অসম লাইভ ২৪ঃ বিধানসভাৰ অধিৱেশনত সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰূপহী মহাবিদ্যালয়ত নতুন শাখা অনুমোদনৰ আশ্বাস প্ৰদান কৰে। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ এক প্ৰশ্নৰ উত্তৰত ৰূপহীহাট কলেজত নতুন শাখা সংযোজনৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে ৰূপহীহাট কলেজত কি শাখা লাগে সেয়া নিশ্চিত কৰি দিলেই শিক্ষামন্ত্ৰীয়ে তাত অনুমোদন জনাব।
SEE MORE: মাধুৰী দীক্ষিতৰ ফ্লেটৰ ভাৰা কিমান জানেনে? জানিলে আপোনাৰ চকু কপালত উঠিব!
তাৰ পাছত বিধায়ক হুদাই ৰূপহীহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভুৱানানন্দ পাটনায়কৰ লগত কথা পাতি বিজ্ঞান শাখা খোলাৰ সিদ্ধান্তত উপনীত হয় বুলি অধ্যক্ষই সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ বিধায়ক হুদাই নিজস্ব পেডত বিজ্ঞান শাখা বিচাৰি শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি সদৰী কৰে অধ্যক্ষ পাটনায়কে৷ মহাবিদ্যালয়খনত নতুন শাখা অন্তৰ্ভুক্ত হোৱাৰ বিষয়টো বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাত উৎফুল্লিত হৈ উঠিছে কলেজ কৰ্তৃপক্ষ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ