অসম লাইভ ২৪ঃ বিশ্ব গড় দিৱসৰ দিনাই ভাৰতত জ্বলাই দিয়া হ’ব ২৪৭৯টা গড়ৰ খৰ্গ৷ ভাৰতত প্ৰথমবাৰৰ বাবে ২২ ছেপ্টেম্বৰত চৰকাৰীভাৱে জ্বলাই দিয়া হ’ব গড়ৰ খৰ্গ৷ বোকাখাত ষ্টেডিয়ামত প্ৰস্তুতি অব্যাহত আছে কাজিৰঙা বন বিভাগৰ নেতৃত্বত৷ সমগ্ৰ কাৰ্যসূচীৰ তদাৰক কৰিছে মুখ্য প্ৰধান বন সংৰক্ষক এম কে যাদৱে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৪৭৯টা খৰ্গ জ্বলাই দিয়া হ’ব বোকাখাত ৰাজহুৱা খেলপথাৰত৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যানত স্বাভাৱিকভাৱে মৃত্যু হোৱা আৰু চোৰাং চিকাৰীয়ে হত্যা কৰাৰ পাছত উদ্ধাৰ কৰি কোষাগাৰত জমা ৰখা ২৬২৩টা খৰ্গ বিশেষজ্ঞ কমিটী আৰু বন বিভাগৰ পৰীক্ষাৰ অন্তত ২৪৭৯টা খৰ্গ জ্বলাই দিব ২২ ছেপ্টেম্বৰত৷ ইয়াৰে ৯৪টা খৰ্গ চৰকাৰে সংৰক্ষণ কৰি ৰাখিব৷ ৫০টা খৰ্গৰ বিৰুদ্ধে বৰ্তমানেও আদালতত গোচৰ চলি আছে৷ কিন্তু চৰকাৰ তথা বন বিভাগৰ খৰ্গ দাহন প্ৰক্ৰিয়াক লৈ বৰ্তমান সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে৷ বিভিন্ন কোষাগাৰত জমা ৰখা খৰ্গ হৰলুকি হোৱাৰে সন্দেহ প্ৰকাশ কৰিছে জাতীয় দল সংগঠনে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই দাহন কাৰ্যসূচী সম্পন্ন কৰিবলৈও আহ্বান জনাইছে চৰকাৰক৷ উল্লেখ্য, পূৰ্বে আফ্ৰিকাত এনেদৰে জ্বলাই দিয়া হৈছিল গড়ৰ খৰ্গ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ