GMCHত জন্মৰ সময়তে তিনি টুকুৰা হৈ ভাঙিল নৱজাতকৰ হাত
কাৰ গাফিলতিৰ বাবে হ’ল এনে, এটি নৱজাতকৰ প্ৰসৱৰ সময়তে তিনি টুকুৰা হৈ ভাঙিল হাত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এই নাভূত-নাশ্ৰুত কাণ্ড। যি ঘটনাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি।
চিকিৎসকৰ গাফিলতিৰ বাবে হাত ভাঙিল সদ্যজাত শিশুৰ। এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে নৱজাত শিশুটিৰ পিতৃ মংগল পাঠকে। তাকো অতিকে কোমল হাত খন এঠাইত নহয়, তিনি ঠাইত হাড় ভঙা।
বিগত ২২ ছেপ্টেম্বৰ দেওবাৰে মংগল পাঠকৰ পত্নীক সন্তান প্ৰসৱৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
ভৰ্তিৰ সময়ত হাস্পতাল কৰ্তৃপক্ষৰ ফালৰ পৰা পিতৃ-মাতৃক কোৱা হৈছিল নৰ্মেল প্ৰক্ৰিয়াৰেই জন্ম হ’ব শিশুটি। কিন্তু চিকিৎসকে হঠাৎ সলনি কৰে সিদ্ধান্ত। পাছত নৰ্মেল প্ৰক্ৰিয়াৰ সলনি শিশুটিক চিজাৰিয়ান প্ৰক্ৰিয়াৰে জন্ম দিয়াৰ কথা সদৰি কৰে।
কিন্তু পাছত যেতিয়া শিশুটিক পিতৃৰ হাতত গতাই , তেতিয়া শিশুটিৰ হাত এখন ভাঙি যোৱা বুলি পোহৰলৈ আহে। X-RAY কৰাত ৰিপ’ৰ্টৰ পিছতে পোহৰলৈ আহে নৱজাতকটিৰ হাত ভঙাৰ তথ্য, তাকো এখন হাত তিনি ঠাইত ভঙাৰ তথ্য। লকগে লগে হাহাকাৰ লাগি যায় হাস্পতালত।
চিকিৎসকৰ অসাৱধানতাৰ বাবে এনে কাণ্ড হোৱাৰ অভিযোগ পিতৃৰ। এই কথা পিতৃয়ে গম পোৱাৰ পিছতেই হাহাকাৰময় পৰিস্থিতি। বৰ্তমান শিশুটিক আইচিইউ কক্ষত ৰখোৱা হৈছে। বৰ্তমানলৈ পিতৃ-মাতৃ কাৰোকে চাবলৈ দিয়া হোৱা নাই শিশুটিক।
এই ঘটনা সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষৰ পৰা জানিবলৈ দিয়া অনুসৰি প্ৰসূতি মাতৃগৰাকীৰ কোনো সমস্যা আছিল, যাৰ বাবেই হঠাতে নৰ্মেলৰ সলনি অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান জন্ম দিয়াই। লগতে নৱজাতকৰ সেই ঘটনা পেথ’লজিকেল ফ্ৰেকচাৰ, তাত কোনো চিন্তাৰ কাৰণ নাই। ই ভাল হৈ যাব বুলি সদৰি কৰাৰ লগতে শিশুটি বৰ্তমানে সম্পূৰ্ণ সুস্থ বুলিও সদৰি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ