অসম লাইভ ২৪: অসমত ১২৬টা সমষ্টিত ৩টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত ভোটগ্ৰহণ। ২ মে’ত নিৰ্বাচনী ফলাফল ঘোষণা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হ’ব ২ মাৰ্চত, দ্বিতীয় পৰ্যায়ৰ ৫ মাৰ্চত আৰু অন্তি পৰ্যায়ৰ ১২ মাৰ্চত।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৯ মাৰ্চ, দ্বিতীয় পৰ্যায়ৰ ১২ মাৰ্চ আৰু তৃতীয় পৰ্যায়ৰ ১৯ মাৰ্চ। মনোনয়ন পৰীক্ষণ প্ৰথম পৰ্যায়ত ১০ মাৰ্চ, দ্বিতীয় পৰ্যায়ৰ ১৫ মাৰ্চ, তৃতীয় পৰ্যায়ৰ ২০ মাৰ্চ। প্ৰথম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১২ মাৰ্চ, দ্বিতীয় পৰ্যায়ৰ ১৭ মাৰ্চ, তৃতীয় পৰ্যায়ৰ ২২ মাৰ্চ। ৪ মে’ত অন্ত পৰিব নিৰ্বাচনী কাৰ্যক্ৰমণিকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ