ভিছাক লৈ কাঢ়া হৈছে মাৰ্কিন প্ৰশাসন৷ এইবাৰ ষ্টুডেণ্ট ভিছা পাবলৈ বিদেশী ছাত্ৰ-ছাত্ৰীসকলে মানিব লাগিব কেইটামান চৰ্ত৷ আৰু যদি কোনোৱে এই সকলো চৰ্ত নামানে তেন্তে কৰ্তৃপক্ষই অবিলম্বে সেই ভিছা বাতিল কৰিব৷ এই বিষয়ক কেন্দ্ৰ কৰি দিল্লীৰ আমেৰিকা দূতাবাসৰ পৰা এক বিজ্ঞাপ্তি জাৰি কৰা হৈছে৷
কি কোৱা হৈছে সেই বিজ্ঞাপ্তিত?
বহুতেই উচ্চশিক্ষাৰ বাবে আমেৰিকালৈ যায়৷ তেওঁলোকে ষ্টুডেণ্ট ভিছাৰ বাবে আবেদন কৰিব লাগে৷ এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিছাৰ বাবে আবেদন কৰিব তেওঁলোকে ছচিয়েল মিডিয়াৰ একাউণ্ট পাব্লিক কৰিব লাগিব৷ মূলত জাতীয় নিৰাপত্তাৰ কথা ভাৱিয়েই এই সিদ্ধান্ত লোৱা হৈছে৷ লগতে কোৱা হৈছে আবেদনকাৰীসকলে অৱশ্যেই তেওঁলোকৰ ছচিয়েল মিডিয়া একাউণ্ট পাব্লিক কৰিব লাগিব যাৰ জৰিয়তে তেওঁলোকৰ সমস্ত তথ্য যাতে চাব পাৰি৷ ইয়াৰ সৈতে আমেৰিকালৈ যোৱাৰ বাবে যিসকলে F, M, আৰু J নন ইমিগ্ৰেণ্ট ভিছাৰ আবেদন কৰিছে তেওঁলোকে ছচিয়েল মিডিয়া একাউণ্ট পাব্লিক কৰিব লাগিব৷ প্ৰতিটো ভিছাৰ সৈতে জাতীয় নিৰাপত্তা জড়িত৷
ছচিয়েল মিডিয়াৰ একাউণ্ট চাইহে তেওঁলোকে ভিছা পাবনে নাপায় সেই বিষয়ে সিদ্ধান্ত লোৱা হব৷ ইয়াৰোপৰি শিক্ষাৰ্থীসকলৰ একাউণ্ট চাই সিদ্ধান্ত লোৱা হব যে তেওঁলোকে আমেৰিকাত থাকিব পাৰিবনে৷ ছচিয়েল মিডিয়াত কোনো ধৰণৰ বিতৰ্কিত পোষ্ট কৰিলেও আবেদনকাৰীৰ ভিছা বাতিল কৰা হব৷ ইয়াৰ পূৰ্বেও বিদেশী ছাত্ৰ-ছাত্ৰীসকলৰ ভিছা সাময়িকভাৱে স্থগিত ৰাখিছিল আমেৰিকাই৷
উল্লেখ্য যে F ভিছা মূলত দিয়া হয় বিশ্ববিদ্যালয় শিক্ষাৰ্থীক, কলেজ বা অন্যান্য শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ বাবে M, J ভিছা দিয়া হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















