কেন্দ্ৰই ১৯৫৮ চনত উত্তৰ-পূবৰ ৰাজ্যসমূহত উগ্ৰপন্থী কাৰ্যকলাপ মোকাবিলা কৰিবলৈ সেনাক অতিৰিক্ত ক্ষমতা প্ৰদান কৰিবলৈ সেনা বাহিনী বিশেষ ক্ষমতা আইন(AFSPA) প্ৰণয়ন কৰিছিল।
উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চল বিশেষকৈ মণিপুৰৰ ৰাজধানী ইম্ফল বাদে বাকী অঞ্চলসমূহ, অৰুণাচল প্ৰদেশৰ তিনিখন জিলাৰ বাহিৰে সমগ্ৰ অসম, নাগালেণ্ডত AFSPA বলবৎ হৈ আছে।
শেহতীয়াকৈ কেন্দ্ৰই নাগালেণ্ড, মণিপুৰ আৰু অসমৰ কিছু অংশৰ পৰা সশস্ত্ৰ বাহিনীবিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা ঘোষণা কৰিছে।
লগতে পঢ়ক প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান
উল্লেখ্যে যে দীৰ্ঘ দিন ধৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা AFSPA প্ৰত্যাহাৰ বাবে জনসাধাৰণে আন্দোলন, বিক্ষোভ, অনশন আদি কৰি আহিছে৷ যোৱা বছৰ ডিচেম্বৰত নাগালেণ্ডত কেইবাজনো স্থানীয় বাসিন্দাক উগ্ৰপন্থীৰ সন্দেহত সেনা জোৱানেই গুলীয়াই হত্যা কৰিছিল৷ ইয়াৰ পিছতে বিতৰ্কিত আইনখন প্ৰত্যাহাৰৰ দাবীত উত্তৰ-পূৰ্বাঞ্চলত পুনৰ নতুন মাত্ৰাত আন্দোলন আৰম্ভ কৰা হৈছিল।
সেই আন্দোলনৰ সময়তে কেন্দ্ৰই উত্তৰ-পূবত AFSPA ৰূপায়ণৰ পৰ্যালোচনা কৰিবলৈ এখন সমিতি গঠন কৰি দিছিল। এই সমিতিৰ পৰ্যালোচনাৰ পিছতে গৃহ মন্ত্ৰালয়ে শান্তি-শৃংখলা বিঘ্নিত নোহোৱা বা তেনেধৰণৰ কোনো সমস্যা নথকা অঞ্চলবোৰৰ পৰা পৰ্যায়ক্ৰমে AFSPA উঠাই লোৱা হ’ব পাৰে বুলি প্ৰকাশ কৰিছিল।
লগতে পঢ়ক পৰাজয় নিশ্চিত! হতাশ ৰাছিয়ান সেনা, নিৰ্দেশ অমান্য কৰি নষ্ট কৰিছে নিজৰে অস্ত্ৰ-শস্ত্ৰ
সেই প্ৰক্ৰিয়াৰ এক অংশ হিচাপে বৃস্পতিবাৰে কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে পৰ্যায় ক্ৰমে উত্তৰ পূৰ্বাঞ্চলৰ পৰা পৰ্যায় ক্ৰমে AFSPA প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰি বুলি ধাৰণা কৰা হৈছে৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট যোগে সেই কথা স্পষ্ট কৰিছে৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটাৰত লিখিছে, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ভাৰত চৰকাৰে কেইবা দশকৰ পিছত নাগালেণ্ড, মণিপুৰ আৰু অসমৰ AFSPAৰ অধীনত অশান্ত অঞ্চলসমূহৰ পৰিসৰ হ্ৰাস কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।’’
তেওঁ লগতে কয় যে কেন্দ্ৰৰ এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলত শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















