• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেজৰীৱালক তিহাৰলৈ পঠিয়ালে আদালতে! কাৰাগাৰৰ কোঠাত কেজৰীক কিয় লাগে গীতা, ৰামায়ণ?

কেজৰীৱালক তিহাৰলৈ পঠিয়ালে আদালতে! কাৰাগাৰৰ কোঠাত কেজৰীক কিয় লাগে গীতা, ৰামায়ণ?

2 years ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

1 hour ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

2 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

2 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

3 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

4 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

4 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

6 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

7 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

7 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

8 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

9 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেজৰীৱালক তিহাৰলৈ পঠিয়ালে আদালতে! কাৰাগাৰৰ কোঠাত কেজৰীক কিয় লাগে গীতা, ৰামায়ণ?

editor by editor
April 1, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
কেজৰীৱালক তিহাৰলৈ পঠিয়ালে আদালতে! কাৰাগাৰৰ কোঠাত কেজৰীক কিয় লাগে গীতা, ৰামায়ণ?
0
SHARES
495
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ED ৰ জিম্মাৰ পৰা সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালক আদালতত হাজিৰ কৰোৱা হয়। আদালতত হাজিৰ কৰোৱাৰ পাছতেই নিজৰ জিম্মাৰ পৰা কাৰাগাৰলৈ পঠিওৱাৰ বাবে আবেদন জনাই। সেই আবেদন মঞ্জুৰ কৰিছে আদালতে। আগন্তুক ১৫ এপ্ৰিল পৰ্যন্ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ প্ৰধান কেজৰিৱালৰ নতুন ঠিকনা হৈ পৰিল তিহাৰ জে’ল।

সোমবাৰে কেজৰিৱালক আদালতলৈ অনাৰ সময়তে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত আপ প্ৰধান তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কেৱল এটা মন্তব্যই দাঙি ধৰে। তেওঁ কয়, ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কৰিছে সেয়া দেশৰ বাবে ভাল নহয়।’ দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ নিৰ্দেশতেই EDৰ জিম্মাত আছিল কেজৰিৱাল। সোমবাৰে সেই ম্যাদ শেষ হৈছে। ম্যাদ শেষ হোৱাৰ পাছতেই আদালতত হাজিৰ কৰোৱা হয় কেজৰিৱালক। কেজৰিৱাল আদালতত উপস্থিত থকাৰ সময়তে কেজৰিৱালৰ পত্নী সুনীতাও আদালতত উপস্থিত আছিল। ইয়াৰোপৰি আদালতত উপস্থিত হৈছিল দিল্লীৰ দুই মন্ত্ৰী অতিশী মাৰলেনা আৰু সৌৰভ ভৰদ্বাজ।

আদালতত ইডিৰ তৰফৰ পৰা জনোৱা হয় যে, কেজৰীৱালে তদন্তত সহযোগিতা কৰা নাই। বহু প্ৰশ্নৰ উত্তৰ দিবলৈকে তেওঁ ৰাজী নহয়। আনকি তেওঁৰ মোবাইলৰ পাছৱৰ্ডো এতিয়ালৈকে দিয়া নাই। ইয়াৰোপৰি ইডিয়ে আদালতত জনোৱা অনুসৰি কেজৰিৱালৰ শাৰীৰিক অৱস্থাৰ কথা ভাৱিয়েই তেওঁৰ স্বাস্থ্য পৰীক্ষাও কৰা হৈছে। প্ৰয়োজনীয় ঔষধো তেওঁক যোগান ধৰা হৈছে।

অন্য হাতে আজিৰে পৰা আৰম্ভ হোৱা কেজৰিৱালৰ কাৰাগাৰ যাত্ৰাত তেওঁ লগত কি কি লৈ যাব পাৰিব সেই সম্পৰ্কে তেওঁৰ অধিবক্তাই জনাইছে কেইবাটাও কথা। আদালতত তেওঁৰ অধিবক্তাই কৰা আৰ্জিমতে কেজৰিৱালক কাৰাগাৰলৈ গ্ৰন্থ লৈ যাবলৈ অনুমতি দিব লাগে। কেজৰিৱালে কাৰাগাৰলৈ তিনিখন গ্ৰন্থ লৈ যাব বিচাৰিছে। সেই বিশেষ গ্ৰন্থ কেইখন হৈছে ভাগৱত গীতা, ৰামায়ণ আৰু সাংবাদিক নীৰজা চৌধুৰীয়ে প্ৰধানমন্ত্ৰী সম্পৰ্কে লিখা এখন গ্ৰন্থ।

ইফালে কেজৰিৱালক গ্ৰেপ্তাৰ কৰা বিষয়টোক এতিয়াও বেআইনী বুলিয়েই দাবী কৰি আছে আপে। একেই সুৰ কেজৰিৱালৰ নিজৰো। তেওঁৰ অভিযোগ, ‘এয়া এক দুৰ্নীতি। এই দুৰ্নীতিৰ আঁৰত EDৰ দুটা উদ্দেশ্য। এক, আপৰ পুলিয়ে-পোখাই উভালি পেলোৱা। দুই, বিজেপিৰ হৈ কাম কৰা।’

উল্লেখ্য যে আৱকাৰি দুৰ্নীতিৰ গোচৰত বিগত ২১ মাৰ্চত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় সংস্থা EDয়ে। ইয়াৰ পূৰ্বে এই গোচৰৰ বাবে সোধপোছ কৰিবলৈ ৯বাৰ কেজৰিৱাললৈ চমন পঠিওৱা হৈছিল। কিন্তু তেওঁ প্ৰতিবাৰেই হাজিৰ হোৱাৰ পৰা বিৰত আছিল। বিগত ২১ মাৰ্চ আছিল নৱমবাৰ হাজিৰ হোৱাৰ দিন। EDৰ কাৰ্যালয়লৈ নগৈ সেইদিনা উচ্চ ন্যায়ালয়লৈ গৈছিল কেজৰিৱাল। ৰক্ষাকৱছৰ আৱেদন জনাইছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে। কিন্তু উচ্চ ন্যায়ালয়ে সেয়া খাৰিজ কৰে। তাৰপাছতেই সেই দিনা নিশাই দিল্লীৰ মুখ্যমন্ত্ৰী ভৱনলৈ যায় কেন্দ্ৰীয় সংস্থা EDৰ কেইবাগৰাকীও বিষয়া। প্ৰায় ২ঘণ্টা ধৰি কৰা তালাচিৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

দেশৰ ইতিহাসত কেজৰিৱালেই প্ৰথম মুখ্যমন্ত্ৰী যাব মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতেই গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতেই দিল্লীৰ শাসকদল আপৰ তৰফৰ পৰা জনোৱা হয় যে গ্ৰেপ্তাৰ হ’লেও কেজৰীৱালে পদত্যাগ কৰা নাই। তেওঁ EDৰ জিম্মাৰ পৰাই মুখ্যমন্ত্ৰীৰ সকলো দায়িত্ব পালন কৰিব। ইডিৰ জিম্মাৰ পৰাই তেওঁ দিল্লীৰ মন্ত্ৰীসকলক বিভিন্ন নিৰ্দেশো দি আছে। এই সন্দৰ্ভত গ্ৰেপ্তাৰৰ পাছতেই কেজৰিৱালে কৈছিল, ‘মই কাৰাগাৰত থাকো, বা কাৰাগাৰৰ বাহিৰত থাকো মোৰ হৃদয় সকলো সময়তে দেশৰ বাবেই নিয়োজিত হৈ থাকিব।’ কিন্তু আজিৰ দিনটোত কেজৰিৱালৰ কাৰাগাৰ যাত্ৰা নিশ্চিত হোৱাৰ পাছতেই EDয়ে কৰা দাবী অনুসৰি, ‘আৱকাৰি গোচৰৰ প্রধান নায়কেই হৈছে কেজৰিৱাল। তেওঁৰ বিৰুদ্ধে কেইবাটাও প্ৰমাণ আমাৰ হাতত আছে। আমি সেয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
Next Post
Uber-ত অটো বুক কৰি বিপদ! ৬২টকা ভাড়াৰ স্থানত আহিল ৭কোটিৰ বিল, তাৰপিছত…

Uber-ত অটো বুক কৰি বিপদ! ৬২টকা ভাড়াৰ স্থানত আহিল ৭কোটিৰ বিল, তাৰপিছত...

মঙল গ্ৰহক লৈ অদ্ভুত পৰিকল্পনা এলন মাস্কৰ! মঙলত বসতি পাতিবলৈ কৰিব বিশেষ তিনিটা কাম

মঙল গ্ৰহক লৈ অদ্ভুত পৰিকল্পনা এলন মাস্কৰ! মঙলত বসতি পাতিবলৈ কৰিব বিশেষ তিনিটা কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.