গেছ’লিনৰ টেংকাৰৰ ভয়ংকৰ বিস্ফোৰণ, জীৱন্তে জুইত প্ৰাণ হেৰুৱালে ৭৭ লোকে
ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈছে নাইজেৰিয়াত। গেছ’লিন ভৰ্তি টেংকাৰ এখনত হঠাতে হোৱা বিস্ফোৰণত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়, য’ত ৭৭ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। আহত হৈছে বহু লোকে।
আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ মুৰব্বী হুছেইনী ইছাই নিশ্চিত কৰিছে যে এই অগ্নিকাণ্ড। তেওঁ কয় যে ইন্ধন স্থানান্তৰৰ সময়ত সংঘটিত হৈছে এই দুৰ্ঘটনা।
শনিবাৰে পুৱা দেশখনৰ নৰ্থ-চেণ্টাৰৰ চুলেজা অঞ্চলৰ সমীপত এখন টেংকাৰত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ভয়াৱহ অগ্নিকাণ্ড দেখি ৰাইজৰ মাজত আতংক।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, একাংশ লোকে জেনেৰেটৰ ব্যৱহাৰ কৰি এখন টেংকাৰৰ পৰা আন এখন টেংকাৰলৈ গেছলিন স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি আছিল। তেনে সময়তে টেংকাৰখন বিস্ফোৰণ হৈ জুই লাগি যায়।
যাৰ বাবেই গেছলিন স্থানান্তৰ কৰিবলৈ চেষ্টা কৰা লোকসকল ঘটনাস্থলীতে জীৱন্তে জ্বলি ছাই হৈ পৰে। অগ্নিকাণ্ডৰ লেলিহান শিখা দেখি অঞ্চলটোত আতংকৰ সৃষ্টি।
জুই নিৰ্বাপিত হোৱাৰ পিছতে আৰক্ষীয়ে মৃতদেহ বোৰ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আহতসকলকো ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে চৰকাৰী বিষয়াৰ সৈতে আৰক্ষী বিভাগ আৰু প্ৰশাসনৰ বিষয়াসকলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ