সমাজত যেন ক্ৰমশঃ মানুহৰ মানৱীয়তা হ্ৰাস পাবলৈ ধৰিছে৷ সৰু সৰু কথাতে মানুহক মানুহে হত্যা কৰাতো অতি সহজ ঘটনাত পৰিণত হৈছে৷ ইমানেই নহয়, মৰিয়াই মৰিয়াইও মানুহক হত্যা কৰাতো এতিয়া মানুহৰ বাবে তেনে সাধাৰণ ঘটনাত পৰিণত হৈছে৷
পুনৰ তেনে এক অতি নৃশংস ঘটনা পোহৰলৈ আহিছে৷ ঘটনাৰ স্থান বিজেপি শাসিত ৰাজ্য ৰাজস্থানৰ উদয়পুৰত৷
ঘটনাৰ বিৱৰণীৰ মতে তিনিজন যুৱকে ভায়া নামৰ এগকাৰী ১৬ বছৰীয়া কিশোৰক মৰিয়াই মৰিয়াই হত্যা কৰিছে৷
লগতে পঢ়ক নগাঁৱৰ বিলাসী হোটেল পীয়ূষ ৰিজেন্সীত যোৱ ৪ দিনে অভিজাত ব্যৱসায়ীৰে গোপনে কি চলি আছে?
কিশোৰগৰাকীয়ে ‘মোৰ ভুল হ’ল, মোক ক্ষমা কৰক, মোক নামাৰিব’ বুলি কান্দি কান্দি কৰা আহ্বানকো নেওচি তিনি যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰে৷
প্ৰকাশ পোৱা অনুসৰি কিশোৰগৰাকী এজন অ’টো ড্ৰাইভাৰ আছিল৷ কিশোৰগৰাকীৰ অ’টোখনে ভুলক্ৰমে যুৱককেইজনৰ বাইকত সামান্য খুন্দা মাৰে৷ ইয়াৰ পিছতে কিশোৰগৰাকীয়ে অ’টোখন চলাই গুচি যায়৷ তিনি যুৱকে কিশোৰগৰাকীক খেদি খেদি গৈ এঠাইত ৰখাই লৈ মৰিয়াই মৰিয়াই হত্যা কৰে৷
যুৱক তিনিজনে কিশোৰগৰাকীক প্ৰহাৰ কৰি থকাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিলেও কোনো পথচাৰীয়ে তেওঁক ৰক্ষা কৰাৰ বাবে এজনো লোকে আগবাঢ়ি নাহিল৷
লগতে পঢ়ক মাধুৰী দীক্ষিতৰ ফ্লেটৰ ভাৰা কিমান জানেনে? জানিলে আপোনাৰ চকু কপালত উঠিব!
ইয়াৰ পিছতে মুমূৰ্ষ অৱস্থাত কিশোৰগৰাকীক স্থানীয় চিকিৎসালয়লৈ নিয়া হৈ যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু পৰিয়াল আৰু স্থানীয় লোকে চিকিৎসালয়ৰ চৌহদ প্ৰতিবাদেৰে উত্তাল কৰি তোলে৷
স্থানীয় আৰক্ষীয়ে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ভাইৰেল হোৱা ভিডিঅ’ৰ ভিত্তিত হত্যাৰ অভিযোগত ওমপ্ৰকাশ ওৰফে পাপ্পু, মহেন্দ্ৰ সিঙসহ অন্য এক যুৱকক গ্ৰেপ্তাৰ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ