দু বিৰোধী কাৰ্যকলাপ হৈ থকাৰ মাজতে বহু হিন্দুৰ ওপৰত আক্ৰমণো হৈছে। তাৰে মাজতে এইবাৰ দেশখনৰ মুছলমান মহিলাৰ ওপৰত আহিছে বাধা-নিষেধাজ্ঞা।
দেশখনত এতিয়া মহিলাই ফুটবল খেলাটো ইছলাম বিৰোধী হৈ পৰাৰ দৰে হৈ পৰিছে। বাংলাদেশৰ প্ৰসিদ্ধ অভিনেত্ৰীৰ ৰেষ্টুৰেণ্ট মুকলিৰ অনুষ্ঠানো কট্টৰপন্থীয়ে বাতিল কৰি দিছিল।
সদ্যহতে দেশখনৰ কট্টৰপন্থী মাদ্ৰাছাৰ বহু ছাত্ৰই একগোট হৈ জনতাক সম্বোধন কৰি কয় যে, মহিলা আমাৰ বাবে বহু সন্মানৰ পাত্ৰ। সেয়ে সমজুৱাকৈ মহিলাই নিজে নিজৰ সন্মান লাঘব কৰিব নালাগে। খেলৰ নামত মহিলাই অনৈতিক কাৰ্য কৰি আছে। সেয়ে সকলোকে ভাবুকি দি কয় , অতি শীঘ্ৰেই এইবোৰ বন্ধ কৰিব লাগে।
ফুটবল খেলৰ সময়তো খেলপথাৰত উপস্থিত হৈ সকলোফালে ভাঙি লণ্ড-ভণ্ড কৰে। ফেচবুক যোগেও লাইভ সম্প্ৰসাৰণ কৰি মহিলাৰ খেলৰ বিৰোধিতা কৰে। খেলপথাৰত কৰা এই আক্ৰমণত প্ৰায় ২০ জন মান লোক আহত হয়। লগতে মহিলাৰ খেলখনো বন্ধ কৰিবলৈ বাধ্য হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ