জে’লৰ পৰা নিৰ্বাচন খেলিয়েই সাংসদ হ’ল অমৃতপাল সিং৷ অসমৰ জে’লত আৱদ্ধ হৈ আছে খালিস্তানী নেতা অমৃতপাল সিঙ৷ সাংসদ হৈয়ো কাৰাগাৰতেই দিন কটাব লগা হৈছে অমৃতপালে৷ সেয়ে এইবাৰ পৰিয়ালে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ অমৃতপালক জে’লৰ পৰা ওলিয়াই নিবলৈ আহিছে আমেৰিকাৰ অধিবক্তা৷ অমেৰিকাৰ শিখ অধিবক্তা যশপ্ৰীত সিং অচিৰেই আহিব ভাৰতলৈ৷ দেশলৈ আহিয়েই অমৃতপালক কাৰাগাৰৰ পৰা ওলোৱাৰ ব্যৱস্থা গঢ়ি তুলিব বুলি সামাজিক মাধ্যমত একাংশই চৰ্চা কৰা পৰিলক্ষিত হৈছে৷
অধিবক্তা যশপ্ৰীতে অমৃতপাল সিঙৰ বাবেই ল’গ কৰিছে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছকো৷ কমলাক লগ কৰি অমৃতপালক জে’লৰ পৰা ওলোৱা প্ৰসংগত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে যশপ্ৰীতে৷ যশপ্ৰীতে এই সন্দৰ্ভত এটা ইউটিউব ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ ইউটিউব ভিডিঅ’যোগে যশপ্ৰীতে কয়, ‘মই অমৃতপাল সিঙক ওলিয়াবৰ বাবে বিগত দুমাহত কমলাক ৩বাৰ লগ কৰিছো৷ মই অমৃতপাল সিঙৰ সম্পূৰ্ণ কেছ ডায়েৰী পঢ়িছো৷ অমৃতপালক কিয় জে’লত ৰাখিছে বুজি পোৱা নাই৷ অমৃতপাল দোষী নহয়৷ তেওঁক গ্ৰেপ্তাৰ কৰাটোৱেই ভুল হৈছে৷ মই অমৃতপালক মুকলি কৰিবৰ বাবে আমেৰিকাৰ পৰাই পৰ্যাপ্ত কাম কৰিম৷’
উল্লেখ্য যে কাৰাগাৰত থকা অমৃতপালে পঞ্জাৱৰ খাদুৰ চাহাব লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈছে৷ ডিব্ৰুগড় জে’লত বন্দী অমৃতপালে এদিনো প্ৰচাৰ নচলোৱাকৈয়ে কংগ্ৰেছ প্ৰাৰ্থী কুলবীৰ সিঙক প্ৰায় ২লাখ ভোটত হৰুৱাইছে৷ ২০২৩ চনৰ পৰাই জে’লবন্দী হৈ আছে অমৃতপাল৷ অমৃতপালে নিজেই আত্মসমৰ্পন কৰাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰিছে৷ পঞ্জাৱ আৰক্ষীয়ে এন এছ এৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল অমৃতপালক৷
অমৃতপালক কাৰাবন্দী কৰি ৰখাৰ বিষয়টোক লৈ অধিবক্তা যশপ্ৰীত সিঙৰ মত যে ভাৰতে মানৱীয় প্ৰমূল্যবোধক কমকৈ গুৰুত্ব দিয়ে৷ কিন্তু আমেৰিকাই মানৱীয় মূল্যবোধক গুৰুত্ব দিয়ে৷ সেয়ে যশপ্ৰীতে আমেৰিকাৰ ২০গৰাকীকৈ সাংসদক এই বিষয়টো লৈয়ে লগো কৰিছে৷ তেওঁ এই সন্দৰ্ভত কয় যে, ন্যায়ৰ এটা নীতি আছে সেই নীতি অনুসৰি শাস্তি অপৰাধৰ সৈতে সমান হ’ব লাগে৷ এই বিষয়টোৱে মানৱ অধিকাৰৰ কোণৰ পৰা আমি আমেৰিকাত আলোচনা কৰিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ