অসম লাইভ ২৪ঃ দেশত প্ৰথমবাৰৰ বাবে হিন্দীত প্ৰকাশ হ’ল চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম। মধ্যপ্ৰদেশত হিন্দীভাষাত প্ৰকাশ কৰা চিকিৎসা বিজ্ঞানৰ প্ৰথম বৰ্ষৰ পাঠক্ৰম মুকলি কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। ভূপালত অনুষ্ঠিত এক সভাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিবৰাজ সিঙ চৌহানৰ উপস্থিতিত প্ৰথম বৰ্ষৰ বাবে প্ৰকাশিত হিন্দী ভাষাৰ পাঠ্যক্ৰম মুকলি কৰে গৃহমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানতটোত উপস্থিত থাকে মধ্যপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী বিশ্বাস কৈলাশ চাৰাঙো।
অনুষ্ঠানতেই গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘আজি দেশৰ শিক্ষাখণ্ডৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আগন্তুক সময়ত যেতিয়া আজিৰ সময়ক ইতিহাসৰ পাতত সন্নিবিষ্ট কৰা হ’ব, তেতিয়া এই দিনটোক সোণালী আখৰেৰে সন্নিবিষ্ট কৰা হ’বই। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিঙ চৌহানে দেশত প্ৰথমবাৰৰ বাবে হিন্দীত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা ইচ্ছাক মান্যতা প্ৰদান কৰিছে। জাতীয় শিক্ষা নীতিৰ মাধ্যমত প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃভাষাত শিক্ষা প্ৰদানক বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। এয়া দেশৰ ইতিহাসত এক ঐতিহাসিক সিদ্ধান্ত।’
ইফালে অনু্ষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিবৰাজ সিঙ চৌহানে গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশংসা কৰি ভাষণত কয়, ‘আমাৰ ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ সন্তানেও এতিয়াৰে পৰা পঢ়িব পাৰিব। মেডিকেল কলেজসমূহত সকলো শ্ৰেণীৰ লোকেই শিক্ষাগ্ৰহণ কৰিব পাৰিব। পূৰ্বে ইংৰাজী ভীতিৰ বাবেই বহুসংখ্যকেই মেডিকেল পাঠ্যক্ৰম পঢ়াৰ কথা ভাৱিবই নোৱাৰিছিল। আমি ইংৰাজী অবিহনেও একোজন ছাত্ৰ বা ছাত্ৰীয়ে চিকিৎসক, অভিযন্তা হ’ব পাৰে সেই কথা প্ৰমাণ কৰি দেখুওৱাম। হিন্দী মাধ্যমত শিক্ষাগ্ৰহণ কৰিও একোজন ব্যক্তি আগুৱাই যাব পাৰে সেই কথা প্ৰমাণ কৰি দেখুওৱাম।’
উল্লেখ্য যে, সাম্প্ৰতিক সময়ত দেশত হিন্দী আগ্ৰাসনৰ বিষয়টোক লৈ কেন্দ্ৰৰ বিৰুদ্ধে বাৰে বাৰে অভিযোগ উত্থাপিত হৈছে। চৰকাৰী কাম-কাজ, তথা যোগাযোগৰ মাধ্যম হিচাপে হিন্দী ভাষাৰ ব্যৱহাৰ সন্দৰ্ভত অমিত শ্বাহে দাখিল কৰা প্ৰতিবেদনক লৈ দেশজুৰি আৰম্ভ হৈছে বিতৰ্ক। বিশেষভাৱে দক্ষিণৰ ৰাজ্যসমূহে এই বিষয়টোক লৈ তীব্ৰ আপত্তিও দৰ্শাইছে। বিৰোধী দলসমূহেও সমালোচনা কৰিছে বিজেপি চৰকাৰক। তেনে সময়তে মধ্যপ্ৰদেশত হিন্দীত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ হোৱাটোৱে দেশত হিন্দী ভাষাৰ গুৰুত্ব বঢ়োৱাৰেই এক পদক্ষেপ বুলি সচেতন মহলে মন্তব্য কৰা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ